October 26, 2024 7:54 PM

views 62

কাইলৈ ৰাজ্যৰ ২৮ খন জিলাত ৪২টা বিভাগৰ চতুৰ্থ বৰ্গৰ মুঠ ৫ হাজাৰ ২৩টা খালী পদৰ বাবে পৰীক্ষা অনুষ্ঠিত হ’ব

ৰাজ্যিক পৰ্যায়ৰ নিযুক্তি আয়োগৰ অধীনত কাইলৈ হ'বলগীয়া চতুৰ্থ বৰ্গৰ লিখিত পৰীক্ষা নিকাভাৱে অনুষ্ঠিত কৰিবলৈ প্ৰশাসনৰ যাৱতীয় ব্যৱস্থা গ্ৰহণ কৰিছে। লিখিত পৰীক্ষা নিয়াৰিকৈ অনুষ্ঠিত কৰাৰ লক্ষ্যৰে ৰাজ্যজুৰি পুৱা ৮.৩০ বজাৰ পৰা বিয়লি ৪ বজালৈ ইণ্টাৰনেট সেৱা বন্ধ ৰখা হ'ব। ৰাজ্যত গৃহ আৰু ৰাজনৈতিক বিভাগৰ হৈ অতিৰিক্ত মুখ্য সচিব অজয় তিৱাৰীয়ে এটা বিবৃতিযোগে এই কথা সদৰি কৰাৰ লগতে সকলোকে যুৱপ্ৰজন্মৰ ভৱিষ্যতৰ স্বাৰ্থত সহযোগিতা কৰিবলৈ আহ্বান জনাইছে। চৰকাৰৰ নিৰ্দেশনা ভংগ কৰিলে ভাৰতীয় ন্যায় সংহিতাৰ ২০২৩ ধাৰা ...

October 22, 2024 6:34 PM

views 35

জনসাধাৰণক বিভিন্ন চৰকাৰী সেৱা সহজতে প্ৰদান কৰাৰ ব্যৱস্থা গ্ৰহণ অসম চৰকাৰৰ

অসম চৰকাৰে জনসাধাৰণক বিভিন্ন চৰকাৰী সেৱা সহজতে প্ৰদান কৰাৰ ব্যৱস্থা গ্ৰহণ কৰিছে। এই অনুসৰি চাৰি শতাধিক নাগৰিক সেৱা, ২১৯ টা ব্যৱসায়িক সেৱা আৰু ১৩ টা উপযোগিতা সেৱাৰ সৈতে ৭৫ লাখ আবেদন ডিজিটেলী দাখিল কৰা হৈছে। এই আবেদনসমূহৰ ৮৮ শতাংশ নিষ্পত্তি কৰা হৈছে বুলি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই প্ৰকাশ কৰিছে। সামাজিক মাধ্যমযোগে মুখ্যমন্ত্ৰীয়ে কয় যে এই সেৱাসমূহ সুচল হোৱাৰ ফলত চৰকাৰী খণ্ডত সংস্কাৰ সাধন হোৱাৰ লগতে বিভিন্ন আঁচনিসমূহ ৰূপায়ণৰ ক্ষেত্ৰতো সফলতা লাভ কৰা হৈছে। তদুপৰি জনসাধাৰণৰ ওজৰ-আপত্তিৰ আবেদন আ...

October 15, 2024 7:04 PM

views 37

মানসিক ৰোগৰ চিকিৎসা, যতন আদি সন্দৰ্ভত সজাগতা সৃষ্টিৰ উদ্দেশ্যে মাহযোৰা কাৰ্যসূচী

ৰাজ্য চৰকাৰে বিশ্ব মানসিক স্বাস্থ্য দিৱসৰ সৈতে সংগতি ৰাখি মানসিক ৰোগৰ চিকিৎসা, যতন আদি সন্দৰ্ভত জনসাধাৰণৰ মাজত সজাগতা সৃষ্টিৰ উদ্দেশ্যে মাহযোৰা কাৰ্যসূচী পালন কৰিছে। ৰাজ্য চৰকাৰে মানসিক ৰোগ সম্বন্ধীয় যিকোনো সমস্যাৰ ক্ষেত্ৰত পৰামৰ্শৰ বাবে ১৪৪১৬ হেল্পলাইন নম্বৰ মুকলি কৰিছে। দুখ আৰু হতাশাবোধ, অত্যধিক ভয় বা চিন্তা, আত্মহত্যাৰ প্ৰৱণতা, সুৰা বা ড্ৰাগছৰ প্ৰতি আসক্তি বৃদ্ধি, অত্যধিক ভাগৰ লগা বা টোপনিৰ সমস্যা আদি লক্ষণ পৰিলক্ষিত হ'লে চৰকাৰে নিকটৱৰ্তী জিলা মানসিক স্বাস্থ্য কোষৰ সৈতে যোগাযোগ কৰিবলৈ আহ্বা...

October 14, 2024 12:15 PM

views 45

ৰাজ্যত শীঘ্ৰে ১৭ খন একলব্য আদৰ্শ আৱাসিক বিদ্যালয় নিৰ্মাণ

অসম চৰকাৰে কেন্দ্ৰীয় জনজাতি পৰিক্ৰমা মন্ত্রালয়ে দেখুওৱা আৰ্হি অনুসৰি ৰাজ্যখনত ১৭ খন একলব্য আদৰ্শ আৱাসিক বিদ্যালয় শীঘ্ৰে নিৰ্মাণ কৰিব। মুখ্যমন্ত্রী হিমন্ত বিশ্ব শর্মাই সামাজিক মাধ্যমযোগে এই বিষয়ে প্ৰকাশ কৰিছে। তেওঁ কয় যে এই বিদ্যালয় স্থাপনৰ বাবে ৫০ শতাংশতকৈ অধিক অনুসূচীত জনজাতিৰ লোক থকা খণ্ডসমূহ বাচনি কৰা হৈছে। এই বিদ্যালয়সমূহ বাক্সা জিলাৰ দলবাৰী, জালাহ আৰু সৰুপেটা, বৰপেটাৰ খৰাধৰা, কাৰ্বি আংলঙৰ হাওৰাঘাট আৰু চিলনীজান, পশ্চিম কাৰ্বি আংলঙৰ দংকা, গোৱালপাৰাৰ দুধনৈ, কামৰূপৰ বকো, ওদালগুৰিৰ খৈৰাবা...

October 14, 2024 11:51 AM

views 50

অহা ৩ৰ পৰা ৯ নৱেম্বৰলৈ ভাষা গৌৰৱ সপ্তাহ পালন

অসম চৰকাৰে অহা ৩ৰ পৰা ৯ নৱেম্বৰলৈ ভাষা গৌৰৱ সপ্তাহ পালন কৰিব। এই সপ্তাহৰ কাৰ্যসূচী হিচাপে বিশ্ববিদ্যালয়, মহাবিদ্যালয়, বিদ্যালয় আৰু নাগৰিক সমাজৰ সংগঠনসমূহৰ সহায়ত অসমীয়া সাহিত্যিক, পণ্ডিতসকলৰ অৱদানক সন্মান জনোৱা হ'ব। উল্লেখযোগ্য যে যোৱা ৩ অক্টোবৰত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ অধ্যক্ষতাত অনুষ্ঠিত কেন্দ্ৰীয় মন্ত্রীসভাৰ বৈঠকত অসমীয়া ভাষাক ধ্রুপদী ভাষা হিচাপে স্বীকৃতি দিয়া হৈছিল। এই স্বীকৃতি উদযাপনৰ বাবে অসমীয়া ভাষা উত্তৰণৰ দিশত অৰিহণা আগবঢ়োৱা সাহিত্যিক আৰু পণ্ডিতসকলৰ সৃষ্টি কর্মৰ প্রতি শ্রদ...

October 7, 2024 11:41 AM

views 65

কলাক্ষেত্ৰত কৃষি যন্ত্রপাতি, ভূমি স্বাস্থ্য-পত্ৰ বিতৰণ, কৃষি জ্ঞান কেন্দ্ৰ মুকলি অনুষ্ঠানৰ আয়োজন ৰাজ্য চৰকাৰৰ

ৰাজ্য চৰকাৰে আজি কৃষি যন্ত্রপাতি আৰু ভূমি স্বাস্থ্য-পত্ৰ বিতৰণৰ লগতে কৃষি জ্ঞান কেন্দ্ৰ মুকলি অনুষ্ঠানৰ আয়োজন কৰিছে। গুৱাহাটীৰ পাঞ্জাবাৰীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আজি হ'বলগীয়া এই অনুষ্ঠানত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ লগতে কৃষিমন্ত্রী অতুল বৰা উপস্থিত থাকিব। এই অনুষ্ঠানত কৃষি যান্ত্ৰিকীকৰণৰ উপ অভিযানৰ অধীনত ২৫০টা কৃষক গোটৰ লগতে দুহেজাৰ ৪৯০ গৰাকী কৃষকলৈ ট্ৰেক্টৰ, পাৱাৰ টিলাৰ, কঠীয়া ৰোপণ যন্ত্ৰকে ধৰি বিভিন্ন যন্ত্রপাতি বিতৰণৰ শুভাৰম্ভ কৰা হ'ব। অনুষ্ঠানত কৃষকৰ মাজত চাৰি লাখতকৈও অধিক সংখ...

October 7, 2024 11:25 AM

views 64

১ লাখ নিযুক্তিৰ প্ৰতিশ্ৰুতিৰ অংশ হিচাপে পুনৰ নিযুক্তি সমাৰোহৰ আয়োজন ৰাজ্য চৰকাৰৰ

ৰাজ্য চৰকাৰৰ এক লাখ নিযুক্তিৰ প্ৰতিশ্ৰুতিৰ অংশ হিচাপে আজি পুনৰ নিযুক্তি সমাৰোহৰ আয়োজন কৰা হৈছে। গুৱাহাটী চিকিৎসা মহাবিদ্যালয় আৰু হাস্পতাল প্ৰেক্ষাগৃহত শিক্ষা বিভাগৰ ২৮৪ গৰাকী আৰু স্বাস্থ্য আৰু পৰিয়াল কল্যাণ বিভাগৰ ১০১ গৰাকী প্ৰাৰ্থীক আজি নিযুক্তি পত্ৰ প্ৰদান কৰা হ'ব। অনুষ্ঠানত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু শিক্ষা মন্ত্ৰী ডা০ ৰণোজ পেগু উপস্থিত থাকিব। উল্লেখযোগ্য যে যোৱা ২৬ ছেপ্তেম্বৰ পৰ্যন্ত এক লাখ ২৪ হাজাৰ ৬৪৫ গৰাকী প্ৰাৰ্থীক নিযুক্তি পত্ৰ প্ৰদান কৰা হৈছিল। আজিৰ এই নিযুক্তিৰ পাছতে মুঠ ন...

October 5, 2024 9:27 AM

views 61

কাইলৈৰ পৰা নিযুত মইনা আঁচনিৰ ধন বিতৰণ প্ৰক্ৰিয়া আৰম্ভ

■ ৰাজ্যত কাইলৈৰ পৰা নিযুত মইনা আঁচনিৰ ধন বিতৰণ প্ৰক্ৰিয়া আৰম্ভ হ'ব। ৰাজ্যৰ প্ৰতিটো বিধানসভা সমষ্টিত অনুষ্ঠিত হ'বলগীয়া সভাত নিযুত মইনা আঁচনিৰ শুভাৰম্ভ কৰা হ'ব বুলি কালি মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মাই এখন সংবাদমেল যোগে জানিবলৈ দিয়ে। খানাপাৰাৰ অসম পশু চিকিৎসা বিজ্ঞান মহাবিদ্যালয় খেলপথাৰত কাইলৈ মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মাই নিযুত মইনা আঁচনিৰ শুভাৰম্ভ কৰিব। নৱেম্বৰ মাহৰ পৰা ডি বি টিৰ জৰিয়তে ছাত্ৰীসকলৰ বেংক একাউণ্টত ধন সোমাব বুলি মুখ্যমন্ত্ৰীগৰাকীয়ে জানিবলৈ দিয়ে। নিযুত মইনা আঁচনি হৈছে বাল্...

October 4, 2024 2:15 PM

views 49

কাইলৈ পৰ্যায়ক্ৰমে ৰাজ্যৰ ২১ খন জিলাত ৩৯ খন সম-জিলা উদ্বোধন কৰা হ’ব

প্ৰশাসনীয় ব্যৱস্থা নিয়াৰিকৈ পৰিচালনাৰ লক্ষ্যৰে আজি আৰু কাইলৈ পৰ্যায়ক্ৰমে ৰাজ্যৰ ২১ খন জিলাত ৩৯ খন সম-জিলা উদ্বোধন কৰা হ'ব। উল্লেখযোগ্য যে ধুবুৰী জিলাৰ বিলাসীপাৰা, গোলকগঞ্জ, বঙাইগাঁৱৰ অভয়াপুৰী, কামৰূপ জিলাৰ ৰঙিয়া, নগাঁও জিলাৰ কলিয়াবৰ আৰু ৰহাক সম-জিলা হিচাপে ঘোষণা কৰা হৈছে। একেদৰে বিশ্বনাথৰ গহপুৰ আৰু বিহালী, লখিমপুৰ জিলাৰ ঢকুৱাখনা, ধেমাজিৰ জোনাইক সমজিলা হিচাপে স্বীকৃতি দিয়া হৈছে। আনহাতে, তিনিচুকীয়া জিলাৰ মাৰ্ঘেৰিটা, ডুমডুমা আৰু শদিয়া সম-জিলা হ’ব। ইফালে, শিৱসাগৰৰ নাজিৰা আৰু ডিমৌ, যোৰহাটৰ ত...

October 4, 2024 11:35 AM

views 48

নিযুত ম‍ইনা আঁচনিৰ অধীনত আনুষ্ঠানিকভাৱে ডি ডি বিতৰণ সন্দৰ্ভত যোৰহাটৰ আয়ুক্তৰ কাৰ্যালয়ত বৈঠক

যোৰহাট জিলাৰ নিযুত ম‍ইনা আঁচনিৰ অধীনৰ হিতাধিকাৰীসকলক আনুষ্ঠানিকভাৱে ডি ডি বিতৰণ সন্দৰ্ভত জিলা আয়ুক্তৰ কাৰ্যালয় সভাকক্ষত কালি এখন প্রস্তুতিমূলক সভা অনুষ্ঠিত হয়। উল্লেখযোগ্য যে অহা ৬ অক্টোবৰৰ পৰা প্ৰায় ৫৮খন শিক্ষানুষ্ঠানৰ ছাত্ৰ-ছাত্ৰীসকলক ৬ টা ভিন্ন স্থানত ডি ডি বিতৰণ কৰা হ'ব। জিলা আয়ুক্তৰ পৌৰোহিত্যত অনুষ্ঠিত সভাখনত শিক্ষা বিভাগৰ অতিৰিক্ত আয়ুক্তকে ধৰি শিক্ষানুষ্ঠানসমূহৰ অধ্যক্ষ আৰু জিলাখনৰ প্ৰশাসনীয় বিষয়াসকল উপস্থিত থাকে।