ৰাজ্যিক পৰ্যায়ৰ নিযুক্তি আয়োগৰ অধীনত কাইলৈ হ’বলগীয়া চতুৰ্থ বৰ্গৰ লিখিত পৰীক্ষা নিকাভাৱে অনুষ্ঠিত কৰিবলৈ প্ৰশাসনৰ যাৱতীয় ব্যৱস্থা গ্ৰহণ কৰিছে। লিখিত পৰীক্ষা নিয়াৰিকৈ অনুষ্ঠিত কৰাৰ লক্ষ্যৰে ৰাজ্যজুৰি পুৱা ৮.৩০ বজাৰ পৰা বিয়লি ৪ বজালৈ ইণ্টাৰনেট সেৱা বন্ধ ৰখা হ’ব। ৰাজ্যত গৃহ আৰু ৰাজনৈতিক বিভাগৰ হৈ অতিৰিক্ত মুখ্য সচিব অজয় তিৱাৰীয়ে এটা বিবৃতিযোগে এই কথা সদৰি কৰাৰ লগতে সকলোকে যুৱপ্ৰজন্মৰ ভৱিষ্যতৰ স্বাৰ্থত সহযোগিতা কৰিবলৈ আহ্বান জনাইছে। চৰকাৰৰ নিৰ্দেশনা ভংগ কৰিলে ভাৰতীয় ন্যায় সংহিতাৰ ২০২৩ ধাৰা আৰু ইণ্ডিয়ান টেলিগ্রাফ এক্টৰ সংশ্লিষ্ট ব্যৱস্থাৰ অধীনত শাস্তি বিহা হ’ব বুলিও বিবৃতিটোত কোৱা হৈছে।
উল্লেখযোগ্য যে অসম ৰাজ্যিক বিদ্যালয় শিক্ষা পৰিষদৰ তত্বাৱধানত কাইলৈ ৰাজ্যৰ ২৮ খন জিলাত ৪২টা বিভাগৰ চতুৰ্থ বৰ্গৰ মুঠ ৫ হাজাৰ ২৩টা খালী পদৰ বাবে অনুষ্ঠিত হ’বলগীয়া এই পৰীক্ষাত এহেজাৰ ৪৮৪টা কেন্দ্ৰত ১৩ লাখ ৭৯ হাজাৰ ১৩২ গৰাকী প্ৰাৰ্থী অৱতীৰ্ণ হ’ব। ইয়াৰে প্ৰথম প্ৰশ্নকাকতত অৱতীৰ্ণ হ’বলগীয়া প্ৰাৰ্থী ৮ লাখ ২৭ হাজাৰ ১৩০ গৰাকী আৰু দ্বিতীয় প্ৰশ্নকাকতত ৫ লাখ ৫২ হাজাৰ দুগৰাকী। পুৱা ৯ বজাৰ পৰা দশম শ্রেণী উত্তীৰ্ণ প্ৰাৰ্থীৰ বাবে আৰু ডেৰ বজাৰ পৰা অষ্টম শ্রেণী উত্তীর্ণ প্রার্থীৰ বাবে এই পৰীক্ষা অনুষ্ঠিত হ’ব। মহিলা পৰীক্ষাৰ্থীৰ তালাচীৰ বাবে মহিলা আৰক্ষীৰ সৈতে অংগনৱাড়ী আৰু আশাকর্মী উপস্থিত থাকিব বুলি নিযুক্তি আয়োগে জানিবলৈ দিছে। প্ৰশিক্ষাৰ্থীসকলৰ সুবিধার্থে উত্তৰ পূৱ সীমান্ত ৰে’লৱেই আজিৰে পৰা ৰাজ্যত ৫ খন বিশেষ ৰে’লৰ চলাচলৰ ব্যৱস্থা কৰিছে। ৰে’লৰ সূচী অনুসৰি চলাচল কৰিবলগীয়া বিশেষ ৰেলগাড়ীকেইখন হ’ল কৰিমগঞ্জ-শিলচৰ-কৰিমগঞ্জ, মৰিয়নি-নাৰেঙ্গী-মৰিয়নি, হয়বৰগাঁও-গুৱাহাটী- হয়বৰগাঁও, আলিপুৰ দুৱাৰ-কামাখ্যা-আলিপুৰ দুৱাৰ আৰু জামিৰা-শিলচৰ-জামিৰা৷
Assamese | October 26, 2024 7:54 PM | ADRE | ADRE Exam | Assam | Assam Govt
কাইলৈ ৰাজ্যৰ ২৮ খন জিলাত ৪২টা বিভাগৰ চতুৰ্থ বৰ্গৰ মুঠ ৫ হাজাৰ ২৩টা খালী পদৰ বাবে পৰীক্ষা অনুষ্ঠিত হ’ব