May 22, 2025 11:46 AM

views 72

১ অক্টোবৰৰ পৰা চাহ শ্ৰমিকৰ দৈনিক মজুৰি ২২০ টকাৰ পৰা ২৫০ টকালৈ বৃদ্ধিৰ কথা প্ৰকাশ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ

● ৰাজ্যত সংগীত মহোৎসৱ আয়োজনেৰে পৰ্যটনকেন্দ্রিক অর্থনীতি শক্তিশালী কৰাৰ উদ্দেশ্যে অসম মন্ত্রীসভাই কালি উন্নতমানৰ সংগীতানুষ্ঠান আয়োজনত অনুমোদন জনায়। এই অনুসৰি অহা ৮ ডিচেম্বৰত গুৱাহাটীত প্ৰথমখন বৃহৎ সংগীতানুষ্ঠানৰ আয়োজন কৰা হ'ব। আমেৰিকান ৰেপাৰ প'ষ্ট মেলনে এই অনুষ্ঠানত সংগীত পৰিৱেশন কৰিব। মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাই কালি দেৰগাঁৱত অনুষ্ঠিত ৰাজ্যিক মন্ত্রীসভাৰ বৈঠকৰ পাছত সংবাদমেলত এই বিষয়ে প্ৰকাশ কৰে। তেওঁ কয়, যে পৰৱৰ্তী সময়ত যোৰহাট, ডিব্ৰুগড় আদিতো এনে কনছাৰ্ট বা সংগীতানুষ্ঠানৰ আয়োজন ...

May 19, 2025 7:44 PM

views 54

বিত্তমন্ত্ৰী অজন্তা নেওগৰ উপস্থিতিত কৰ সংগ্ৰহৰ বিভিন্ন বিষয় সন্দৰ্ভত মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মাৰ পর্যালোচনা বৈঠকত অধ্যক্ষতা

মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মাই আজি কৰ ভৱনত বিত্তমন্ত্ৰী অজন্তা নেওগৰ উপস্থিতিত কৰ সংগ্ৰহৰ বিভিন্ন বিষয় সন্দৰ্ভত এখন পর্যালোচনা বৈঠকত অধ্যক্ষতা কৰে। মুখ্যমন্ত্ৰীয়ে ৰাজ্যত সমন্বিত বস্তু আৰু সেৱা কৰ, আই জি এছ টি সংগ্ৰহৰ বৰ্তমান পৰিস্থিতিৰ পৰ্যালোচনা কৰে। তেওঁ আই জি এছ টি সংগ্রহ বৃদ্ধি কৰিবলৈ প্ৰয়োজনীয় আৰু সময়োপযোগী পদক্ষেপ গ্ৰহণ কৰাৰ বাবে সংশ্লিষ্ট কৰ্তৃপক্ষক নির্দেশ দিয়ে। তেওঁ লগতে কৰ সংগ্ৰহৰ ক্ষেত্ৰত থকা সমস্যাসমূহ বিচাৰি উলিয়াই ৰাজহ সংগ্ৰহৰ সমগ্ৰ ব্যৱস্থাটো সুচল কৰি তোলাটো নিশ্চিত কৰ...

April 22, 2025 9:58 AM

views 69

ৰেচন কাৰ্ড থকা পৰিয়ালৰ ছাত্ৰ-ছাত্ৰীয়ে আয়ৰ প্ৰমাণ-পত্ৰ অবিহনে মহাবিদ্যালয়ত বিনামূলীয়াকৈ নামভৰ্তি কৰিব পাৰিবঃ মুখ্যমন্ত্ৰী

● ৰেচন কাৰ্ড থকা পৰিয়ালৰ ছাত্ৰ-ছাত্ৰীয়ে এতিয়াৰে পৰা আয়ৰ প্ৰমাণ-পত্র অবিহনে মহাবিদ্যালয়ত বিনামূলীয়াকৈ নামভৰ্তি কৰিব পাৰিব বুলি মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শর্মাই প্রকাশ কৰিছে। এই সন্দৰ্ভত অচিৰেই চৰকাৰী জাননী প্ৰেৰণ কৰিবলৈ মুখ্যমন্ত্ৰীগৰাকীয়ে শিক্ষামন্ত্ৰী ডা০ ৰণোজ পেগুক আহ্বান জনাইছে। কালি ধেমাজি আৰু ডিগবৈত মিত্ৰজোঁটৰ প্ৰাৰ্থীৰ হৈ পঞ্চায়ত নিৰ্বাচন প্ৰচাৰ চলোৱাৰ সময়ত মুখ্যমন্ত্ৰী ড০ শৰ্মাই এই কথা ঘোষণা কৰিছে। তেওঁ কয়, যে ছাত্ৰ-ছাত্ৰীসকলে এতিয়াৰে পৰা মহাবিদ্যালয়ত নামভৰ্তিৰ বাবে গাঁওবুঢ...

April 9, 2025 3:58 PM

views 56

ৰাজ্যত অমৃত ভাৰত ষ্টেচন আঁচনিৰ অধীনত ৪৭ টা ৰে’ল ষ্টেচনৰ উন্নয়নমূলক কাম অব্যাহত আছে: মুখ্যমন্ত্রী

● ৰাজ্যত অমৃত ভাৰত ষ্টেচন আঁচনিৰ অধীনত ৪৭ টা ৰে'ল ষ্টেচনৰ উন্নয়নমূলক কাম অব্যাহত আছে। মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শর্মাই সামাজিক মাধ্যমযোগে এই কথা প্ৰকাশ কৰিছে। মুখ্যমন্ত্ৰীগৰাকীয়ে আজি কয় যে এই প্ৰকল্পৰ অধীনত বিশেষকৈ দিব্যাংগ যাত্ৰীসকলৰ বাবে পানীৰ বুথ, নতুন পদপথ সেতু, উন্নত সঞ্চালন এলেকা আদিৰ ব্যৱস্থা কৰা হ'ব। ৰাজ্যৰ ৰে'ল আন্তঃগাঁথনিৰ উন্নয়নেৰে আধুনিক তথা সুলভ ৰে'ল অভিজ্ঞতা প্ৰদান কৰিবলৈ চৰকাৰ সাজু হৈছে বুলি তেওঁ প্ৰকাশ কৰে।

March 27, 2025 11:27 AM

views 66

৩ এপ্ৰিলত ২০২৪ বৰ্ষৰ অসম গৌৰৱ সন্মানসমূহ প্ৰদান কৰা হ’ব: মুখ্যমন্ত্ৰী

■ মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মাই লোকসেৱা ভৱনত কালি কেইবাখনো গুৰুত্বপূর্ণ বৈঠকত অংশগ্রহণ কৰে। তেওঁ অহা ৩ এপ্ৰিলত হ'বলগীয়া অসামৰিক সন্মান প্ৰদান কাৰ্যসূচী নিয়াৰিকৈ সম্পন্ন কৰাৰ লক্ষ্যৰে এখন গুৰুত্বপূৰ্ণ বৈঠকত অংশ লয়। উল্লেখযোগ্য যে সমাজৰ প্ৰতি আগবঢ়োৱা প্ৰশংসনীয় সেৱাৰ স্বীকৃতি স্বৰূপে বিভিন্ন ক্ষেত্ৰৰ বিশিষ্ট ব্যক্তিসকললৈ ৰাজ্য চৰকাৰে অসম বৈভৱ, অসম গৌৰৱ সন্মান আগবঢ়াই আহিছে। এই পৰম্পৰা অব্যাহত ৰাখি অহা ৩ এপ্ৰিলত ২০২৪ বৰ্ষৰ এই সন্মানসমূহ প্ৰদান কৰা হ'ব। মুখ্যমন্ত্ৰী ড০ শৰ্মাই বৈঠকত এই কাৰ্...

March 18, 2025 6:41 PM

views 46

শিলচৰৰ এছ এন দেৱ অসামৰিক চিকিৎ‍সালয়ত নতুন ক্রিটিকেল কেয়াৰ ভৱনৰ আধাৰশিলা মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাৰ

মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাই আজি শিলচৰৰ এছ এন দেৱ অসামৰিক চিকিৎ‍সালয়ত নতুন ক্রিটিকেল কেয়াৰ ভৱনৰ আধাৰশিলা স্থাপন কৰে। চিকিৎসালয়খনৰ ৬,৩৩৫ বর্গমিটাৰ এলেকা সামৰি ২৪ কোটি টকা ব্যয়সাপেক্ষে এই ৫০খন বিছনাযুক্ত ক্রিটিকেল কেয়াৰ ভৱনটো নিৰ্মাণ কৰা হ'ব। এই ভৱনত অস্ত্ৰোপচাৰ কক্ষ, ডায়েলেছিছ কক্ষ, শিশু চিকিৎসা কক্ষকে ধৰি উন্নত মানৰ সকলো সা-সুবিধা থাকিব। মুখ্যমন্ত্রীয়ে এই ভৱনৰ আধাৰশিলা স্থাপন কৰি শিলচৰত ২০০খন বিছনাযুক্ত নতুন চিকিৎসালয় ভৱন নিৰ্মাণৰ পৰিকল্পনাৰ কথা জানিবলৈ দিয়ে। মুখ্যমন্ত্ৰীগৰাকীয়ে...

January 1, 2025 3:18 PM

views 75

৯ লাখৰো অধিক লোকে যোৱা বছৰ আধাৰ কাৰ্ড লাভ কৰিছে বুলি মুখ্যমন্ত্রী ডº হিমন্ত বিশ্ব শৰ্মাৰ প্রকাশ

অসমত ৰাষ্ট্ৰীয় নাগৰিক পঞ্জী উন্নীতকৰণৰ সময়ত বায়ামেট্রিক বন্ধ হৈ যোৱা ৯ লাখৰো অধিক লোকে যোৱা বছৰ আধাৰ কাৰ্ড লাভ কৰিছে বুলি মুখ্যমন্ত্রী ডº হিমন্ত বিশ্ব শৰ্মাই প্রকাশ কৰিছে। তেওঁ কয়, যে এই পদক্ষেপে লোকসকলক কোনো অসুবিধা নোহোৱাকৈ সকলো ধৰণৰ চৰকাৰী সেৱাৰ সুবিধা লাভ কৰাত সহায় কৰিব। ইয়াৰ বাবে তেওঁ কেন্দ্ৰ আৰু ৰাজ্যত থকা বিজেপিৰ দ্বৈত ইঞ্জিন চৰকাৰৰ শলাগ লয়।

December 25, 2024 7:39 PM

views 39

কংগ্ৰেছে অকল ৰাজনৈতিক মুনাফাৰ বাবে বি আৰ আম্বেদকাৰৰ নাম ব্যৱহাৰ কৰা বুলি মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ অভিযোগ

কংগ্ৰেছে অকল ৰাজনৈতিক মুনাফাৰ বাবে বি আৰ আম্বেদকাৰৰ নাম ব্যৱহাৰ কৰা বুলি মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই অভিযোগ কৰিছে। গুৱাহাটীত আজি সাংবাদিকৰ সৈতে হোৱা কথা-বতৰাত মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে কংগ্ৰেছে শাসনত থকা সময়ছোৱাত নেহৰু গান্ধী পৰিয়ালৰ নামত ভালেমান প্ৰতিষ্ঠানৰ নামকৰণ কৰিছে যদিও দলটোৱে আম্বেদকাৰৰ নামত কোনো প্ৰতিষ্ঠানৰ নামকৰণ কৰা নাই। তেওঁ লগতে কংগ্ৰেছে কিয় বি আৰ আম্বেদকাৰক ভাৰতৰত্নৰে বিভূষিত কৰা নাছিল বুলি প্ৰশ্ন উত্থাপন কৰে। কংগ্ৰেছৰ কোনো কাৰ্যালয়ত বি আৰ আম্বেদকাৰৰ প্ৰতিমূৰ্তি নাই বু...

December 14, 2024 3:10 PM

views 67

অসম চৰকাৰৰ বিকাশৰ ১২ দিনৰ কাৰ্যসূচী ৰূপায়ণৰ উদ্দেশ্যে গোলাঘাটত উপস্থিত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা

অসম চৰকাৰৰ বিকাশৰ ১২ দিনৰ কাৰ্যসূচী ৰূপায়ণৰ উদ্দেশ্যে আজি ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই গোলাঘাট জিলাৰ সমন্বয় ক্ষেত্ৰত জিলাখনৰ হিতাধিকাৰীসকলৰ মাজত অসম মাইক্ৰ'ফাইনেন্স উদগনি আৰু সকাহ আঁচনিৰ তৃতীয় পৰ্যায়ৰ সাহায্য বিতৰণ অনুষ্ঠানত অংশগ্ৰহণ কৰে। এই অনুষ্ঠানত মুখ্যমন্ত্ৰী শৰ্মাৰ লগতে কেইবাগৰাকী মন্ত্ৰী-বিধায়ক উপস্থিত থাকে। এই অনুষ্ঠানৰ পাছতে মুখ্যমন্ত্রী শর্মাই গোলাঘাটত নির্মিয়মান চিকিৎসা মহাবিদ্যালয় আৰু হাস্পতালৰ লগতে জিলা আয়ুক্ত কাৰ্যালয়ও পৰিদৰ্শন কৰিব। বিকাশৰ ১২ দিনৰ কাৰ্যসূচীৰ অধ...

December 13, 2024 6:21 PM

views 64

যোৰহাট নগৰ পানীযোগান আঁচনিৰ আধাৰশিলা স্থাপন মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ

মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই আজি যোৰহাট নগৰ পানীযোগান আঁচনিৰ আধাৰশিলা স্থাপন কৰে। যোৰহাট জিলাৰ বিকাশৰ ১২ দিন কাৰ্যসূচীৰ অংশ হিচাপে জিলাখনৰ মুঠ ১২ হেজাৰ ৬৪৭ গৰাকী ঋণীলৈ মাইক্ৰ'ফাইনেন্স উদগনি আৰু সকাহ আঁচনি ২০২১ৰ অধীনত ঋণ মকুব প্ৰমাণ পত্ৰ বিতৰণ কৰা হয়। আজিৰ এই অনুষ্ঠানতে প্রধানমন্ত্রী ক্ষুদ্র খাদ্য সংসাধন উদ্যোগৰ আনুষ্ঠানিকৰণ আঁচনিৰ অধীনত ৩৬৬ গৰাকীলৈ মূলধনী বিনিয়োগৰ ৰাজসাহায্য আৰু দুৰ্যোগ ক্ষতিগ্ৰস্ত ৫টা পৰিয়াললৈ আৰ্থিক সাহায্য আগবঢ়োৱা হয়। অনুষ্ঠানত জনস্বাস্থ্য কাৰিকৰী বিভাগৰ মন্ত্ৰী জ...