July 14, 2025 10:33 AM

views 54

বানপীড়িত অঞ্চলসমূহৰ মহিলা তথা শিশুসকলৰ স্বাস্থ্যক অগ্ৰাধিকাৰ দিয়াৰ কথা প্ৰকাশ মুখ্যমন্ত্ৰীৰ

● ৰাজ্য চৰকাৰে বানপীড়িত অঞ্চলসমূহৰ মহিলা তথা শিশুসকলৰ স্বাস্থ্যক অগ্ৰাধিকাৰ দিয়া বুলি মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মাই প্ৰকাশ কৰিছে। মুখ্যমন্ত্ৰীগৰাকীয়ে কালি গোলাঘাট জিলাৰ কেইবাটাও আশ্রয় শিবিৰ পৰিদৰ্শন কৰি জিলাখনৰ শেহতীয়া বান পৰিস্থিতিৰ বুজ লৈ এই মত প্ৰকাশ কৰে। তেওঁ মৰঙি ৰাজহ চক্ৰৰ অধীনৰ মিঠা আম চাপৰিৰ বান প্ৰভাৱিত অঞ্চলসমূহ পৰিদৰ্শন কৰাৰ লগতে ৰাইজৰ সৈতে মত- বিনিময় কৰে। মুখ্যমন্ত্ৰীগৰাকীয়ে তদুপৰি বান সাহায্য শিবিৰসমূহৰ কাম-কাজৰ অগ্ৰগতিৰো বুজ লয়। তেওঁ শিমলুচাপৰি প্ৰাথমিক বিদ্যালয়ত থকা...

July 5, 2025 1:48 PM

views 46

বাক্সাৰ জালাহত বিজেপিৰ কৰ্মী সন্মিলনত মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মা উপস্থিত থাকিব

● মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মাই আজি বাক্সাৰ জালাহত বিজেপিৰ কৰ্মী সন্মিলনত ভাগ ল'ব। ভ্ৰমণকালত মুখ্যমন্ত্ৰীগৰাকীয়ে জিলাখনত গ্রহণ কৰা উন্নয়ন প্রচেষ্টাসমূহৰ বুজ ল'ব। তেওঁ লগতে জনসাধাৰণৰ সৈতে সৈতে চৰকাৰী আঁচনি আৰু ৫টা মণ্ডলৰ কৰ্মীৰ সৈতে বিটিচি নির্বাচন সন্দৰ্ভত মত বিনিময় কৰিব। ড০ শৰ্মাই কালি তামুলপুৰ জিলাত ৰাজ্য চৰকাৰৰ কল্যাণকামী আঁচনিসমূহৰ ৰূপায়ণ আৰু অগ্রগতি সন্দৰ্ভত এখন পর্যালোচনা বৈঠকত মিলিত হয়। বৈঠকত মুখ্যমন্ত্ৰীয়ে এই আঁচনিসমূহৰ বৰ্তমানৰ স্থিতি, হিতাধিকাৰীৰ সংখ্যা আৰু তৃণমূল পৰ্যায়ত ...

July 5, 2025 12:54 PM

views 47

নেট গ্রীড সমাধান ব্যৱহাৰত শীৰ্ষ প্ৰদৰ্শনকাৰী ৰাজ্যসমূহৰ অন্যতম ৰূপে পৰিগণিত অসম

● অসমে যোৱা জানুৱাৰীৰ পৰা জুনৰ ভিতৰত চোৰাংচোৱা তথ্য আহৰণৰ উদ্দেশ্যে নেট গ্রীড সমাধান ব্যৱহাৰত শীৰ্ষ প্ৰদৰ্শনকাৰী ৰাজ্যসমূহৰ অন্যতম ৰূপে পৰিগণিত হৈছে। মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই আজি সামাজিক মাধ্যমযোগে এই কথা প্ৰকাশ কৰে। তেওঁ লগতে এই সাফল্যৰ বাবে অসম আৰক্ষীক অভিনন্দন জ্ঞাপন কৰে।

June 30, 2025 6:38 PM

views 56

গোলাঘাট জিলা ক্রীড়া সন্থাৰ নৱনিৰ্মিত ইনড’ৰ ষ্টেডিয়াম উদ্বোধন মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাৰ

মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাই আজি গোলাঘাট জিলা ক্রীড়া সন্থাৰ নৱনিৰ্মিত ইনড'ৰ ষ্টেডিয়াম উদ্বোধন কৰে। অসম চৰকাৰৰ গৃহ নিৰ্মাণ আৰু নগৰ পৰিক্ৰমা বিভাগে নগৰীয়া আন্তঃগাঁথনি উন্নয়ন পুঁজি আঁচনিৰ অধীনত ৭ কোটি ৯৪ লাখ টকা ব্যয় সাপেক্ষে এই ষ্টেডিয়ামটো নিৰ্মাণ কৰি উলিয়াইছে। ৬খন টেবুল টেনিছ ব'ৰ্ড আৰু ৫খন বেডমিণ্টন ক’ৰ্ট সংযুক্তকৰণেৰে নিৰ্মাণ কৰা আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ এই ষ্টেডিয়ামৰ নৱসংযোজনে গোলাঘাট জিলা ক্রীড়া ক্ষেত্ৰক নতুন ৰূপ দিব বুলি আশা কৰা হৈছে। মুখ্যমন্ত্রী শৰ্মাই আজি গোলাঘাট চৰকাৰী বেজ...

June 19, 2025 3:46 PM

views 106

অসম চৰকাৰৰ স্বচ্ছ আৰু মেধা ভিত্তিক নিযুক্তি প্ৰক্ৰিয়াৰ অংশ হিচাপে ভিন্ন বিভাগত ৪৮১ গৰাকী ব্যক্তিক নিযুক্তি পত্ৰ প্ৰদান

অসম চৰকাৰৰ স্বচ্ছ আৰু মেধা ভিত্তিক নিযুক্তি প্ৰক্ৰিয়াৰ অংশ হিচাপে আজি কেইবাটাও বিভাগত ৪৮১ গৰাকী ব্যক্তিক নিযুক্তি পত্ৰ প্ৰদান কৰা হয়। পশুপালন আৰু পশু চিকিৎসা বিভাগত ৪৪৩ গৰাকী পশু চিকিৎসা ক্ষেত্র সহায়ক, পর্যটন বিভাগত ১২ গৰাকী পৰ্যটন উন্নয়ন বিষয়া আৰু শিক্ষা বিভাগত ২৩ গৰাকী জিলা শিক্ষা আৰু প্ৰশিক্ষণ প্ৰতিষ্ঠানৰ প্ৰবক্তা তথা ৩ গৰাকী ৰাজ্যিক শিক্ষা গৱেষণা আৰু প্ৰশিক্ষণ পৰিষদৰ সহকাৰী সঞ্চালকক নিযুক্তি পত্ৰ প্ৰদান কৰা হয়। এই উপলক্ষে আজি গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ আন্তর্জাতিক প্ৰেক্ষাগৃহত আয়োজিত ...

June 19, 2025 11:33 AM

views 45

প্ৰাকৃতিক জলাশয় সংৰক্ষণৰ জৰিয়তে প্রাকৃতিক পৰিৱেশ সুৰক্ষিত কৰিব পৰা যাব: মুখ্যমন্ত্ৰী

ৰাজ্য প্ৰশাসনে গোৱালপাৰা জিলাৰ হাচিলা বিলত শেহতীয়া উচ্ছেদ অভিযানৰ ফলত দীপৰ বিলতকৈও বৃহৎ এলেকা দখলমুক্ত কৰিবলৈ সমৰ্থ হৈছে। ইয়াৰ ফলত ৰাজ্যখনৰ প্ৰাকৃতিক জলাশয় সংৰক্ষণৰ জৰিয়তে প্রাকৃতিক পৰিৱেশ সুৰক্ষিত কৰিব পৰা যাব বুলি মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই সাংবাদিকৰ সৈতে হোৱা কথা- বতৰাত প্ৰকাশ কৰে ৷ উল্লেখযোগ্য যে দীৰ্ঘদিনৰ পৰা হাচিলাবিলৰ ভূমিত ৬৬৭টা পৰিয়ালে অবৈধভাৱে বসবাস কৰি আহিছিল। উচ্ছেদ অভিযানৰ পূর্বে একাংশ পৰিয়ালে স্ব-ইচ্ছাই সেই স্থান ত্যাগ কৰে যদিও বাকী থকা লোকসকলক প্রশাসনে ইতিমধ্যে উচ্ছ...

June 19, 2025 11:21 AM

views 40

মন্ত্ৰী, সাংসদ, বিধায়ক আৰু জিলা আয়ুক্তসকলৰ সৈতে মুখ্যমন্ত্ৰীৰ বৈঠক

● ৰাজ্য চৰকাৰৰ অভিলাসী আৰু জনকল্যাণমূলক আঁচনিসমূহ নির্ধাৰিত সময়ত ফলপ্রসূভাৱে ৰূপায়ণৰ উদ্দেশ্যে মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মাই কালি ভিডিঅ' কনফাৰেন্সিং ব্যৱস্থাৰে কেইবাগৰাকী মন্ত্ৰী, সাংসদ, বিধায়ক আৰু জিলা আয়ুক্তসকলৰ সৈতে এখন বৈঠকত মিলিত হয়। বৈঠকত অৰুণোদয়ৰ তৃতীয় পর্যায়, মুখ্যমন্ত্ৰীৰ মহিলা উদ্যমিতা আঁচনি, আত্মনির্ভৰ অসম, এটি কলি দুটি পাত আঁচনি সময়মতে ৰূপায়ণৰ বিভিন্ন দিশ সন্দৰ্ভত পর্যালোচনা কৰা হয়। ড০ শৰ্মাই অৰুণোদয়ৰ দ্বিতীয় পৰ্যায়ত বাদ পৰি ৰোৱা যোগ্য হিতাধিকাৰীসকলৰ নাম পুনৰীক্ষণ...

June 10, 2025 6:41 PM

views 61

লোকসেৱা ভৱনত তৃতীয় আৰু চতুৰ্থ বৰ্গৰ নিযুক্তি আয়োগৰ সৈতে মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মাৰ পর্যালোচনা বৈঠক

মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মাই আজি লোকসেৱা ভৱনত তৃতীয় আৰু চতুৰ্থ বৰ্গৰ নিযুক্তি আয়োগৰ সৈতে এখন পর্যালোচনা বৈঠকত মিলিত হয়। বৈঠকত এই নিযুক্তি প্ৰক্ৰিয়াৰ অগ্ৰগতি সন্দৰ্ভত আলোচনা কৰা হয়। ড০ শৰ্মাই হ'বলগীয়া দক্ষতা পৰীক্ষাসমূহ সুচাৰুৰূপে পৰিচালনা কৰিবলৈ সংশ্লিষ্ট কৰ্তৃপক্ষক নিৰ্দেশ দিয়ে। ইয়াৰ পূৰ্বে তেওঁ আজি বৰাক উপত্যকাৰ মন্ত্ৰী, বিধায়ক আৰু বৰাক উপত্যকা উন্নয়ন বিভাগৰ বিষয়াসকলৰ সৈতে অঞ্চলটোৰ উন্নয়নৰ সৈতে জড়িত এখন গুৰুত্বপূৰ্ণ বৈঠকত অধ্যক্ষতা কৰে। মুখ্যমন্ত্রী ড০ শৰ্মাই বৰাকৰ তিনিওখন ...

June 2, 2025 9:18 PM

views 65

অসম আৰু মেঘালয়ৰ মাজৰ সীমা বিবাদ নিষ্পত্তিৰ বাবে কইনাধৰাৰ ৰাজ্যিক অতিথিশালাত দুই ৰাজ্যৰ মুখ্যমন্ত্ৰীৰ মাজত আলোচনা

অসম আৰু মেঘালয়ৰ মাজৰ সীমা বিবাদ নিষ্পত্তিৰ বাবে আজি বিয়লি কইনাধৰাৰ ৰাজ্যিক অতিথিশালাত অসমৰ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা আৰু মেঘালয়ৰ মুখ্যমন্ত্ৰী কনৰাড চাংমাৰ মাজত আলোচনা অনুষ্ঠিত হৈছে। মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই এই বৈঠকৰ বিষয়ে শুকুৰবাৰে প্ৰকাশ কৰা অনুসৰি উচ্চতম ন্যায়ালয়ে নিয়োগ কৰা কেন্দ্রীয় উচ্চ ক্ষমতাসম্পন্ন সমিতিয়ে দুয়োখন ৰাজ্যৰ পাহাৰ খনন সম্পৰ্কত দুয়োখন ৰাজ্য চৰকাৰকে দিয়া জাননী সম্পৰ্কতো আজিৰ বৈঠকত আলোচনা অনুষ্ঠিত হ'ব। উল্লেখযোগ্য যে দুয়োখন ৰাজ্যৰ মুখ্যমন্ত্ৰী পৰ্য...

May 22, 2025 11:53 AM

views 55

আৰক্ষীক অধিক জনমুখী, তৎপৰ আৰু দায়বদ্ধ কৰি তোলাৰ বাবে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বিভিন্ন পৰামৰ্শ

মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ৰাজ্যৰ আইন শৃংখলা সবলীকৰণ, অপবাধ অনুসন্ধান প্রক্রিয়া অধিক ক্ষিপ্ৰ কৰা আৰু আৰক্ষীৰ বাহিনীৰ সংস্কাৰত গুৰুত্ব আৰোপ কৰিছে। কালি দেৰগাঁৱৰ লাচিত বৰফুকন আৰক্ষী একাডেমীত অনুষ্ঠিত দুদিনীয়া আৰক্ষী অধীক্ষক সন্মিলনত অংশগ্ৰহণ কৰি মুখ্যমন্ত্ৰীগৰাকীয়ে আৰক্ষীক অধিক জনমুখী, তৎপৰ আৰু দায়বদ্ধ কৰি তোলাৰ বাবে বিভিন্ন পৰামৰ্শ আগবঢ়োৱাৰ লগতে অভিযোগকৰণ সঞ্চালক গঠনৰো সিদ্ধান্ত গ্রহণ কৰে। এই পদক্ষেপে অপৰাধ অনুসন্ধান আৰু ফবিয়াদী প্রক্রিয়া অধিক কার্যকৰী তথা সুষম কৰি তুলিব।