ৰাজ্য চৰকাৰে বিশ্ব মানসিক স্বাস্থ্য দিৱসৰ সৈতে সংগতি ৰাখি মানসিক ৰোগৰ চিকিৎসা, যতন আদি সন্দৰ্ভত জনসাধাৰণৰ মাজত সজাগতা সৃষ্টিৰ উদ্দেশ্যে মাহযোৰা কাৰ্যসূচী পালন কৰিছে। ৰাজ্য চৰকাৰে মানসিক ৰোগ সম্বন্ধীয় যিকোনো সমস্যাৰ ক্ষেত্ৰত পৰামৰ্শৰ বাবে ১৪৪১৬ হেল্পলাইন নম্বৰ মুকলি কৰিছে। দুখ আৰু হতাশাবোধ, অত্যধিক ভয় বা চিন্তা, আত্মহত্যাৰ প্ৰৱণতা, সুৰা বা ড্ৰাগছৰ প্ৰতি আসক্তি বৃদ্ধি, অত্যধিক ভাগৰ লগা বা টোপনিৰ সমস্যা আদি লক্ষণ পৰিলক্ষিত হ’লে চৰকাৰে নিকটৱৰ্তী জিলা মানসিক স্বাস্থ্য কোষৰ সৈতে যোগাযোগ কৰিবলৈ আহ্বান জনাইছে। উল্লেখযোগ্য যে, প্ৰতিবছৰে ১০ অক্টোবৰত বিশ্ব মানসিক স্বাস্থ্য দিৱস পালন কৰা হয়। এই বছৰৰ এই দিৱসৰ মূলমন্ত্ৰ আছিল- কর্মস্থলীত মানসিক স্বাস্থ্য।
Assamese | October 15, 2024 7:04 PM | Assam Govt
মানসিক ৰোগৰ চিকিৎসা, যতন আদি সন্দৰ্ভত সজাগতা সৃষ্টিৰ উদ্দেশ্যে মাহযোৰা কাৰ্যসূচী