September 12, 2024 10:05 AM

views 50

তৃতীয় বৰ্গৰ নিযুক্তি পৰীক্ষাত ৩ হাজাৰৰো অধিক পদৰ বাবে ১১ লাখৰো অধিক প্রার্থী অৱতীৰ্ণ হ’ব

■ ৰাজ্যত ১৫ ছেপ্তেম্বৰত হ'বলগীয়া উচ্চতৰ মাধ্যমিক পৰ্যায়ৰ তৃতীয় বৰ্গৰ নিযুক্তি পৰীক্ষাত ৩ হাজাৰবো অধিক পদৰ বাবে ১১ লাখৰো অধিক প্রার্থী অৱতীৰ্ণ হ'ব। ৰাজ্যিক নিযুক্তি আয়োগৰ অধ্যক্ষ অজয় তিৱাৰীয়ে কালি গুৱাহাটীৰ খানাপাৰাত অনুষ্ঠিত এখন সংবাদ মেলত এই তথ্য প্রকাশ কৰে। পৰীক্ষাৰ সবিশেষ তথ্য দি অধ্যক্ষগৰাকীয়ে কয় যে নিযুক্তি পৰীক্ষাত নকল কৰা প্ৰশ্নকাকত আগতীয়াকৈ ৰাজহুৱা কৰাকে ধৰি অন্যান্য অসৎ কাৰ্য প্ৰতিৰোধ কৰাৰ বাবে ৰাজ্য চৰকাৰে অসম লোক পৰীক্ষা, নিযুক্তি প্রক্রিয়াত অসৎ উপায় প্ৰতিৰোধী ব্যৱস্থা আইন,...

September 11, 2024 8:04 PM

views 44

ৰাজ্য চৰকাৰৰ সঞ্চালক পৰ্যায়ৰ কেইবাগৰাকীও প্রশাসনিক বিষয়াৰ ৰদ-বদল

ৰাজ্য চৰকাৰৰ কৰ্মচাৰী বিভাগে জাৰি কৰা এখন নিৰ্দেশনা অনুসৰি সঞ্চালক পৰ্যায়ৰ কেইবাগৰাকীও প্রশাসনিক বিষয়াৰ ৰদ-বদল কৰা হৈছে। সেই অনুসৰি অসম চৰকাৰৰ সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ সচিব তথা সঞ্চালক, ডº ভূপেন হাজৰিকা আঞ্চলিক চৰকাৰী চলচ্চিত্ৰ আৰু টেলিভিছন প্ৰতিষ্ঠানৰ অতিৰিক্ত সঞ্চালক মিনাক্ষী দাস নাথক ৰাজহ আৰু দুৰ্যোগ ব্যৱস্থাপনা বিভাগৰ সচিব আৰু অসম ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণৰ অতিৰিক্ত মুখ্য কাৰ্যবাহী বিষয়া হিচাপে নিযুক্তি দিয়া হৈছে। ইপিনে, মহিলা আৰু শিশু বিকাশ বিভাগৰ যুটীয়া সচিব গৌৰীশংকৰ শৰ্...

September 11, 2024 1:21 PM

views 70

অসম লোক পৰীক্ষা (নিযুক্তি প্রক্রিয়াত অসৎ উপায় প্রতিৰোধী ব্যৱস্থা) আইন ২০২৪ গ্রহণ ৰাজ্য চৰকাৰৰ

নিযুক্তি পৰীক্ষাত অসৎ উপায় প্রতিৰোধ তথা স্বচ্চ আৰু নিকা নিযুক্তি প্রক্রিয়া নিশ্চিতকৰণৰ অর্থে অসম চৰকাৰে অসম লোক পৰীক্ষা (নিযুক্তি প্রক্রিয়াত অসৎ উপায় প্রতিৰোধী ব্যৱস্থা) আইন ২০২৪ গ্রহণ কৰিছে। এই আইনৰ উদ্দেশ্য হৈছে নিয়োগৰ বাবে অনুষ্ঠিত ৰাজ্য চৰকাৰ, স্বায়ত্ত শাসিত সংস্থা অথবা কর্তৃপক্ষ, পৰিষদ অথবা নিগমৰ অধীনৰ পৰীক্ষাত স্বচ্ছতা নিশ্চিতকৰণ, পৰীক্ষাৰ পূর্বে প্রশ্নকাকত ফাদিল কৰা, নিজৰ লগত ৰখা, বিক্রী কৰা, সমাধান কৰা, প্রশ্নকাকত খোলা আৰু পৰীক্ষাৰ সময়ত সহায় কৰা আদিৰ দৰে অসৎ উপায় নিষিদ্ধকৰণ, পৰী...

September 11, 2024 11:45 AM

views 65

গ্রামাঞ্চলত কেঁচা ঘৰ নাইকীয়া কৰিবলৈ ৰাজ্য চৰকাৰৰ লক্ষ্য নির্ধাৰণ

● গ্রামাঞ্চলত কেঁচা ঘৰ নাইকীয়া কৰিবলৈ ৰাজ্য চৰকাৰে লক্ষ্য নির্ধাৰণ কৰিছে। পঞ্চায়ত আৰু গ্ৰামোন্নয়ন, খাদ্য, অসামৰিক যোগান, গ্রাহক পৰিক্রমা আদি বিভাগৰ মন্ত্ৰী ৰঞ্জিত কুমাৰ দাসে নগাঁৱত কালি এখন পর্যালোচনা বৈঠকত অংশগ্রহণ কৰি এইদৰে কয়। নগাঁও জিলা আয়ুক্তৰ কাৰ্যালয়ৰ সভাকক্ষত অনুষ্ঠিত এই বৈঠকত মন্ত্ৰীগৰাকীয়ে পঞ্চায়ত আৰু গ্রামোন্নয়ন, অসম ৰাজ্যিক গ্রামীণ জীৱিকা অভিযান, খাদ্য, অসামৰিক যোগান আক গ্রাহক পৰিক্রমা বিভাগৰ অধীনত ৰূপায়িত বিভিন্ন আঁচনিৰ কাম-কাজৰ অগ্রগতিৰ খতিয়ান লয়। বৈঠকত প্রধানমন্ত্রী আব...

September 9, 2024 8:04 PM

views 41

অহা ১৫ ছেপ্তেম্বৰত হ’বলগীয়া প্ৰত্যক্ষ নিযুক্তি পৰীক্ষা নিয়াৰিকৈ অনুষ্ঠিত কৰাৰ বাবে ৰাজ্য চৰকাৰৰ কেতবোৰ নিষেধাজ্ঞা জাৰি

অহা ১৫ ছেপ্তেম্বৰত হ'বলগীয়া প্ৰত্যক্ষ নিযুক্তি পৰীক্ষা নিয়াৰিকৈ অনুষ্ঠিত কৰাৰ বাবে ৰাজ্য চৰকাৰ, অসম আৰক্ষী আৰু জিলা প্ৰশাসনসমূহে কাৰ্যকৰী ব্যৱস্থা গ্ৰহণ কৰিছে। ইয়াৰ বাবে প্ৰতিখন জিলাতে কেতবোৰ নিষেধাজ্ঞা জাৰি কৰা হৈছে। আনহাতে, অসম আৰক্ষীয়ে আজি এই পৰীক্ষাক লৈ ভুৱা তথ্য প্ৰচাৰ কৰাৰ অভিযোগত এজন লোকক আটক কৰে। সামাজিক মাধ্যমত নিযুক্তি পৰীক্ষাক লৈ ভুৱা তথ্য দিয়াৰ অভিযোগত আৰক্ষীয়ে চাপৰত সুৰত জামাল নামৰ লোকজনক আটক কৰে। আনহাতে, ৰাজ্যিক নিযুক্তি আয়োগৰ তৃতীয় আৰু চতুৰ্থ বৰ্গৰ নিযুক্তি পৰীক্ষাৰ বাবে ল...

September 7, 2024 7:24 PM

views 41

অসম চুক্তিৰ ৬ নম্বৰ দফা ৰূপায়ণৰ বাবে গঠিত সমিতিৰ পৰামৰ্শৰ ৫২ টা পৰামৰ্শ অহাবছৰৰ ১৫ এপ্ৰিলৰ ভিতৰত কাৰ্যকৰীকৰণৰ বাবে ৰাজ্য চৰকাৰৰ সিদ্ধান্ত গ্ৰহণ

অসম চুক্তিৰ ৬ নম্বৰ দফা ৰূপায়ণৰ বাবে অৱসৰপ্ৰাপ্ত ন্যায়াধীশ বিপ্লৱ শৰ্মাৰ নেতৃত্বত গঠিত সমিতিয়ে দিয়া পৰামৰ্শৰ ভিতৰত ৫২ টা পৰামৰ্শ অহাবছৰৰ ১৫ এপ্ৰিলৰ ভিতৰত কাৰ্যকৰী কৰাৰ বাবে ৰাজ্য চৰকাৰে সিদ্ধান্ত গ্ৰহণ কৰিছে। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই আজি এখন সংবাদমেলত এই বিষয়ে প্রকাশ কৰে। তেওঁ কয় যে সমিতিয়ে দিয়া ৬৭ টা পৰামৰ্শৰ ভিতৰত ৫টা প্রক্রিয়াগত হিচাপে বিবেচনা কৰা হৈছে। আনহাতে, কেইটামান পৰামৰ্শ কাৰ্যকৰী কৰাৰ বাবে ৰাজ্য আৰু কেন্দ্ৰীয় চৰকাৰ উভয়েৰে সহমতৰ প্ৰয়োজন। এনেধৰণৰ কেইটামান পৰামৰ্শ ৰূপা...

September 6, 2024 1:29 PM

views 54

এণ্ডিউ ইউল এণ্ড কোম্পানীৰ অধীনস্থ চাহ বাগিচাসমূহৰ অচলাৱস্থা দূৰীকৰণৰ বাবে ৰাজ্য চৰকাৰৰ ব্যৱস্থা গ্ৰহণ

ৰাজ্য চৰকাৰে এণ্ডিউ ইউল এণ্ড কোম্পানীৰ অধীনস্থ চাহ বাগিচাসমূহৰ অচলাৱস্থা দূৰীকৰণৰ বাবে ব্যৱস্থা গ্ৰহণ কৰিছে। এই সন্দৰ্ভত কালি ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ অতিথিশালাত উদ্যোগ মন্ত্ৰী বিমল বৰাৰ অধ্যক্ষতাত এখন গুৰুত্বপূৰ্ণ বৈঠক অনুষ্ঠিত হয়। এই বৈঠকত কোম্পানীটোৰ অধীনস্থ টিংখাং আৰু ৰাজগড় চাহ বাগিচাকে ধৰি ৰাজ্যখনৰ কেইবাখনো বাগিচাত কৰ্তৃপক্ষই কৰ্মচাৰীৰ দৰমহা, শ্ৰমিকৰ মজুৰি আৰু ৰেচন আদায় দিব নোৱৰাৰ ফলত বাগিচাকেইখনত উদ্ভৱ হোৱা অচলাৱস্থাৰ বিষয়ে আলোচনা কৰা হয়। বৈঠকত পৰৱৰ্তী ১০ দিনৰ ভিতৰত শ্রমিক সংগঠনসমূহৰ...

September 5, 2024 9:02 PM

views 43

অভিনন্দন শিক্ষা ঋণ ৰাজসাহায্য আঁচনিৰ দ্বিতীয় পৰ্যায়ৰ কথা ঘোষণা ৰাজ্য চৰকাৰৰ বিত্ত বিভাগৰ

ৰাজ্য চৰকাৰৰ বিত্ত বিভাগে অভিনন্দন শিক্ষা ঋণ ৰাজসাহায্য আঁচনিৰ দ্বিতীয় পৰ্যায়ৰ কথা ঘোষণা কৰিছে। শিক্ষা ঋণৰ ক্ষেত্ৰত ৫০ হাজাৰ টকা পৰ্যন্ত ৰাজসাহায্য প্রদানেৰে শিক্ষাৰ্থী আৰু তেওঁলোকৰ অভিভাৱকসকলৰ বিত্তীয় বোজা লাঘৱ কৰাৰ উদ্দেশ্যে গ্ৰহণ কৰা এই আঁচনিখনৰ প'ৰ্টেলতো আজিৰ পৰা ২০ অক্টোবৰলৈ ৪৫ দিনৰ বাবে খোলা থাকিব। উল্লেখযোগ্য যে অসমৰ লগতে আন ঠাইতো উচ্চ শিক্ষা গ্রহণ কৰি থকা শিক্ষাৰ্থীৰ লগতে বৰ্তমানৰ সাংসদ, বিধায়ক, পঞ্চায়তৰ কৰ্মকৰ্তা আৰু চৰকাৰী বা চৰকাৰী ৰাজহুৱা খণ্ডৰ স্থায়ী কৰ্মচাৰীসকলৰ সন্তানেও এই আ...

September 5, 2024 7:06 PM

views 84

অহা ৭ ছেপ্তেম্বৰত চৰাইদেউ জিলাৰ শিশুসকলৰ হৃদ আৰু ৰক্তজনিত জটিল ৰোগ চিনাক্তকৰণৰ বাবে স্বাস্থ্য শিবিৰৰ আয়োজন

অসম চিকিৎসা মহাবিদ্যালয় আৰু চিকিৎসালয় ডিব্ৰুগড়ত অহা ৭ ছেপ্তেম্বৰ তাৰিখে চৰাইদেউ জিলাৰ শিশুসকলৰ হৃদ আৰু ৰক্তজনিত জটিল ৰোগ চিনাক্তকৰণৰ বাবে স্বাস্থ্য শিবিৰৰ আয়োজন কৰা হৈছে। বেংগালুৰু, কলকাতাৰ নাৰায়ণা হৃদয়ালয় চিকিৎসালয়ৰ পৰা অহা বিশেষজ্ঞৰ দলে জন্মৰ পৰা ১৮ মহীয়া শিশুলৈকে জন্মগত হৃদৰোগ, লিউকেমিয়া, থেলাছেমিয়াকে আদি কৰি জটিল ৰক্তজনিত ৰোগত আক্ৰান্ত হৈ অস্থি মজ্জা সংৰোপণৰ প্ৰয়োজন হোৱা শিশুৰ ৰোগ চিনাক্তকৰণ কৰি ১০০ শতাংশ অনুদানমূলক চিকিৎসা সেৱা প্ৰদান কৰিব। উল্লেখযোগ্য যে, ৰাষ্ট্ৰীয় স্বাস্থ্য অ...

September 5, 2024 6:10 PM

views 51

অসম চুক্তিৰ ৬ নম্বৰ দফা কাৰ্যকৰী সন্দৰ্ভত ন্যায়াধীশ বিপ্লৱ শৰ্মা আয়োগে আগবঢ়োৱা পৰামৰ্শাৱলীৰ ৮০ শতাংশ ৰূপায়ণৰ সিদ্ধান্ত অসম মন্ত্রীসভাৰ

অসম মন্ত্রীসভাই ৰাজ্যখনৰ ভূমি, থলুৱা জনগোষ্ঠীসমূহৰ ভাষা আৰু সংস্কৃতি ৰক্ষাৰ বাবে অসম চুক্তিৰ ছয় নম্বৰ দফা কাৰ্যকৰী কৰা সন্দৰ্ভত ন্যায়াধীশ বিপ্লৱ শৰ্মা আয়োগে আগবঢ়োৱা পৰামৰ্শাৱলীৰ ৮০ শতাংশ ৰূপায়ণ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শর্মাই সংবাদ মাধ্যমক জানিবলৈ দিয়া অনুসৰি বিপ্লৱ শৰ্মা আয়োগে আগবঢ়োৱা ৬৭ টা পৰামৰ্শৰ ভিতৰত ৫৭ টা পৰামৰ্শ অহা বছৰৰ ১৫ এপ্ৰিলৰ ভিতৰত ৰূপায়ণ কৰা হ'ব। ইফালে, কেবিনেটৰ আন এটা সিদ্ধান্ত অনুসৰি কৰ্তব্যৰত অৱস্থাত মৃত্যু অথবা সম্পূৰ্ণৰূপে বিকলাংগ হোৱা ৰা...