সমাগত বি টি চি নিৰ্বাচনৰ মনোনয়ন প্রত্যাহাৰ সন্দৰ্ভত তামুলপুৰ জিলাৰ জিলা আয়ুক্ত তথা জিলা নির্বাচনী বিষয়া পংকজ চক্ৰৱৰ্ত্তীয়ে বিশেষ নির্দেশনা জাৰি কৰিছে। এই নিৰ্দেশনা অনুসৰি প্রার্থীসহ মুঠ ৫ গৰাকী লোককহে মনোনয়ন প্ৰত্যাহাৰৰ সময়ত জিলা নির্বাচনী বিষয়া বা সহকাৰী নিৰ্বাচনী বিষয়াৰ কাৰ্লালয়ত প্ৰবেশৰ অনুমতি দিয়া হৈছে। লগতে প্ৰাৰ্থীৰ সৈতে থকা গাড়ীৰ সংখ্যা তিনিখনলৈ সীমিত কৰা হৈছে। জিলাখনৰ আৰক্ষী অধীক্ষকে সকলো ধৰণৰ সুৰক্ষা ব্যৱস্থা গ্ৰহণ কৰিব বুলি নিৰ্দেশনাটোত কোৱা হৈছে। কাৰ্যালয়ৰ ১০০ মিটাৰ ব্যাসাৰ্দ্ধৰ ভিতৰত জনসমাবেশ নিষিদ্ধ কৰাৰ লগতে পার্কিঙৰ বাবে থকা নিৰ্ধাৰিত স্থানতহে যানবাহনসমূহ ৰখাবলৈ নিৰ্দেশ দিয়া হৈছে। কেৱলবৈধ পৰিচয় পত্র বা নির্বাচনী দায়িত্বত থকা লোকসকলকহে কাৰ্যালয়ত প্ৰবেশৰ অনুমতি হ’ব বুলি নিৰ্দেশনা জাৰি কৰা হৈছে।
Assamese | August 31, 2025 9:49 PM | Akashvani Guwahati | BTC election | Local news
বি টি চি নিৰ্বাচনৰ মনোনয়ন প্রত্যাহাৰ সন্দৰ্ভত তামুলপুৰ জিলাৰ জিলা আয়ুক্তৰ বিশেষ নির্দেশনা