অহা ১ ফেব্ৰুৱাৰী মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ জন্মদিন উপলক্ষে গুৱাহাটী পৌৰ নিগমে স্বচ্ছতাৰ তিনিদিন শীর্ষক বিশেষ কার্যসূচী গ্ৰহণ কৰিছে। গুৱাহাটীত আজি সাংবাদিকৰ সৈতে হোৱা কথা বতৰাত গুৱাহাটী পৌৰনিগমৰ মেয়ৰ মৃগেন শৰণীয়াই কয়, যে মুখ্যমন্ত্ৰী ড° শৰ্মাৰ জন্মদিনৰ সৈতে সংগতি ৰাখি ৩০ জানুৱাৰীত পৌৰ নিগমৰ অন্তৰ্গত ৯ খনকৈ বজাৰ আৰু শতাধিক ৰাজহুৱা শৌচাগাৰ চাফ-চিকুণ কৰা হ’ব। একেদৰে ৩১ জানুৱাৰীত গুৱাহাটীৰ বিভিন্ন স্থানত থকা মহৎ লোকসকলৰ প্ৰতিমূৰ্তিসমূহ চাফ-চিকুণ কৰি বন্তি প্ৰজ্বলন কৰা হ’ব। পহিলা ফেব্ৰুৱাৰীত নামঘৰ, মন্দিৰকে দৰি ধৰ্মীয় স্থানসমূহত গছপুলি ৰোপণ কাৰ্যসূচী গ্ৰহণ কৰা হ’ব। গৃহ নিৰ্মাণৰ অনুমতিৰ ক্ষেত্ৰত থকা জটিলতাসমূহ আঁতৰ কৰোৱাৰ বাবে ১ ফেব্ৰুৱাৰীৰ পৰা ৩১ মাৰ্চলৈ বিশেষ শিবিৰৰ আয়োজন কৰা হৈছে বুলি উল্লেখ কৰি মেয়ৰ শৰণীয়াই পহিলা মাৰ্চৰ ভিতৰত ১৯৭টা গৃহ নিৰ্মাণৰ অনুমতি প্ৰদান কৰি হ’ব বুলি সংবাদমেলত সদৰি কৰে। মিছন ফ্লাড ফ্ৰি আঁচনিৰ অধীনত ৩০৬টা নলা আৰু ৫ খন নদী পৰিষ্কাৰ কৰা হ’ব বুলিও তেওঁ প্ৰকাশ কৰে।
Assamese | January 27, 2025 8:10 PM | CM
অহা ১ ফেব্ৰুৱাৰীত গুৱাহাটী পৌৰ নিগমৰ স্বচ্ছতাৰ তিনিদিন শীর্ষক বিশেষ কার্যসূচী