August 1, 2025 8:53 PM

views 64

উৰিয়ামঘাটৰ ৰেংমা সংৰক্ষিত বনাঞ্চলত আজি ক্রমাগত চতুর্থদিনৰ বাবে প্ৰশাসন তথা বন বিভাগৰ উচ্ছেদ অভিযান

উৰিয়ামঘাটৰ ৰেংমা সংৰক্ষিত বনাঞ্চলত আজি ক্রমাগত চতুর্থদিনৰ বাবে প্ৰশাসন তথা বন বিভাগৰ উচ্ছেদ অভিযান চলায়। বনাঞ্চলখনত থকা ২ নম্বৰ আৰু ৩ নম্বৰ দয়ালপুৰ, ৩ নম্বৰ দলনিপথাৰ খেৰবাৰী, ২ নম্বৰ মধুপুৰ আৰু বিদ্যাপুৰত আজি অভিযান চলে। অঞ্চলকেইটাত থকা বাসগৃহ, মাদ্রাছা, মছজিদ আৰু তামোলৰ বাৰীত প্রশাসনে বুলডজাৰ চলাই উচ্ছেদ কৰে। প্ৰশাসনে জনোৱা অনুসৰি উৰিয়াঘাটৰ ৰেংমা সংৰক্ষিত বনাঞ্চলখনত ৩ আগষ্ট অর্থাৎ পৰহিলৈকে উচ্ছেদ অভিযান চলিব।

August 1, 2025 6:39 PM

views 56

ৰাজ্যত বৰ্তমানলৈকে ১ লাখ ৩৯ হাজাৰ বিঘা ভূমি দখলমুক্ত কৰা হৈছেঃ মুখ্যমন্ত্রী

ৰাজ্যত বৰ্তমানলৈকে ১ লাখ ৩৯ হাজাৰ বিঘা ভূমি দখলমুক্ত কৰা হৈছে। মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাই কালি গুৱাহাটীত সাংবাদিকৰ আগত এই কথা প্ৰকাশ কৰে। তেওঁ কয়, যে উৰিয়ামঘাট অঞ্চলত চলোৱা উচ্ছেদ অভিযানত ১০ হাজাৰৰো অধিক ভূমি দখলমুক্ত কৰা হৈছে। পূৰ্বতে ১ লাখ ২৯ হাজাৰ বিঘা ভূমি দখলমুক্ত কৰা হৈছিল বুলি তেওঁ জানিবলৈ দিয়ে। ড° শৰ্মাই লগতে উৰিয়ামঘাটত চলোৱা উচ্ছেদ অভিযানত সহযোগিতা কৰাৰ বাবে নাগালেণ্ডৰ মুখ্যমন্ত্ৰী নেইফিউ ৰিঅ'ক ধন্যবাদ জ্ঞাপন কৰে। গুৱাহাটীৰ বনাঞ্চল সন্দৰ্ভত মুখ্যমন্ত্ৰীগৰাকীয়ে কয়, যে ৰাজ্...

July 28, 2025 5:51 PM

views 63

উৰিয়ামঘাটৰ ৰেংমা সংৰক্ষিত বনাঞ্চলত কাইলৈ পুৱাৰে পৰা উচ্ছেদ অভিযান চলোৱা হ’ব

উৰিয়ামঘাটৰ ৰেংমা সংৰক্ষিত বনাঞ্চলত কাইলৈ পুৱাৰে পৰা উচ্ছেদ অভিযান চলোৱা হ'ব। আমাৰ গোলাঘাটৰ সংবাদদাতাই জনোৱা মতে প্রশাসনে ইতিমধ্যে অঞ্চলটোত উচ্ছেদৰ বাবে শ-শ এক্সকেভেটৰ সাজু কৰিছে। উল্লেখযোগ্য যে বন বিভাগৰ জাননী লাভ কৰাৰ পাছতে অঞ্চলটোৰ পৰা প্ৰায় ৭০ শতাংশ লোক আঁতৰি গৈছে যদিও একাংশ লোক এতিয়াও সেই স্থানতে আছে। উচ্ছেদৰ পূৰ্বে বন বিভাগে সোণাৰীবিল, মধুপুৰ, খেৰবাৰী, পিঠাঘাটকে ধৰি অন্যান্য গাঁওসমূহত বসতি কৰা লোকসকলক আজিৰ ভিতৰত অঞ্চলটো খালী কৰি দিবলৈ অন্তিমবাৰৰ বাবে সকিয়াই দিছে। ইয়াৰ আগেয়ে প্রশাসনে জ...

July 27, 2025 8:55 PM

views 65

উৰিয়ামঘাটৰ ৰেংমা সংৰক্ষিত বনাঞ্চলত হ’বলগীয়া উচ্ছেদৰ পূৰ্বে আৰক্ষী আৰু বন বিভাগ তৎপৰ

উৰিয়ামঘাটৰ ৰেংমা সংৰক্ষিত বনাঞ্চলত পৰহিলৈ পুৱাৰ পৰা হ'বলগীয়া উচ্ছেদৰ পূৰ্বে আৰক্ষী আৰু বন বিভাগ তৎপৰ হৈ পৰিছে। আমাৰ গোলাঘাটৰ সংবাদদাতাই জনোৱা মতে বন বিভাগৰ জাননী লাভ কৰাৰ পাছতে অঞ্চলটোৰ পৰা প্ৰায় ৭০ শতাংশ লোক আঁতৰি গৈছে। অৱশ্যে একাংশ লোক এতিয়াও সেই স্থানতে আছে। উচ্ছেদৰ পূৰ্বে বন বিভাগে সোণাৰীবিল, মধুপুৰ, খেৰবাৰী, পিঠাঘাটকে ধৰি অন্যান্য গাঁওসমূহত বসতি কৰা লোকসকলক কাইলৈৰ ভিতৰত অঞ্চলটো খালী কৰি দিবলৈ অন্তিমবাৰৰ বাবে সকীয়াই দিছে। ইয়াৰ আগেয়ে প্ৰশাসনে জাৰি কৰা জাননীত দখল কৰা লোকসকলক সাত দিনৰ ভি...

July 27, 2025 10:55 AM

views 55

উৰিয়াম ঘাটৰ ৰেংমা সংৰক্ষিত বনাঞ্চলত ২৯ জুলাইৰ পুৱাৰ পৰা উচ্ছেদ অভিযান

উৰিয়াম ঘাটৰ ৰেংমা সংৰক্ষিত বনাঞ্চলত অহা ২৯ জুলাইৰ পুৱাৰ পৰা উচ্ছেদ চলোৱা হ'ব। বন বিভাগে অঞ্চলটোৰ সোণাৰীবিল, মধুপুৰ, খেৰবাৰী, পিঠাঘাটকে ধৰি গাঁওসমূহলৈ গৈ কাইলৈৰ ভিতৰত অঞ্চলটো খালী কৰি দিবলৈ জাননী দিছে। ইয়াৰ আগেয়ে প্রশাসনে জাৰি কৰা জাননীত দখল কৰা লোকসকলক সাত দিনৰ ভিতৰত এই স্থান খালী কৰিবলৈ সময়সীমা বান্ধি দিয়া হৈছিল। কেইবাটাও পর্যায়ত হ'বলগীয়া এই উচ্ছেদ অভিযানত প্ৰায় ১১ হাজাৰ বিঘা ভূমি দখলমুক্ত কৰা হ'ব। জাননী জাৰি কৰাৰ পাছতে অঞ্চলটোৰ পৰা প্ৰায় ৭০ শতাংশ লোক আঁতৰি গৈছে যদিও একাংশ লোক এতিয়াও ...

July 8, 2025 7:46 PM

views 59

ধুবুৰীৰ কেইবাটাও অঞ্চলত জিলা প্ৰশাসনৰ উচ্ছেদ অভিযান

ধুবুৰী জিলা প্ৰশাসনে আজি চাপৰ ৰাজহ চক্ৰৰ অন্তৰ্গত চিৰাকুটা, চৰুৱাবাখৰা আৰু সন্তোষপুৰৰ লগতে আন কেইবাটাও অঞ্চলত উচ্ছেদ অভিযান চলায়। তাপবিদ্যুৎ প্রকল্প নিমাৰ্ণৰ বাবে ৰাজ্য চৰকাৰে আৱণ্টন কৰা প্ৰায় ৩ হাজাৰ ৪০০ বিঘা ভূমিত থকা এহেজাৰ ৬৯টা পৰিয়ালক জিলা প্ৰশাসনে উচ্ছেদ কৰে। সহস্ৰাধিক আৰক্ষী আৰু অৰ্ধসামৰিক বাহিনীৰ উপস্থিতিত চলোৱা উচ্ছেদৰ সময়ত উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয়। একাংশ উচ্ছেদিতই ঘৰ ভাঙিবলৈ অহা এছকেভেটৰলৈ শিলগুটি নিক্ষেপ কৰে। পৰিস্থিতি নিয়ন্ত্ৰণ কৰিবলৈ আৰক্ষীয়ে লাঠীচালনা কৰে। আমাৰ ধুবুৰীৰ স...