অসম চৰকাৰৰ বিকাশৰ ১২ দিনৰ কাৰ্যসূচী ৰূপায়ণৰ উদ্দেশ্যে আজি ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই গোলাঘাট জিলাৰ সমন্বয় ক্ষেত্ৰত জিলাখনৰ হিতাধিকাৰীসকলৰ মাজত অসম মাইক্ৰ’ফাইনেন্স উদগনি আৰু সকাহ আঁচনিৰ তৃতীয় পৰ্যায়ৰ সাহায্য বিতৰণ অনুষ্ঠানত অংশগ্ৰহণ কৰে। এই অনুষ্ঠানত মুখ্যমন্ত্ৰী শৰ্মাৰ লগতে কেইবাগৰাকী মন্ত্ৰী-বিধায়ক উপস্থিত থাকে। এই অনুষ্ঠানৰ পাছতে মুখ্যমন্ত্রী শর্মাই গোলাঘাটত নির্মিয়মান চিকিৎসা মহাবিদ্যালয় আৰু হাস্পতালৰ লগতে জিলা আয়ুক্ত কাৰ্যালয়ও পৰিদৰ্শন কৰিব। বিকাশৰ ১২ দিনৰ কাৰ্যসূচীৰ অধীনত গোলাঘাটত অসম মাইক্ৰ’ফাইনেন্স উদগনি আৰু সকাহ আঁচনি ২০২১ৰ অধীনত তৃতীয়বর্গৰ ঋণীলৈ দ্বিতীয় পৰ্যায়ত ঋণ মাফ কৰি দিয়া প্ৰমাণপত্ৰ বিতৰণ কৰা হয়। এই আঁচনিৰ জৰিয়তে জিলাখনৰ ৫,১১৯ গৰাকী ঋণী উপকৃত হ’ব।
Assamese | December 14, 2024 3:10 PM | Chief Minister Himanta Biswa Sarma | Golaghat
অসম চৰকাৰৰ বিকাশৰ ১২ দিনৰ কাৰ্যসূচী ৰূপায়ণৰ উদ্দেশ্যে গোলাঘাটত উপস্থিত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা