হিমন্ত বিশ্ব শৰ্মাৰ নিৰ্দেশমৰ্মে ২০২৩ বৰ্ষত নতুন ৰূপত সাজু কৰি তোলা এছ টি এফে জেহাদী, অনুপ্ৰৱেশকাৰী আৰু মাদক দ্রব্য সৰবৰাহকাৰীৰ চক্ৰ উৎখাত কৰাৰ ক্ষেত্ৰত সফলতা অৰ্জন কৰিছে। বিগত বছৰটোত আৰক্ষীয়ে চলোৱা অভিযানত ৫৯ কিলোগ্ৰামৰো অধিক হেৰ’ইন আৰু অন্যান্য বৃহৎ পৰিমাণৰ মাদকদ্রব্য জব্দ কৰা হয়। গুৱাহাটী মহানগৰীত যোৱা বছৰটোত মাদক দ্ৰব্যৰ বিৰুদ্ধে চলোৱা অভিযানত ২৬৪ জন লোকক গ্ৰেপ্তাৰ কৰাৰ লগতে বুজন পৰিমাণৰ মাদক দ্রব্য জব্দ কৰা হয় বুলি শ্ৰী সিঙে সংবাদমেলত প্ৰকাশ কৰে।
Assamese | January 7, 2025 1:20 PM | CM
২০২৩ বৰ্ষত নতুন ৰূপত সাজু কৰি তোলা এছ টি এফৰ মাদক দ্রব্য সৰবৰাহকাৰীৰ চক্ৰ উৎখাতত সফলতা