March 21, 2025 7:47 PM

views 74

অসম বিধানসভাত আজি হোৱা কথা কটাকটিক লৈ হুলস্থূলীয়া পৰিৱেশৰ সৃষ্টি

অসম বিধানসভাত আজি লোকনিৰ্মাণ বিভাগৰ কৰ্তন প্ৰস্তাৱ সন্দৰ্ভত অনুষ্ঠিত আলোচনাৰ সময়ত বিজেপিৰ বিধায়ক ৰূপজ্যোতি কুৰ্মী আৰু বিধায়ক অখিল গগৈ আৰু বিধায়ক শ্বেৰমান আলীৰ মাজত হোৱা কথা কটাকটিক লৈ সদনত হুলস্থূলীয়া পৰিৱেশৰ সৃষ্টি হয়। মৰিয়ণিৰ বিধায়ক ৰূপজ্যোতি কুৰ্মীয়ে বিতৰ্কত ভাগ লৈ পূৰ্বৰ চৰকাৰসমূহৰ তুলনাত বৰ্তমানৰ চৰকাৰে কৰা কাম-কাজৰ প্ৰশংসাৰ সময়ত বিধায়ক অখিল গগৈ আৰু বিধায়ক শ্বেৰমান আলীয়ে তেওঁলোকৰ ফাললৈ চাই বক্তব্য উত্থাপন কৰাৰ পৰিৱৰ্তে অধ্যক্ষকহে সম্বোধন কৰিব লাগে বুলি মন্তব্য কৰাত বিধায়ক কুৰ্...

March 21, 2025 7:44 PM

views 68

ৰাজ্যত কৰ্কট ৰোগ নিয়ন্ত্ৰণ আৰু প্ৰতিৰোধৰ বাবে অহৰহ প্ৰচেষ্টা চলোৱা হৈছে বুলি অসম বিধানসভাত অশোক সিংহলৰ প্ৰকাশ

বিশ্বৰ ভিন ভিন প্ৰান্তৰ লগতে অসমতো কৰ্কট ৰোগৰ প্ৰাদুৰ্ভাৱ দিনক দিনে বৃদ্ধি পোৱাৰ প্ৰতি লক্ষ্য ৰাখি ৰাজ্য চৰকাৰৰ স্বাস্থ্য বিভাগৰ অধীনৰ অসম কেঞ্চাৰ কেয়াৰ ফাউণ্ডেচন, ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযান আৰু টাটা ট্ৰাষ্টৰ সহযোগত এই ৰোগ নিয়ন্ত্ৰণ আৰু প্ৰতিৰোধৰ বাবে অহৰহ প্ৰচেষ্টা চলোৱা হৈছে। বিধানসভাত আজি এইকথা প্ৰকাশ কৰি স্বাস্থ্য আৰু পৰিয়াল কল্যাণ বিভাগৰ মন্ত্ৰী অশোক সিংহলে কয়, যে ৰাজ্যখনত আজি পর্যন্ত ২ হাজাৰ ৬২১ গৰাকী কৰ্কট ৰোগী চিনাক্ত কৰা হৈছে। মন্ত্ৰীগৰাকীয়ে তামোল পাণ, ধঁপাত, অত্যাধিক মদ্যপান, অত্...

March 13, 2025 11:13 AM

views 78

১৪৭ গৰাকী প্ৰবক্তাৰ নিযুক্তি বাতিলক কেন্দ্ৰ কৰি বুধবাৰে বিধানসভাত হুলস্থুলীয়া পৰিৱেশৰ সৃষ্টি

■ কাৰিকৰী শিক্ষাৰ সম্প্ৰসাৰণৰ বাবে ৰাজ্য চৰকাৰে ২০১৭ চনত নিযুক্তি দিয়া ৪৫১ গৰাকী ঠিকাভিত্তিক শিক্ষকৰ মাজত ১৪৭ গৰাকী প্ৰবক্তাৰ নিযুক্তি বাতিলক কেন্দ্ৰ কৰি কালি বিধানসভাত হুলস্থুলীয়া পৰিৱেশৰ সৃষ্টি হয়। এই প্রবক্তাসকলক সম্পূর্ণ যোগ্যতাৰ ভিত্তিত বিভিন্ন কাৰিকৰী প্ৰতিষ্ঠানত অংশকালীন হিচাপে নিযুক্তি দিয়া হৈছিল যদিও তেওঁলোকক পর্যায়ক্রমে বৰ্খাস্ত কৰি ৰাজ্য চৰকাৰে নতুন নিযুক্তি প্ৰক্ৰিয়া আৰম্ভ কৰাৰ বিষয়টোৰ বিৰোধী দলে তীব্ৰ প্ৰতিবাদ কৰে। কালি সদনৰ দিনটোৰ কাম-কাজৰ অন্ত পৰাৰ কিছুসময়ৰ পূৰ্বে সংসদীয় ...

March 11, 2025 8:08 PM

views 75

ৰাজ্যখনৰ মূলধনী ব্যয় বৰ্তমান যথেষ্ট বৃদ্ধি হৈছেঃ মুখ্যমন্ত্ৰী

অসম বিধানসভাত আজি ২০২৪-২৫ বৰ্ষৰ সাধাৰণ বাজেটক লৈ আলোচনা অনুষ্ঠিত হয়। আলোচনাত ভাগ লৈ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই কয়, যে ৰাজ্যখনৰ মূলধনী ব্যয় বৰ্তমান যথেষ্ট বৃদ্ধি হৈছে। ২০১৫-১৬ বৰ্ষত এই ব্যয় ২ হাজাৰ ৯৫১ কোটি আছিল বুলি উল্লেখ কৰি তেওঁ কয়, যে ২০২৪-২৫ বৰ্ষত এই পৰিমাণ ২৪ হাজাৰ ৯৬৪ কোটি টকালৈ বৃদ্ধি হৈছে। ইয়াৰ ফলস্বৰূপে ৰাজ্যখন মূলধনী ব্যয়ৰ ক্ষেত্ৰত দেশৰ আগশাৰীৰ ৰাজ্যসমূহৰ ভিতৰত এখন অন্যতম ৰাজ্য হ'বলৈ সাজু হৈছে বুলি মুখ্যমন্ত্ৰীয়ে প্ৰকাশ কৰে। তেওঁ দেশৰ বৰ্তমান সামগ্ৰিক বিকাশৰ হাৰ ৯ শতা...

March 7, 2025 9:26 PM

views 83

ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনাৰ পৰিকল্পনাত ভালেমান পৰিস্থিতিক দুর্যোগ হিচাপে স্বীকৃতি

অসম ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা কর্তৃপক্ষই ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা পৰিকল্পনাত ভালেমান পৰিস্থিতিক দুর্যোগ হিচাপে স্বীকৃতি দিছে। ৰাজহ আৰু দুৰ্যোগ ব্যৱস্থাপনা বিভাগৰ মন্ত্ৰী কেশৱ মহন্তই আজি বিধানসভাত বিধায়ক মনোৰঞ্জন তালুকদাৰৰ এটা প্ৰশ্নৰ উত্তৰত এই কথা প্ৰকাশ কৰে। শ্ৰী মহন্তই কয়, যে ভূমিকম্প, বান, গৰা খহনীয়া, ভূমিস্খলন, খৰাং, ঘূৰ্ণী বতাহ আৰু ধুমুহা, গ্ৰীষ্ম প্ৰৱাহ, বিজুলী ঢেৰেকণি আৰু বজ্ৰপাত, বনজুই, জৈৱিক আৰু জনস্বাস্থ্য জৰুৰীকালীন অৱস্থা, ৰাসায়নিক, পাৰমাণৱিক আৰু ৰেডিঅ'লজিকেল জৰুৰীকালীন অৱস্...

March 7, 2025 8:59 PM

views 91

হস্ততাঁত বস্ত্ৰ শিল্প আৰু ৰেচম বিভাগৰ অধীনত ৰাজ্যত বৰ্তমান ৩৩৯ খন চৰকাৰী ৰেচম পাম আছেঃ উৰ্খাও গৌড়া ব্ৰহ্ম

হস্ততাঁত বস্ত্ৰ শিল্প আৰু ৰেচম বিভাগৰ অধীনত ৰাজ্যত বৰ্তমান ৩৩৯ খন চৰকাৰী ৰেচম পাম আছে। বিধানসভাত আজি হস্ততাঁত বস্ত্ৰ শিল্প আৰু ৰেচম বিভাগৰ মন্ত্ৰী উৰ্খাও গৌড়া ব্ৰহ্মই বিধায়ক মনোৰঞ্জন তালুকদাৰৰ এটা প্ৰশ্নৰ উত্তৰত এই তথ্য প্ৰকাশ কৰে। তেওঁ কয় যে, বর্তমান চৰকাৰী খণ্ডৰ সাধাৰণ এলেকাৰ ভিতৰত ২০৩ খন আৰু বিটিচি, কাৰ্বি আংলং আৰু ডিমা হাচাও স্বায়ত্ত শাসিত পৰিষদৰ এলেকাত ১৩৬ খন ৰেচম পাম৷ ইয়াৰে ১২১ খন হৈছে এড়ি পাম, ৮৬ খন মুগা পাম, ১২৭ খন পাৰ্ট-পলু পাম আৰু ৫ খন টছৰ পাম আছে। ৰাজ্যৰ ৫৩৬.১৫ হেক্টৰ অব্যৱহৃত ম...

March 6, 2025 6:08 PM

views 62

অসমৰ ছটা জনগোষ্ঠীক জনজাতিকৰণ প্ৰক্ৰিয়া কেন্দ্ৰীয় চৰকাৰৰ বিবেচনাধীন হৈ আছে বুলি ডাঃ ৰণোজ পেগুৰ প্ৰকাশ

অসমৰ ছটা জনগোষ্ঠীক জনজাতিকৰণ প্ৰক্ৰিয়া বৰ্তমান কেন্দ্ৰীয় চৰকাৰৰ বিবেচনাধীন হৈ আছে। বিধানসভাত বিধায়ক ৰেকিবুদ্দিন আহমেদৰ এটা প্ৰশ্নৰ উত্তৰত ভৈয়াম জনজাতি পৰিক্ৰমা বিভাগৰ মন্ত্ৰী ডাঃ ৰণোজ পেগুৱে আজি এইদৰে কয়। তেওঁ কয়, যে কেন্দ্ৰীয় চৰকাৰে ৰাজ্যত বর্তমানে থকা জনজাতিসমূহে লাভ কৰা সা-সুবিধাসমূহ কৰ্তন নোহোৱাকৈ জনজাতিকৰণ কেনেকৈ কৰা হ'ব সেই সন্দৰ্ভত ৰাজ্য চৰকাৰৰ দ্বাৰা গঠিত মন্ত্ৰী গোটৰ সমিতিৰ প্ৰতিবেদন বিচাৰিছে। এই সমিতিখনে এতিয়ালৈ প্ৰতিবেদন দাখিল কৰা নাই বুলি মন্ত্ৰীগৰাকীয়ে বিধানসভাত জানিবলৈ দিয...

March 6, 2025 6:04 PM

views 79

হাতী-মানুহৰ সংঘাত দূৰ কৰিবলৈ ৰাজ্য চৰকাৰে বিভিন্ন কাৰ্যপন্থা গ্ৰহণ কৰিছে বুলি বনমন্ত্ৰীৰ প্ৰকাশ

হাতী-মানুহৰ সংঘাত দূৰ কৰিবলৈ ৰাজ্য চৰকাৰে বিভিন্ন কাৰ্যপন্থা গ্ৰহণ কৰিছে বুলি পৰিৱেশ আৰু বনমন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীয়ে আজি বিধানসভাত প্ৰকাশ কৰে। বিধায়ক আফতাব উদ্দিন মোল্লাৰ প্ৰশ্নৰ উত্তৰত তেওঁ কয়, যে গোৱালপাৰা জিলাত চলিত বৰ্ষত হাতীৰ আক্ৰমণত ৪ জন লোকৰ মৃত্যু হৈছে। হাতী আৰু মানুহৰ সংঘাতৰ সম্ভাৱনা থকা গাঁওসমূহত নিয়মীয়া তহলদাৰী কৰি থকাৰ লগতে অঞ্চলসমূহত প্রয়োজন সাপেক্ষে বিনামূলীয়া টর্চ লাইট, কেৰাচিন তেল, ফটকা আদি বিতৰণ কৰা হৈছে বুলি তেওঁ জানিবলৈ দিয়ে। অঞ্চলসমূহত পেট্র’ল মোবাইল এপ্লিকেচন ব্য...

March 6, 2025 11:15 AM

views 61

মহিলাসকলক আর্থিকভাৱে স্বাৱলম্বী কৰি তোলাৰ ক্ষেত্ৰত চৰকাৰে বহুকেইখন উদ্ভাৱনীমূলক আঁচনি গ্ৰহণ কৰিছেঃ মুখ্যমন্ত্ৰী

■ ৰাজ্যৰ মহিলাসকলক আর্থিকভাৱে স্বাৱলম্বী কৰি তোলাৰ ক্ষেত্ৰত চৰকাৰে বহুকেইখন উদ্ভাৱনীমূলক আঁচনি গ্ৰহণ কৰিছে। মহিলাৰ সবলীকৰণৰ ক্ষেত্ৰত অসম, দেশৰ বাবে অন্যতম পথ প্ৰদৰ্শক হিচাপে পৰিগণিত হৈছে আৰু চৰকাৰৰ ধবজাবাহী আঁচনিসমূহৰ ভিতৰত কমেও ২৫ লাখ মহিলাক আর্থিক সাহায্য প্রদান কৰা হৈছে বুলি অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই প্ৰকাশ কৰিছে। সামাজিক মাধ্যমৰ এটা পোষ্টত মুখ্যমন্ত্ৰীগৰাকীয়ে এই বিষয়ে প্রকাশ কৰি কয়, যে তেওঁ মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা অভিযানৰ অধীনত ২৫ লাখৰো অধিক ক্ষুদ্র মহিলা উদ্যোগীক অর্থনৈতি...

March 6, 2025 11:01 AM

views 79

অসমৰ ৮২,৭৫২ হেক্টৰ ভূমি চুবুৰীয়া ৰাজ্যৰ দখলত আছেঃ অতুল বৰা

● অসমৰ ৮২,৭৫২ হেক্টৰ ভূমি চুবুৰীয়া ৰাজ্যৰ দখলত আছে বুলি সীমান্ত সুৰক্ষা আৰু উন্নয়ন মন্ত্ৰী অতুল বৰাই কালি বিধানসভাত প্ৰকাশ কৰে। ৰাজ্যখনৰ সৰ্বাধিক ৫৯,৪৯০ হেক্টৰ ভূমি নাগালেণ্ডৰ দখলত আছে। একেদৰে অৰুণাচল প্রদেশে ১৬,১৪৪, মেঘালয়ে ৩,৪৪১ আৰু মিজোৰামে ৩,৬৭৫ হেক্টৰ ভূমি দখল কৰি আছে। মন্ত্ৰীগৰাকীয়ে কয় যে এই ভূমিসমূহ দখলমুক্ত কৰাৰ লগতে ৰাজ্যসমূহৰ সৈতে দীৰ্ঘদিনীয়া সীমা বিবাদ নিষ্পত্তি কৰাৰ বাবে আলোচনা অন্তিম পর্যায়ত আছে। কংগ্ৰেছৰ বিধায়ক ৰেকিবউদ্দিন আহমেদৰ এটা প্ৰশ্নৰ উত্তৰত মন্ত্ৰী শ্ৰীবৰাই কালি বিধ...