উৰিয়ামঘাটৰ ৰেংমা সংৰক্ষিত বনাঞ্চলত কাইলৈ পুৱাৰে পৰা উচ্ছেদ অভিযান চলোৱা হ’ব। আমাৰ গোলাঘাটৰ সংবাদদাতাই জনোৱা মতে প্রশাসনে ইতিমধ্যে অঞ্চলটোত উচ্ছেদৰ বাবে শ-শ এক্সকেভেটৰ সাজু কৰিছে। উল্লেখযোগ্য যে বন বিভাগৰ জাননী লাভ কৰাৰ পাছতে অঞ্চলটোৰ পৰা প্ৰায় ৭০ শতাংশ লোক আঁতৰি গৈছে যদিও একাংশ লোক এতিয়াও সেই স্থানতে আছে। উচ্ছেদৰ পূৰ্বে বন বিভাগে সোণাৰীবিল, মধুপুৰ, খেৰবাৰী, পিঠাঘাটকে ধৰি অন্যান্য গাঁওসমূহত বসতি কৰা লোকসকলক আজিৰ ভিতৰত অঞ্চলটো খালী কৰি দিবলৈ অন্তিমবাৰৰ বাবে সকিয়াই দিছে। ইয়াৰ আগেয়ে প্রশাসনে জাৰি কৰা জাননীত দখল কৰা লোকসকলক সাদিনৰ ভিতৰত এই স্থান খালী কৰিবলৈ সময়সীমা বান্ধি দিয়া হৈছিল। কেইবাটাও পর্যায়ত হ’বলগীয়া এই উচ্ছেদ অভিযানত প্ৰায় ১১ হাজাৰ বিঘা ভূমি দখলমুক্ত কৰা হ’ব। মেৰাপানীৰ সমীপৰ দুই নম্বৰ নেঘেৰিবিল গাঁৱত উচ্ছেদ চলোৱাৰ বাবেও প্রশাসন সাজু হৈছে।
ইপিনে, নগাঁও জিলাৰ হাতীচোং মৌজাৰ দুটা স্থানত প্ৰশাসনে উচ্ছেদ চলোৱাৰ সিদ্ধান্ত গ্ৰহণ কৰি দখলকাৰীলৈ জাননী জাৰি কৰিছে। এই জাননীৰ জৰিয়তে লোকসকলক সংৰক্ষিত বনভূমি খালী কৰি দিবলৈ নিৰ্দেশ দিয়া হৈছে।
Assamese | July 28, 2025 5:51 PM | Akashvani News | Assam Eviction | Golaghat | uriamghat rengma
উৰিয়ামঘাটৰ ৰেংমা সংৰক্ষিত বনাঞ্চলত কাইলৈ পুৱাৰে পৰা উচ্ছেদ অভিযান চলোৱা হ’ব