গোলাঘাট জিলাৰ উৰিয়ামঘাটৰ ৰেংমা সংৰক্ষিত বনাঞ্চলত আজি তৃতীয় পৰ্যায়ৰ উচ্ছেদ অভিযান সফলতাৰে সম্পন্ন হয়। প্ৰশাসন আৰু বন বিভাগে বনাঞ্চলখনৰ ১ নম্বৰ মধুপুৰ, ৰানানগৰ আৰু হাতীদিঙি অঞ্চলত উচ্ছেদ চলাই ২২৮টা বাসগৃহ ধ্বংস কৰে। সংৰক্ষিত বনভূমি এলেকাৰ কেইবা হেক্টৰ ভূমি আজি দখলমুক্ত কৰা হয়। সমগ্র অভিযান আইনসংগতভাৱে আৰু পূৰ্বে জাৰি কৰা জাননীৰ ভিত্তিত শান্তিপূর্ণভাৱে সম্পন্ন হয়। বিশেষ মুখ্য সচিব এন কে যাদৱৰ নেতৃত্বত এই অভিযানত জিলা আয়ুক্ত জ্যেষ্ঠ আৰক্ষী অধীক্ষক, বন বিভাগ, চি আৰ পি এফ আৰু অসম আৰক্ষীয়ে সহযোগ কৰে। এই অভিযান সাময়িকভাৱে স্থগিত ৰখা হৈছিল। উল্লেখযোগ্য যে উৰিয়ামঘাটত চৰকাৰে উচ্ছেদ অভিযান চলাই এইপর্যন্ত প্রায় ১৩ হাজাৰ বিঘা বনাঞ্চল দখলমুক্ত কৰিছে। ৰেংমা বনাঞ্চলৰ উপৰি ৰাজ্য চৰকাৰে উৰিয়ামঘাটৰ আশে-পাশে আন একাংশ অঞ্চলতো উচ্ছেদ অভিযান চলোৱাৰ বাবে প্ৰস্তুতি চলাইছে।
Assamese | August 26, 2025 8:30 PM | Assam Eviction
উৰিয়ামঘাটৰ ৰেংমা সংৰক্ষিত বনাঞ্চলত তৃতীয় পৰ্যায়ৰ উচ্ছেদ অভিযান সফলতাৰে সম্পন্ন