অসম চৰকাৰে বিশ্বৰ অন্যতম বৃহৎ বিমান নির্মাণ কোম্পানী এয়াৰ বাছ আৰু ৰাফেল আদিৰ দৰে বিশ্ব প্ৰসিদ্ধ যুদ্ধ বিমান নির্মাণ আৰু পৰিচালনা কোম্পানী ডাছ’ৰ সৈতে ঐতিহাসিক চুক্তি স্বাক্ষৰ কৰিব। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শর্মাই এই বিষয়ে প্ৰকাশ কৰিছে। এই চুক্তিৰ ফলত দেশৰ বিমান পৰিবহণ খণ্ডত অসমৰ ৫ হাজাৰৰো অধিক যুৱক-যুৱতীয়ে কৰ্ম-সংস্থাপনৰ সুবিধা লাভ কৰিব বুলি মুখ্যমন্ত্ৰীয়ে জানিবলৈ দিয়ে। তেওঁ কয় যে ইয়াৰ ফলত অসমৰ অৰ্থনৈতিক বুনিয়াদ শক্তিশালী হোৱাৰ সম্ভাৱনা আছে।
Assamese | September 17, 2024 7:46 PM | Assam Govt
বিশ্ব প্ৰসিদ্ধ যুদ্ধ বিমান নির্মাণ আৰু পৰিচালনা কোম্পানী ডাছ’ৰ সৈতে অসম চৰকাৰৰ চুক্তি স্বাক্ষৰৰ প্ৰস্তুতি