দুর্গা পূজাৰ পূৰ্বে বিচিটি নির্বাচনৰ ফলাফল ঘোষণা কৰাৰ সম্ভাৱনা আছে বুলি মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই আজি কোকৰাঝাৰত প্ৰকাশ কৰে। মুখ্যমন্ত্ৰী ড০ শর্মাই দটমাত অনুষ্ঠিত বিজয় সংকল্প সভাত অংশ লৈ এইদৰে কয় । আসন্ন বিচিটিৰ নিৰ্বাচনত ভাৰতীয় জনতা পাৰ্টিয়ে এটা শক্তিশালী দল হিচাপে প্ৰতিষ্ঠা হ’বলৈ সমৰ্থ হ’ব বুলি তেওঁ আশা প্ৰকাশ কৰে।
মুখ্যমন্ত্ৰী ড০ শৰ্মাই কাইলৈ ওদালগুৰিত হ’বলগীয়া বিজয় সংকল্প সভাত অংশ ল’ব। তিনি পৰিষদীয় সমষ্টিত তেওঁ দলীয় কার্যকৰ্তাসকলৰ সৈতে সভাত অংশ লোৱাৰ কথা। খৈৰাবাৰী পৰিষদীয় সমষ্টিত প্ৰথমখন সংকল্প সভা অনুষ্ঠিত হ’ব। মুখ্যমন্ত্ৰী ড০ শৰ্মাই এই সভাৰ অন্তত ভেৰগাঁও আৰু ননৈ ছেৰফাং পৰিষদীয় সমষ্টিত আয়োজিত সভাত অংশ ল’ব। জিলা প্রশাসনে কাইলৈ দিনৰ ২ বজাৰ পৰা হ’বলগীয়া এই সভাৰ বাবে ইতিমধ্যে প্ৰস্তুতি প্রায় সম্পূৰ্ণ কৰি তুলিছে।
Assamese | August 7, 2025 6:48 PM | Akashvani Guwahati | BTC election | Chief Minister Himanta Biswa Sarma | CMO Assam
দুর্গা পূজাৰ পূৰ্বে বিচিটি নির্বাচনৰ ফলাফল ঘোষণা কৰাৰ সম্ভাৱনাঃ মুখ্যমন্ত্ৰী