August 31, 2025 9:49 PM

views 62

বি টি চি নিৰ্বাচনৰ মনোনয়ন প্রত্যাহাৰ সন্দৰ্ভত তামুলপুৰ জিলাৰ জিলা আয়ুক্তৰ বিশেষ নির্দেশনা

সমাগত বি টি চি নিৰ্বাচনৰ মনোনয়ন প্রত্যাহাৰ সন্দৰ্ভত তামুলপুৰ জিলাৰ জিলা আয়ুক্ত তথা জিলা নির্বাচনী বিষয়া পংকজ চক্ৰৱৰ্ত্তীয়ে বিশেষ নির্দেশনা জাৰি কৰিছে। এই নিৰ্দেশনা অনুসৰি প্রার্থীসহ মুঠ ৫ গৰাকী লোককহে মনোনয়ন প্ৰত্যাহাৰৰ সময়ত জিলা নির্বাচনী বিষয়া বা সহকাৰী নিৰ্বাচনী বিষয়াৰ কাৰ্লালয়ত প্ৰবেশৰ অনুমতি দিয়া হৈছে। লগতে প্ৰাৰ্থীৰ সৈতে থকা গাড়ীৰ সংখ্যা তিনিখনলৈ সীমিত কৰা হৈছে। জিলাখনৰ আৰক্ষী অধীক্ষকে সকলো ধৰণৰ সুৰক্ষা ব্যৱস্থা গ্ৰহণ কৰিব বুলি নিৰ্দেশনাটোত কোৱা হৈছে। কাৰ্যালয়ৰ ১০০ মিটাৰ ব্যাসা...

August 30, 2025 10:14 PM

views 80

বিটিচিৰ নিৰ্বাচনৰ বাবে বিভিন্ন ৰাজনৈতিক দলৰ প্ৰচাৰ অভিযান তীব্ৰ; প্ৰশাসনৰ কেতবোৰ নিৰ্দশনা জাৰি

সমাগত বিটিচিৰ নিৰ্বাচনৰ বাবে বিভিন্ন ৰাজনৈতিক দলে প্ৰচাৰ অভিযান তীব্ৰ কৰি তুলিছে। ৰাজনৈতিক দলসমূহে বিভিন্ন সমষ্টিৰ বাবে নিজ নিজ দলৰ প্ৰাৰ্থীৰ তালিকা প্ৰকাশ কৰাৰ সমান্তৰালকৈ প্ৰশাসনেও কেতবোৰ নিৰ্দেশনা জাৰি কৰিছে। কোকৰাঝাৰ জিলাত আজি শাসনাধিষ্ঠ ইউপিপিএল দলে নির্বাচনী কার্যালয় মুকলি কৰে । এই নির্বাচনত দলে ৪০খন আসনতে প্ৰাৰ্থী দিব বুলি ৰাজ্যসভাৰ সাংসদ ৰণগৌড়া নাৰ্জাৰীয়ে প্ৰকাশ কৰে। তেওঁ কয়যে দলটোৱে ইতিমধ্যে নিৰ্বাচনৰ বাবে ১৮ জনীয়া প্রথমখন প্রার্থী তালিকা প্রকাশ কৰিছে । তামুলপুৰ জিলা আয়ুক্ত তথা জি...

August 30, 2025 11:24 AM

views 66

সমাগত বিটিচিৰ নিৰ্বাচনৰ বাবে ৰাজনৈতিক দলৰ মাজত তৎপৰতা বৃদ্ধি

সমাগত বিটিচিৰ নিৰ্বাচনৰ বাবে ৰাজনৈতিক দলসমূহৰ মাজত তৎপৰতা বৃদ্ধি পাইছে। ৰাজনৈতিক দলসমূহে বিভিন্ন সমষ্টিৰ বাবে নিজ নিজ দলৰ প্ৰাৰ্থীৰ তালিকা প্ৰকাশ কৰাৰ সমান্তৰালকৈ প্ৰশাসনেও কেতবোৰ নিৰ্দেশনা জাৰি কৰিছে। তামুলপুৰ জিলা আয়ুক্ত তথা জিলা নির্বাচনী বিষয়া পংকজ চক্ৰৱৰ্তীয়ে সমাগত বিটিচিৰ নির্বাচন উপলক্ষে পুস্তিকা, পোষ্টাৰ আদি মুদ্ৰণ সম্পৰ্কীয় কিছু বাধা নিষেধ ঘোষণা কৰিছে। মুদ্ৰক আৰু প্ৰকাশকৰ নাম-ঠিকনা আদি স্পষ্টকৈ উল্লেখ নথকা কোনো নিৰ্বাচনী পুস্তিকা বা পোষ্টাৰ মুকলি কৰিব নোৱাৰিব। এই সমূহ মুদ্ৰণ কৰিবলৈ ...

August 27, 2025 12:23 PM

views 58

বি টি চি নিৰ্বাচনৰ মনোনয়ন পত্র সংগ্রহ প্রক্রিয়া আৰম্ভ

বি টি চি নিৰ্বাচনৰ মনোনয়ন পত্র সংগ্রহ প্রক্রিয়া আজি আৰম্ভ হৈছে। অসম ৰাজ্যিক নির্বাচন আয়োগে কালি জাৰি কৰা নিৰ্দেশ অনুসৰি প্ৰাৰ্থীসকলে আজি দিনৰ ১১ বজাৰপৰা মনোনয়নপত্ৰসমূহ সংগ্ৰহ কৰিব পাৰিব। মনোনয়ন দাখিলৰ বাবে অহা ২ ছেপ্তেম্বৰ অন্তিম দিন ধাৰ্য কৰা হৈছে। ৪ ছেপ্তেম্বৰত প্ৰাৰ্থীৰ মনোনয়ন পত্ৰসমূহ পৰীক্ষা কৰি বৈধ প্রার্থীৰ তালিকা প্রকাশ কৰা হ'ব। ৬ ছেপ্তেম্বৰত প্ৰাৰ্থীৰ মনোনয়ন পত্ৰ প্ৰত্যাহাৰৰ অন্তিম দিন ধাৰ্য কৰা হৈছে। অহা ২২ ছেপ্তেম্বৰত ভোটগ্রহণ অনুষ্ঠিত হ'ব আৰু ২৬ ছেপ্তেম্বৰত ভোটগণনা কৰা হ'ব। বি...

August 19, 2025 6:48 PM

views 45

বিটিচি পৰিষদীয় নিৰ্বাচনৰ বাবে বিভিন্ন ৰাজনৈতিক দলসমূহৰ প্ৰচাৰ অভিযান অব্যাহত

বিটিচি পৰিষদীয় নিৰ্বাচনৰ বাবে বিভিন্ন ৰাজনৈতিক দলসমূহে প্ৰচাৰ অভিযান অব্যাহত ৰাখিছে। আজি মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাই কোকৰাঝাৰ জিলাৰ কচুগাঁও আৰু গোসাইগাঁৱত দুখনকৈ বিজয় সংকল্প সভাত অংশগ্ৰহণ কৰে। বিটিচি পৰিষদীয় নির্বাচনত জয়ৰ লক্ষ্যৰে সভা দুখনত অংশগ্ৰহণ কৰি ড° শৰ্মাই দলীয় কাৰ্যকৰ্তাসকলৰ সৈতে মত বিনিময় কৰে। বি টি আৰ বাসীৰ অভাৱ-অভিযোগ, দিহা-পৰামৰ্শ আদি সাৰোগত কৰিবলৈয়ে এই সভা সমূহৰ আয়োজন কৰা হৈছে বুলি মন্তব্য কৰি জ্যেষ্ঠ বিজেপি নেতাগৰাকীয়ে কয়, যে বিগত সময়চোৱাত বিটিআৰৰ ৰূপান্তৰৰ যাত্ৰ...

August 18, 2025 9:30 PM

views 95

বিটিচি পৰিষদীয় নিৰ্বাচনৰ বাবে ৰাজনৈতিক দলসমূহে প্ৰচাৰ অভিযান অব্যাহত

বিটিচি পৰিষদীয় নিৰ্বাচনৰ বাবে ৰাজনৈতিক দলসমূহে প্ৰচাৰ অভিযান অব্যাহত ৰাখিছে। ইতিমধ্যে শাসক- বিৰোধী সকলো দলেই নিজৰ দলীয় ভেটি শক্তিশালী কৰাৰ বাবে বিভিন্ন স্থানত সভা অনুষ্ঠিত কৰি আহিছে। আজি মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মাই ওৰাং আৰু ওদালগুৰিত বিজয় সংকল্প সভাত অংশগ্ৰহণ কৰে। বিটিচি পৰিষদীয় নিৰ্বাচনত বিজয় সাব্যস্ত কৰাৰ লক্ষ্যৰে ড০ শৰ্মাই ওদালগুৰি জিলাৰ সদৰত আৰু ওৰাং চাহ বাগিচাত দুখনকৈ সভাত অংশগ্ৰহণ কৰি দলীয় কাৰ্যকৰ্তাসকলৰ সৈতে মত বিনিময় কৰে। এইবাৰৰ নিৰ্বাচন বিটিআৰৰ ৰাইজৰ বাবে সমস্যাবিহীন, বিক...

August 18, 2025 1:06 PM

views 50

বি টি চি পৰিষদীয় নিৰ্বাচনৰ বাবে ৰাজনৈতিক দলসমূহে প্ৰচাৰ অভিযান অব্যাহত

বি টি চি পৰিষদীয় নিৰ্বাচনৰ বাবে ৰাজনৈতিক দলসমূহে প্ৰচাৰ অভিযান অব্যাহত ৰাখিছে। ইতিমধ্যে শাসক-বিৰোধী সকলো দলেই নিজৰ দলীয় ভেটি শক্তিশালী কৰাৰ বাবে বিভিন্ন স্থানত সভা অনুষ্ঠিত কৰি আহিছে। কালি বিজনীত বিজনী জিলা বিপিএফৰ উদ্যোগত আশীৰ্বাদ যাত্ৰা কাৰ্যসূচী ৰূপায়ণ কৰা হয়। এই উপলক্ষে উলিওৱা সমদলত বিজনী বিধানসভা সমষ্টিৰ অন্তৰ্গত সবাইঝাৰ, মানাস চেৰফাং আৰু থুৰিবাৰী ব্লক বি পি এফৰ কেইবাহাজাৰ সমৰ্থকে অংশগ্ৰহণ কৰে। সবাইঝাৰ ব্লক বি পি এফৰ কাৰ্যালয়ৰ পৰা আৰম্ভ কৰা আশীৰ্বাদ যাত্ৰা সমদলটোৰ বিজনী জিলা ক্রীড়া সন...

August 11, 2025 11:41 AM

views 79

বিটিচি নিৰ্বাচনৰ বাবে শাসক-বিৰোধী উভয় পক্ষৰ প্ৰচাৰ অভিযান অব্যাহত

বিটিচি নিৰ্বাচনৰ বাবে শাসক-বিৰোধী উভয় পক্ষই বিটিআৰৰ বিভিন্ন স্থানত প্ৰচাৰ অভিযান অব্যাহত ৰাখিছে। মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা, বিজেপিৰ ৰাজ্যিক সভাপতি দিলীপ শ‍ইকীয়াই দলীয় প্ৰাৰ্থীসকলক পৰিষদীয় নিৰ্বাচনত জয়ী কৰোৱাৰ বাবে প্ৰচাৰ অব্যাহত ৰাখিছে। একেদৰে ইউ পি পি এলৰ হৈ প্ৰমোদ বড়ো, বি পি এফৰ হৈ হাগ্ৰামা মহিলাৰীয়েও বিভিন্ন স্থানত সভা অনুষ্ঠিত কৰি ভোটাৰক আকৰ্ষণৰ চেষ্টা চলাই আহিছে। মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মাই বি টি চি নিৰ্বাচনত বিজেপিক শক্তিশালীৰূপত অৱতীৰ্ণ কৰাবলৈ কালি দিহিৰা, ককলাবাৰী...

August 7, 2025 7:01 PM

views 71

বিটিচি নিৰ্বাচনক লৈ ৰাজনৈতিক দলসমূহৰ তৎপৰতা বৃদ্ধি

আসন্ন বিটিচি নিৰ্বাচনক লৈ ৰাজনৈতিক দলসমূহৰ তৎপৰতা বৃদ্ধি পাইছে। শাসকীয় দল বিজেপিয়েও বিটিআৰৰ প্ৰতিখন জিলাৰ মণ্ডল, বুথ সমিতিসমূহৰ সাংগঠনিক ভেটি শক্তিশালী কৰি নিৰ্বাচনৰ বাবে সাজু হৈছে। মন্ত্ৰী জয়ন্ত মল্লবৰুৱাই আজি বাক্সা জিলাৰ বাগানপাৰাত ৯ আগষ্টত মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মাই অংশগ্ৰহণ কৰিবলগীয়া সভাৰ প্ৰস্তুতি সম্পর্কে বুজ লয়। মন্ত্রী জয়ন্ত মল্লবৰুৱাই সভাৰ স্থান পৰিদৰ্শন কৰাৰ লগতে দলীয় কৰ্মীসকলৰ সৈতে মত-বিনিময় কৰে। বিটিআৰৰ প্ৰতিটো জাতি-জনগোষ্ঠীক সমান অধিকাৰ দিয়াৰ লক্ষ্যৰে বিজেপিয়ে এই...

August 7, 2025 6:48 PM

views 71

দুর্গা পূজাৰ পূৰ্বে বিচিটি নির্বাচনৰ ফলাফল ঘোষণা কৰাৰ সম্ভাৱনাঃ মুখ্যমন্ত্ৰী

দুর্গা পূজাৰ পূৰ্বে বিচিটি নির্বাচনৰ ফলাফল ঘোষণা কৰাৰ সম্ভাৱনা আছে বুলি মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই আজি কোকৰাঝাৰত প্ৰকাশ কৰে। মুখ্যমন্ত্ৰী ড০ শর্মাই দটমাত অনুষ্ঠিত বিজয় সংকল্প সভাত অংশ লৈ এইদৰে কয় । আসন্ন বিচিটিৰ নিৰ্বাচনত ভাৰতীয় জনতা পাৰ্টিয়ে এটা শক্তিশালী দল হিচাপে প্ৰতিষ্ঠা হ'বলৈ সমৰ্থ হ'ব বুলি তেওঁ আশা প্ৰকাশ কৰে। মুখ্যমন্ত্ৰী ড০ শৰ্মাই কাইলৈ ওদালগুৰিত হ'বলগীয়া বিজয় সংকল্প সভাত অংশ ল'ব। তিনি পৰিষদীয় সমষ্টিত তেওঁ দলীয় কার্যকৰ্তাসকলৰ সৈতে সভাত অংশ লোৱাৰ কথা। খৈৰাবাৰী পৰিষদীয় স...