November 10, 2025 5:40 PM

views 76

গোৱালপাৰাৰ দহিকটা বনাঞ্চলত প্ৰশাসন আৰু বন বিভাগৰ উচ্ছেদ অভিযানত ১,১৪০ বিঘা মাটি দখলমুক্ত

গোৱালপাৰা জিলাৰ দহিকটা বনাঞ্চলত প্ৰশাসন আৰু বন বিভাগে কালি উচ্ছেদ অভিযান চলাই ১,১৪০ বিঘা মাটি দখলমুক্ত কৰাৰ পাছত সেই অঞ্চলটো সংৰক্ষিত কৰি ৰখাৰ বাবে কাঁইটীয়া তাঁৰৰ বেৰ দিয়াৰ কাম আৰম্ভ কৰিছে। বন আৰু পৰিৱেশ বিভাগৰ দায়িত্বত থকা বিশেষ মুখ্য সচিব এম কে যাদৱৰ লগতে জিলাৰ বন সংমণ্ডল প্ৰাধীকাৰী তেজেছ মৰিশ্বামীয়ে আজি সেই ঠাই পৰিদৰ্শন কৰি অঞ্চলটোৰ সংৰক্ষণৰ বিষয়ে বন-বিষয়া আৰু কৰ্মচাৰীসকলৰ সৈতে আলোচনাত মিলিত হয়।

November 8, 2025 8:27 PM

views 58

গোৱালপাৰাৰ দহিকটা সংৰক্ষিত বনাঞ্চলত কাইলৈৰ পৰা দুদিনীয়াকৈ উচ্ছেদ অভিযান

গোৱালপাৰা জিলাৰ দহিকটা সংৰক্ষিত বনাঞ্চলত কাইলৈৰ পৰা দুদিনীয়াকৈ উচ্ছেদ চলোৱা হ'ব। মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শর্মাই সামাজিক মাধ্যমযোগে কাইলৈ আৰু পৰহিলৈ উচ্ছেদ চলোৱা হ'ব বুলি কৰা ঘোষণাৰ পাছতে দখলকাৰীসকলে স্বেচ্চাই সেই ঠাই ত্যাগ কৰিছে। উচ্ছেদৰ বাবে গোৱালপাৰা জিলা প্ৰশাসন সম্পূৰ্ণ সাজু হৈ উঠা বুলি আমাৰ গোৱালপাৰা সংবাদদাতাই প্ৰকাশ কৰিছে। ইয়াৰ জৰিয়তে দহিকটা সংৰক্ষিত বনাঞ্চলৰ এহেজাৰ ১৪০ বিঘা ভূমি দখলমুক্ত কৰা হ'ব। জিলাখনৰ দুবাপাৰা, বেহাৰফুলি, দাৰোগাৰ আলগা কে ধৰি কেইবাটাও অঞ্চলত বসবাস কৰা বহু লোক জ...

September 1, 2025 11:24 AM

views 45

বৰাক উপত্যকাতো বনভূমি দখল কৰা লোকসকলৰ বিৰুদ্ধে উচ্ছেদ অভিযান চলোৱা হ’ব: মুখ্যমন্ত্ৰী

● ব্ৰহ্মপুত্ৰ উপত্যকাৰ দৰে বৰাক উপত্যকাতো বনভূমি দখল কৰা লোকসকলৰ বিৰুদ্ধে উচ্ছেদ অভিযান চলোৱা হ'ব। মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই কালি শিলচৰৰ ৰংগীৰখাৰি বঁটাৰীত এখন জনসভাত অংশ লৈ এইদৰে প্ৰকাশ কৰে। তেওঁ কয়, যে অবৈধভাৱে চৰকাৰী ভূমি দখল কৰা লোকৰ বিৰুদ্ধে ৰাজ্য চৰকাৰে উচ্ছেদ অভিযান অব্যাহত ৰাখিব। বৰাক উপত্যকাৰ হিন্দু-বঙালী সম্প্ৰদায়ৰ সম্পূৰ্ণ সুৰক্ষা তথা সামগ্ৰীক বিকাশৰ দিশত ৰাজ্য চৰকাৰে কাম কৰি যাব বুলিও ড০ শৰ্মাই উল্লেখ কৰে। তেওঁ শিলচৰৰ কেপিটেল পইণ্টৰ পৰা ৰংগীৰখাৰিলৈ ৭০০ কোটি টকা ব্যয় সাপেক...

August 28, 2025 8:28 PM

views 63

নগাঁৱৰ কলং পাৰৰ ভূমিত উচ্ছেদ অভিযান চলিব আৰু ইয়াৰ বাবে শীঘ্ৰে জাননী প্ৰেৰণ কৰা হ’ব

নগাঁৱৰ কলং পাৰৰ ভূমিত উচ্ছেদ অভিযান চলিব আৰু ইয়াৰ বাবে শীঘ্ৰে জাননী প্ৰেৰণ কৰা হ'ব। জিলা আয়ুক্ত দেৱাশীষ শৰ্মাই আজি নাৱেৰে কলঙৰ অবৈধভাৱে দখল কৰা অঞ্চল পৰিদৰ্শন কৰি এইদৰে মন্তব্য কৰে। তেওঁ কয় যে অবৈধভাৱে দখল কৰা অঞ্চলসমূহ নিৰ্দিষ্ট সময়ত খালী নকৰিলে বিধিগত ব্যৱস্থা গ্ৰহণ কৰা হ'ব। কলঙৰ মাটি ম্যাদী কৰাক লৈ আশ্চৰ্য প্ৰকাশ কৰি জিলা আয়ুক্তগৰাকীয়ে নৈখন প্ৰদূষিত কৰাসকলক সকিয়াই দিয়ে। আয়ুক্তগৰাকীয়ে শৌচালয়ৰ টেংকি আঁতৰাই নিনিলে এনে লোক গ্ৰেপ্তাৰ পৰ্যন্ত হ'ব পাৰে বুলি মন্তব্য কৰে।

August 26, 2025 8:30 PM

views 55

উৰিয়ামঘাটৰ ৰেংমা সংৰক্ষিত বনাঞ্চলত তৃতীয় পৰ্যায়ৰ উচ্ছেদ অভিযান সফলতাৰে সম্পন্ন

গোলাঘাট জিলাৰ উৰিয়ামঘাটৰ ৰেংমা সংৰক্ষিত বনাঞ্চলত আজি তৃতীয় পৰ্যায়ৰ উচ্ছেদ অভিযান সফলতাৰে সম্পন্ন হয়। প্ৰশাসন আৰু বন বিভাগে বনাঞ্চলখনৰ ১ নম্বৰ মধুপুৰ, ৰানানগৰ আৰু হাতীদিঙি অঞ্চলত উচ্ছেদ চলাই ২২৮টা বাসগৃহ ধ্বংস কৰে। সংৰক্ষিত বনভূমি এলেকাৰ কেইবা হেক্টৰ ভূমি আজি দখলমুক্ত কৰা হয়। সমগ্র অভিযান আইনসংগতভাৱে আৰু পূৰ্বে জাৰি কৰা জাননীৰ ভিত্তিত শান্তিপূর্ণভাৱে সম্পন্ন হয়। বিশেষ মুখ্য সচিব এন কে যাদৱৰ নেতৃত্বত এই অভিযানত জিলা আয়ুক্ত জ্যেষ্ঠ আৰক্ষী অধীক্ষক, বন বিভাগ, চি আৰ পি এফ আৰু অসম আৰক্ষীয়ে সহযো...

August 25, 2025 10:13 AM

views 72

ভোটাৰ তালিকাৰ পৰা উচ্ছেদিত লোকসকলৰ নাম কৰ্তন কৰা হ’ব: মুখ্যমন্ত্রী

● ৰাজ্যত উচ্ছেদ অভিযান চলোৱা স্থানৰ ভোটাৰ তালিকাৰ পৰা উচ্ছেদিত লোকসকলৰ নাম কৰ্তন কৰা হ’ব বুলি মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মাই ঘোষণা কৰিছে। তিনিচুকীয়া জিলাৰ মাৰ্ঘেৰিটাত মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা অভিযানৰ অধীনত দ্বিতীয় পৰ্যায়ৰ পুঁজি বিতৰণ কৰি কালি মুখ্যমন্ত্ৰী ড০ শৰ্মাই সাংবাদিকৰ আগত কয়, যে যি স্থানত উচ্ছেদ অভিযান চলোৱা হৈছে সেই ঠাইৰ পৰা উচ্ছেদিত লোকসকলৰ ভোটাৰ তালিকাত নাম কৰ্তন কৰা হ'ব। নামনি আৰু মধ্য অসমৰ দৰে উজনি আৰু উত্তৰ অসম যাতে শেষ হৈ নাযায় তাৰ বাবে ৰাজ্য চৰকাৰে চেষ্টা চলাই থকা বুল...

August 24, 2025 12:24 PM

views 48

উৰিয়ামঘাটৰ উচ্ছেদিত ভূমিত গছপুলি ৰোপণৰ সিদ্ধান্ত

● অসম আৰু নাগালেণ্ডৰ মুখ্যমন্ত্ৰীৰ মাজত পৰৱৰ্তী পৰ্যায়ৰ আলোচনাৰ পাছতহে উৰিয়ামঘাটৰ ৰেংমা সংৰক্ষিত বনাঞ্চলৰ উচ্ছেদিত ভূমিত গছপুলি ৰোপণ কৰা হ'ব। কালি ৰাজ্যৰ বন আৰু পৰিবেশ মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰী আৰু নাগালেণ্ডৰ উপ-মুখ্যমন্ত্ৰী তথা গৃহ আৰু সীমা বিভাগৰ মন্ত্ৰী ৱাই পেটনৰ নেতৃত্বত দুয়োখন ৰাজ্যৰ চৰকাৰী প্ৰতিনিধিৰ দলে বনাঞ্চলখনৰ উচ্ছেদিত ভূমি পৰিদৰ্শন কৰে। ইয়াৰ পাছতে দলটোৱে উৰিয়ামঘাটৰ বিদ্যাপুৰ খেল-পথাৰত গছপুলি ৰোপন সন্দৰ্ভত এখন বিশেষ বৈঠকত মিলিত হয়। বৈঠকৰ পাছত নাগালেণ্ডৰ মন্ত্ৰীগৰাকীয়ে সংবাদ ম...

August 21, 2025 7:00 PM

views 43

বিশ্বনাথৰ চৰণীয়া পথাৰৰ ভূমি দখল কৰি থকা ৪৩৩টা পৰিয়াললৈ জিলা প্ৰশাসনে উচ্ছেদৰ জাননী

বিশ্বনাথ জিলাৰ চৰণীয়া পথাৰৰ ভূমি দখল কৰি থকা ৪৩৩টা পৰিয়াললৈ জিলা প্ৰশাসনে উচ্ছেদৰ জাননী জাৰি কৰিছে। পৰিয়ালকেইটাক ১৫ দিনৰ ভিতৰত সেই ঠাই ত্যাগ কৰিবলৈ কোৱা হৈছে। জিলাখনৰ নিজ বাঘমাৰী গাঁৱৰ গোপচাৰৰ ২৬৫ বিঘা ভূমিত উচ্ছেদ চলোৱা হ'ব। ইপিনে, ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ দখলিকৃত ভূমি দখলমুক্ত নোহোৱা পৰ্যন্ত ৰাজ্য চৰকাৰে উচ্ছেদ অভিযান চলাই যাবলৈ নিজৰ স্থিতিত অটল হৈ আছে বুলি মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই প্ৰকাশ কৰিছে। কালি বিশ্বনাথ জিলা ভ্ৰমণৰ সময়ত সাংবাদিকৰ আগত মুখ্যমন্ত্রীয়ে এই কথা প্রকাশ কৰে। তেওঁ ...

August 20, 2025 8:30 PM

views 68

ৰাজ্যৰ দুখন জিলাত প্ৰশাসনৰ উচ্ছেদ অভিযান

চৰাইদেউ জিলাৰ মথুৰাপুৰত থকা ঐতিহাসিক ভূঞা পুখুৰীৰ মাটি অধিকাৰ কৰি বাসগৃহ নিৰ্মাণ কৰা দুটা পৰিয়ালৰ বিৰুদ্ধে আজি চৰাইদেউ জিলা প্ৰশাসনে উচ্ছেদ চলায়। জিলা প্ৰশাসনে দখলকাৰী হিচাপে চিনাক্ত হোৱা অনু বেগম আৰু মবিদুল ইছলামৰ বাসগৃহ ভাঙি দিয়াৰ লগতে পুখুৰীৰ মাটি দখলমুক্ত কৰাৰ প্ৰক্ৰিয়া আৰম্ভ কৰে। পৰিয়াল দুটাই বহু দিনৰে পৰাই ভূঞা পুখুৰীৰ মাটি দখল কৰি আছিল। যোৱা ৯ আগষ্টত দখলকাৰী পৰিয়ালৰ এগৰাকী সদস্যই চৰাইদেউৰ এগৰাকী জ্যেষ্ঠ সাংবাদিকক ৰাজপথতে আক্ৰমণ কৰি অপ্রীতিকৰ পৰিস্থিতিৰ সৃষ্টি কৰিছিল। এই ঘটনাৰ পাছতে ...

August 19, 2025 12:04 PM

views 44

উৰিয়ামঘাটৰ উচ্ছেদৰ সম্পৰ্কত গুৱাহাটী উচ্চ ন্যায়ালয়ে শুনানি গ্রহণ কৰি ৭ দিনৰ ভিতৰত লোকসকলক স্থান ত্যাগ কৰিবলৈ নিৰ্দেশ

■ উৰিয়ামঘাটৰ উচ্ছেদৰ সম্পৰ্কত কালি গুৱাহাটী উচ্চ ন্যায়ালয়ে শুনানি গ্রহণ কৰি বনভূমি দখল কৰি থকা লোকসকলক ৭ দিনৰ ভিতৰত সেই স্থান খালী কৰিবলৈ নিৰ্দেশ দিছে। গুৱাহাটী উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ আশুতোষ কুমাৰ আৰু ন্যায়াধীশ অৰুণ দেৱচৌধুৰী খণ্ড বিচাৰপীঠে দিয়া ৰায় অনুসৰি উৰিয়ামঘাটৰ বনভূমি দখল কৰি থকা লোকসকলে যিকোনো পৰিস্থিতিতে সেই স্থান ত্যাগ কৰিব লাগিব। উৰিয়ামঘাটৰ ৰাণা নগৰ, হাতীডুবি, হালধিবাৰী, দুর্গাপুৰ আৰু ১ নম্বৰ মধুপুৰ গাঁৱত কালি প্ৰশাসনে দ্বিতীয় পর্যায়ত উচ্ছেদ অভিযান আৰম্ভ কৰিছিল। এই...