শিক্ষাৰ্থীৰ সামগ্রিক বিকাশৰ মাধ্যমেৰে ৰাষ্ট্ৰ নিৰ্মাণত অগ্ৰসৰ হোৱা বিদ্যা ভাৰতীৰ পূৰ্বোত্তৰ ক্ষেত্ৰই সৰুসজাই ক্ৰীড়া প্ৰকল্পত প্ৰথমবাৰৰ বাবে আয়োজন কৰা সমউৎকৰ্ষ মহাশিবিৰৰ সামৰণি অনুষ্ঠানত আজি মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাই অংশগ্ৰহণ কৰে। ড° শৰ্মাই কয়, যে শিক্ষাৰ্থীসকলৰ শৰীৰ, মন আৰু আত্মাৰ আত্মসংযোগৰ ক্ষেত্ৰত গুৰুত্ব আৰোপ কৰি এই শিবিৰে তেওঁলোকক সাংস্কৃতিক মূল্যবোধ আৰু সামাজিক দায়বদ্ধতাৰ প্ৰতি সজাগ কৰি তুলিব। শিক্ষাৰ্থীসকলক আত্ম উপলব্ধি, নাগৰিকৰ দায়বদ্ধতা, আৰু পৰিবেশ সংৰক্ষণৰ প্ৰতি সচেতন হ‘বলৈও এই শিবিৰে অনুপ্ৰাণিত কৰিব বুলি মুখ্যমন্ত্ৰীয়ে উল্লেখ কৰে। আজিৰ অনুষ্ঠানত ৫ হাজাৰ ছাত্ৰ-ছাত্ৰীয়ে একেলগে ঘোষ বাদ্য পৰিবেশন কৰাৰ লগতে এহেজাৰ ছাত্ৰীয়ে বিহু নৃত্য পৰিবেশন কৰে।
Assamese | January 31, 2025 8:13 PM | CM
বিদ্যা ভাৰতীৰ পূৰ্বোত্তৰ ক্ষেত্ৰৰ সমউৎকৰ্ষ মহাশিবিৰৰ সামৰণি অনুষ্ঠানত মুখ্যমন্ত্রীৰ অংশগ্ৰহণ