ৰাজ্য চৰকাৰৰ কৰ্মচাৰী বিভাগে জাৰি কৰা এখন নিৰ্দেশনা অনুসৰি সঞ্চালক পৰ্যায়ৰ কেইবাগৰাকীও প্রশাসনিক বিষয়াৰ ৰদ-বদল কৰা হৈছে। সেই অনুসৰি অসম চৰকাৰৰ সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ সচিব তথা সঞ্চালক, ডº ভূপেন হাজৰিকা আঞ্চলিক চৰকাৰী চলচ্চিত্ৰ আৰু টেলিভিছন প্ৰতিষ্ঠানৰ অতিৰিক্ত সঞ্চালক মিনাক্ষী দাস নাথক ৰাজহ আৰু দুৰ্যোগ ব্যৱস্থাপনা বিভাগৰ সচিব আৰু অসম ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণৰ অতিৰিক্ত মুখ্য কাৰ্যবাহী বিষয়া হিচাপে নিযুক্তি দিয়া হৈছে। ইপিনে, মহিলা আৰু শিশু বিকাশ বিভাগৰ যুটীয়া সচিব গৌৰীশংকৰ শৰ্মাক মহিলা আৰু শিশু বিকাশ বিভাগৰ সঞ্চালক তথা পোষণ অভিযানৰ ৰাজ্যিক প্ৰকল্প সঞ্চালক পদলৈ বদলি কৰা হৈছে। একেদৰে মহিলা আৰু শিশু বিকাশ বিভাগৰ সঞ্চালক তথা পোষণ অভিযানৰ ৰাজ্যিক প্ৰকল্প সঞ্চালক আৰু অসম ৰাজ্যিক যুৱ আয়োগৰ সচিব ৰাহুল চন্দ্ৰ দাসক ৰাজ্য চৰকাৰৰ সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ সঞ্চালক আৰু অসম ৰাজ্যিক যুৱ আয়োগৰ সচিব হিচাপে অতিৰিক্ত দায়িত্ব দিয়া হৈছে।
Assamese | September 11, 2024 8:04 PM | Assam Govt
ৰাজ্য চৰকাৰৰ সঞ্চালক পৰ্যায়ৰ কেইবাগৰাকীও প্রশাসনিক বিষয়াৰ ৰদ-বদল