ৰাজ্যিক মন্ত্রীসভাই উচ্চ মাধ্যমিকৰ ৪,৬০০ৰো অধিক ঠিকাভিত্তিক শিক্ষক-শিক্ষয়িত্ৰীৰ চাকৰি প্ৰায় নিয়মীয়াকৰণৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। এই নিয়ম বাধ্যতামূলক নহয় আৰু শিক্ষক-শিক্ষয়িত্ৰীসকলে ইচ্ছা কৰিলে পূৰ্বৰ দৰে ঠিকাভিত্তিক শিক্ষক হিচাপে কাম কৰাৰ বিকল্প গ্ৰহণ কৰিব পাৰিব। মন্ত্রীসভাই লগতে ১৯ ছেপ্তেম্বৰত দুখন আঁচনি আৰম্ভ কৰাৰ সিদ্ধান্ত লৈছে। ইয়াৰ প্ৰথমখন আঁচনিৰ অধীনত ১২ লাখ ৬০ হাজাৰ হিতাধিকাৰীক অৰুণোদয় আঁচনিত সংলগ্ন কৰা হ’ব। এই হিতাধিকাৰীসকলে ১০ জানুৱাৰীৰ ভিতৰত প্ৰথম কিস্তিৰ ধন লাভ কৰিব। দ্বিতীয়খন আঁচনিৰ অধীনত ১৭ লাখ নতুন লোকক ৰেচন কাৰ্ড প্ৰদান কৰা হ’ব। মন্ত্ৰীসভাৰ বৈঠকৰ অন্তত সাংবাদিকৰ সৈতে হোৱা কথা-বতৰাত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শর্মাই এই বিষয়ে প্ৰকাশ কৰে। মন্ত্রীসভাই কোকৰঝাৰত ষ্টেডিয়াম নিৰ্মাণৰ বাবে ১০৭ কোটি টকাত অনুমোদন জনাইছে। একেদৰে ডাউন টাউনৰ উৰণীয়া সেঁতুৰ বাবে ১১১ কোটি টকাত অনুমোদন দিছে। ইফালে চিৰিয়াখানা উন্নয়নৰ বাবে মন্ত্রীসভাই ৩৬২ কোটি টকাত অনুমোদন জনাইছে। চিৰিয়াখানাই দুটা কিস্তিত এই ধন লাভ কৰিব।
Assamese | September 13, 2024 9:07 PM | Assam | Assam Govt
উচ্চ মাধ্যমিকৰ ৪,৬০০ৰো অধিক ঠিকাভিত্তিক শিক্ষক-শিক্ষয়িত্ৰীৰ চাকৰি প্ৰায় নিয়মীয়াকৰণৰ সিদ্ধান্ত গ্ৰহণ ৰাজ্যিক মন্ত্রীসভাৰ