গোৱালপাৰা জিলাৰ দহিকটা সংৰক্ষিত বনাঞ্চলত কাইলৈৰ পৰা দুদিনীয়াকৈ উচ্ছেদ চলোৱা হ’ব। মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শর্মাই সামাজিক মাধ্যমযোগে কাইলৈ আৰু পৰহিলৈ উচ্ছেদ চলোৱা হ’ব বুলি কৰা ঘোষণাৰ পাছতে দখলকাৰীসকলে স্বেচ্চাই সেই ঠাই ত্যাগ কৰিছে। উচ্ছেদৰ বাবে গোৱালপাৰা জিলা প্ৰশাসন সম্পূৰ্ণ সাজু হৈ উঠা বুলি আমাৰ গোৱালপাৰা সংবাদদাতাই প্ৰকাশ কৰিছে। ইয়াৰ জৰিয়তে দহিকটা সংৰক্ষিত বনাঞ্চলৰ এহেজাৰ ১৪০ বিঘা ভূমি দখলমুক্ত কৰা হ’ব। জিলাখনৰ দুবাপাৰা, বেহাৰফুলি, দাৰোগাৰ আলগা কে ধৰি কেইবাটাও অঞ্চলত বসবাস কৰা বহু লোক জলজলি নৈৰ খহনীয়াৰ কবলত পৰি শ্ৰীসূৰ্য্য পাহাৰৰ উত্তৰ পশ্চিম দিশত থকা দহিকটা সংৰক্ষিত বনাঞ্চলৰ ভূমিত যোৱা ২৫-৩০ বছৰে বসবাস কৰি আহিছে। দুবাপাৰা বন উদ্যানৰ পূৱ দিশৰ ভাটিয়াপাৰা গাওঁৰ কিছু অংশৰ লগতে উদ্যানৰ পশ্চিম দিশ আৰু উত্তৰ পশ্চিম দিশৰ কিছু অংশ দহিকটা সংৰক্ষিত বনাঞ্চলৰ অন্তৰ্গত।
Assamese | November 8, 2025 8:27 PM | Assam Eviction
গোৱালপাৰাৰ দহিকটা সংৰক্ষিত বনাঞ্চলত কাইলৈৰ পৰা দুদিনীয়াকৈ উচ্ছেদ অভিযান