ধুবুৰী জিলা প্ৰশাসনে আজি চাপৰ ৰাজহ চক্ৰৰ অন্তৰ্গত চিৰাকুটা, চৰুৱাবাখৰা আৰু সন্তোষপুৰৰ লগতে আন কেইবাটাও অঞ্চলত উচ্ছেদ অভিযান চলায়। তাপবিদ্যুৎ প্রকল্প নিমাৰ্ণৰ বাবে ৰাজ্য চৰকাৰে আৱণ্টন কৰা প্ৰায় ৩ হাজাৰ ৪০০ বিঘা ভূমিত থকা এহেজাৰ ৬৯টা পৰিয়ালক জিলা প্ৰশাসনে উচ্ছেদ কৰে। সহস্ৰাধিক আৰক্ষী আৰু অৰ্ধসামৰিক বাহিনীৰ উপস্থিতিত চলোৱা উচ্ছেদৰ সময়ত উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয়। একাংশ উচ্ছেদিতই ঘৰ ভাঙিবলৈ অহা এছকেভেটৰলৈ শিলগুটি নিক্ষেপ কৰে। পৰিস্থিতি নিয়ন্ত্ৰণ কৰিবলৈ আৰক্ষীয়ে লাঠীচালনা কৰে। আমাৰ ধুবুৰীৰ সংবাদদাতাই জনোৱা অনুসৰি বিধায়ক অখিল গগৈ উচ্ছেদস্থলীত উপস্থিত হোৱাৰ পাছতে একাংশ ৰাইজে আৰক্ষীক আক্ৰমণ কৰিবলৈ উদ্যত হয়। বিধায়ক অখিল গগৈক ধুবুৰী আৰক্ষীয়ে আটক কৰি চাপৰ থানাত কিছুসময়ৰ ৰখাৰ পাছত গোৱালপাৰা জিলাত মুকলি কৰি দিয়ে। উল্লেখযোগ্য যে উত্তপ্ত পৰিস্থিতি সৃষ্টি হোৱাৰ পৰিপ্ৰেক্ষিতত দিনৰ ভাগত অঞ্চলটোত উচ্ছেদ অভিযান স্থগিত ৰখা হয়।
Assamese | July 8, 2025 7:46 PM | Assam Eviction
ধুবুৰীৰ কেইবাটাও অঞ্চলত জিলা প্ৰশাসনৰ উচ্ছেদ অভিযান