আসন্ন বিটিচি নিৰ্বাচনক লৈ ৰাজনৈতিক দলসমূহৰ তৎপৰতা বৃদ্ধি পাইছে। শাসকীয় দল বিজেপিয়েও বিটিআৰৰ প্ৰতিখন জিলাৰ মণ্ডল, বুথ সমিতিসমূহৰ সাংগঠনিক ভেটি শক্তিশালী কৰি নিৰ্বাচনৰ বাবে সাজু হৈছে। মন্ত্ৰী জয়ন্ত মল্লবৰুৱাই আজি বাক্সা জিলাৰ বাগানপাৰাত ৯ আগষ্টত মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মাই অংশগ্ৰহণ কৰিবলগীয়া সভাৰ প্ৰস্তুতি সম্পর্কে বুজ লয়। মন্ত্রী জয়ন্ত মল্লবৰুৱাই সভাৰ স্থান পৰিদৰ্শন কৰাৰ লগতে দলীয় কৰ্মীসকলৰ সৈতে মত-বিনিময় কৰে। বিটিআৰৰ প্ৰতিটো জাতি-জনগোষ্ঠীক সমান অধিকাৰ দিয়াৰ লক্ষ্যৰে বিজেপিয়ে এইবাৰ নিৰ্বাচনত অৱতীৰ্ণ হ’ব বুলি প্ৰকাশ কৰে।
Assamese | August 7, 2025 7:01 PM | Akashvani Guwahati | BTC election | Political News
বিটিচি নিৰ্বাচনক লৈ ৰাজনৈতিক দলসমূহৰ তৎপৰতা বৃদ্ধি