অসমত ৰাষ্ট্ৰীয় নাগৰিক পঞ্জী উন্নীতকৰণৰ সময়ত বায়ামেট্রিক বন্ধ হৈ যোৱা ৯ লাখৰো অধিক লোকে যোৱা বছৰ আধাৰ কাৰ্ড লাভ কৰিছে বুলি মুখ্যমন্ত্রী ডº হিমন্ত বিশ্ব শৰ্মাই প্রকাশ কৰিছে। তেওঁ কয়, যে এই পদক্ষেপে লোকসকলক কোনো অসুবিধা নোহোৱাকৈ সকলো ধৰণৰ চৰকাৰী সেৱাৰ সুবিধা লাভ কৰাত সহায় কৰিব। ইয়াৰ বাবে তেওঁ কেন্দ্ৰ আৰু ৰাজ্যত থকা বিজেপিৰ দ্বৈত ইঞ্জিন চৰকাৰৰ শলাগ লয়।
Assamese | January 1, 2025 3:18 PM | Assam | Assam BJP | Chief Minister Himanta Biswa Sarma
৯ লাখৰো অধিক লোকে যোৱা বছৰ আধাৰ কাৰ্ড লাভ কৰিছে বুলি মুখ্যমন্ত্রী ডº হিমন্ত বিশ্ব শৰ্মাৰ প্রকাশ