বিশ্বনাথ জিলাৰ চৰণীয়া পথাৰৰ ভূমি দখল কৰি থকা ৪৩৩টা পৰিয়াললৈ জিলা প্ৰশাসনে উচ্ছেদৰ জাননী জাৰি কৰিছে। পৰিয়ালকেইটাক ১৫ দিনৰ ভিতৰত সেই ঠাই ত্যাগ কৰিবলৈ কোৱা হৈছে। জিলাখনৰ নিজ বাঘমাৰী গাঁৱৰ গোপচাৰৰ ২৬৫ বিঘা ভূমিত উচ্ছেদ চলোৱা হ’ব।
ইপিনে, ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ দখলিকৃত ভূমি দখলমুক্ত নোহোৱা পৰ্যন্ত ৰাজ্য চৰকাৰে উচ্ছেদ অভিযান চলাই যাবলৈ নিজৰ স্থিতিত অটল হৈ আছে বুলি মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই প্ৰকাশ কৰিছে। কালি বিশ্বনাথ জিলা ভ্ৰমণৰ সময়ত সাংবাদিকৰ আগত মুখ্যমন্ত্রীয়ে এই কথা প্রকাশ কৰে। তেওঁ কয়, যে এইক্ষেত্ৰত চৰকাৰৰ স্থিতি স্পষ্ট আৰু দখলিকৃত ভূমি সম্পূৰ্ণৰূপে উচ্ছেদ নোহোৱা পর্যন্ত অভিযান চলাই থকা হ’ব।
Assamese | August 21, 2025 7:00 PM | Akashvani Guwahati | Assam Eviction | Biswanath
বিশ্বনাথৰ চৰণীয়া পথাৰৰ ভূমি দখল কৰি থকা ৪৩৩টা পৰিয়াললৈ জিলা প্ৰশাসনে উচ্ছেদৰ জাননী