March 4, 2025 7:44 PM

views 55

ৰাজ্যত বৰ্তমানলৈকে ২৭, ৯৩১ খন নলযোগে পানীযোগান আঁচনি ৰূপায়ণৰ বাবে গ্ৰহণ কৰা হৈছে বুলি জয়ন্ত মল্লবৰুৱাৰ প্ৰকাশ

ৰাজ্যত বৰ্তমানলৈকে ২৭ হাজাৰ ৯৩১ খন নলযোগে পানীযোগান আঁচনি ৰূপায়ণৰ বাবে গ্ৰহণ কৰা হৈছে আৰু ইয়াৰে ১৭ হাজাৰ ৩১৫ খন আঁচনিৰ কাম ইতিমধ্যে সম্পূৰ্ণ হৈছে। বিধানসভাত আজি এটা প্ৰশ্নৰ উত্তৰত জনস্বাস্থ্য কাৰিকৰী বিভাগৰ মন্ত্ৰী জয়ন্ত মল্লবৰুৱাই এই কথা প্ৰকাশ কৰি কয়, যে এতিয়ালৈকে অসম্পূৰ্ণ হৈ থকা ১০ হাজাৰ ৬১৬ খন জলজীৱন মিছন আঁচনিৰ কামৰ নিৰ্ধাৰিত সময়সীমা আৰু গুণগত মান নিৰ্ণয়ৰ বাবে সাময়িকভাৱে বন্ধ ৰখা হৈছে। কেন্দ্ৰীয় চৰকাৰে জনজীৱন মিছনৰ কাৰ্যকাল ২০২৮ চনলৈকে বৃদ্ধি কৰিছে বুলি উল্লেখ কৰি মন্ত্ৰীগৰাকীয়ে ...

March 4, 2025 9:54 AM

views 76

যোৰহাটৰ পৰা মাজুলী সংযোগী দলংখনৰ নিৰ্মাণ কাৰ্য ৩০ শতাংশৰো অধিক সম্পূৰ্ণ হৈছে: মুখ্যমন্ত্রী

যোৰহাটৰ পৰা মাজুলী সংযোগী দলংখনৰ নিৰ্মাণ কাৰ্য ৩০ শতাংশৰো অধিক সম্পূৰ্ণ হৈছে আৰু এই দলংখনৰ বাবে এতিয়ালৈ প্ৰায় ২৮০ কোটি ৬৬ লাখ টকা ব্যয় কৰা হৈছে। লোকনিৰ্মাণ বিভাগৰো দায়িত্বত থকা মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মাই কালি অসম বিধানসভাত বিধায়ক ভৰত চন্দ্ৰ নৰহৰ এটা প্ৰশ্নৰ উত্তৰত এই বিষয়ে প্ৰকাশ কৰে। তেওঁ কয়, যে এই দলং নির্মাণ প্রকল্পৰ বাবে ৯২৫ কোটি ৪৭ লাখ টকা ব্যয়ৰ অনুমোদন জনোৱা হৈছিল যদিও এতিয়া এই ব্যয়ৰ প্ৰস্তাৱিত পৰিমাণ সংশোধিত কৰি ১,২৭৯ কোটি ৮৮ লাখ টকালৈ বৃদ্ধিৰে কেন্দ্ৰীয় চৰকাৰলৈ প্ৰস্ত...

March 4, 2025 9:43 AM

views 54

ৰাজ্যত ক্ৰমাৎ‍ অপৰাধমূলক ঘটনা হ্ৰাস পাইছে: মুখ্যমন্ত্রী

ৰাজ্যত ক্ৰমাৎ‍ হত্যা, ধর্ষণকে ধৰি বিভিন্ন অপৰাধমূলক ঘটনা হ্ৰাস পাইছে বুলি মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাই কালি সদনৰ মজিয়াত প্ৰকাশ কৰিছে। গৃহ বিভাগৰ দায়িত্বত থকা ড° শৰ্মাই আইন-শৃংখলা সম্পৰ্কীয় এটা প্ৰশ্নৰ উত্তৰত বিগত কেইবাটাও বছৰৰ অপৰাধমূলক ঘটনাৰ তথ্য দাঙি ধৰি গুৱাহাটী মহানগৰীত সংঘটিত ধৰ্ষণৰ ঘটনাসমূহ ৰোধ কৰাৰ বাবে ৰাজ্য চৰকাৰে আৰক্ষীৰ টহল বৃদ্ধি কৰিছে বুলি সদৰি কৰিছে। তদুপৰি বিভিন্ন হোটেল, বাৰ আদিত চকু ৰখাৰ উপৰি এনে ঘটনাৰ ক্ষিপ্ৰ তদন্তৰ ব্যৱস্থা কৰি দোষীৰ ওপৰত আইন সংগত ব্যৱস্থা লোৱা হৈছে ব...

March 3, 2025 8:26 PM

views 54

বৰ্তমানৰ চৰকাৰ দিনত যিদৰে স্বচ্ছ নিযুক্তি প্ৰদান কৰা হৈছেঃ মুখ্যমন্ত্ৰী

অসম বিধানসভাৰ বাজেট অধিৱেশনত আজি অৱসৰপ্ৰাপ্ত ন্যায়াধীশ বিপ্লৱ শৰ্মাৰ প্ৰতিবেদন সন্দৰ্ভত আলোচনা কৰা হয়। বিধায়ক মানৱ ডেকাই উত্থাপন কৰা এই সম্পৰ্কীয় প্ৰস্তাৱটোত অধ্যক্ষই আলোচনাৰ বাবে গ্ৰহণ কৰে। শাসক আৰু বিৰোধী দলৰ কেইবাগৰাকীও সদস্যই এই আলোচনাত অংশগ্ৰহণ কৰি অসম লোকসেৱা আয়োগৰ ২০১৩ আৰু ২০১৪ বৰ্ষৰ নিযুক্তি সন্দৰ্ভত হোৱা কেলেংকাৰী আৰু ন্যায়াধীশ বিপ্লব শৰ্মাৰ প্রতিবেদন সম্পর্কত বিভিন্ন প্রসংগ উত্থাপন কৰে। বিধায়ক অখিল গগৈয়ে বিপ্লব শর্মা আয়োগৰ প্ৰতিবেদন ৰূপায়ণ কৰাত ৰাজ্য চৰকাৰৰ আগ্ৰহ নাই বুলি চৰক...

March 2, 2025 6:54 PM

views 76

১০ মাৰ্চত বিত্তমন্ত্রী অজন্তা নেওগে সদনত ২০২৫-২৬ বিত্তীয় বৰ্ষৰ বাবে ৰাজ্যখনৰ সাধাৰণ বাজেট উত্থাপন কৰিব

৯ দিনৰ বিৰতিৰ মূৰত অসম বিধানসভাৰ বাজেট অধিৱেশনৰ কাৰ্যক্ৰমণিকা কাইলৈৰ পৰা দিছপুৰত অনুষ্ঠিত হ'ব। কাইলৈৰ পৰা শুকুৰবাৰলৈ সদনৰ বৈঠকৰ সময়ছোৱাত কেইবাখনো বিধেয়ক উত্থাপন হোৱাৰ সম্ভাৱনা আছে। ১০ মাৰ্চত বিত্তমন্ত্রী অজন্তা নেওগে সদনত ২০২৫-২৬ বিত্তীয় বৰ্ষৰ বাবে ৰাজ্যখনৰ সাধাৰণ বাজেট উত্থাপন কৰিব। ১১ আৰু ১২ মাৰ্চত বাজেট সন্দৰ্ভত আলোচনা অনুষ্ঠিত হ'ব। ১৩ৰ পৰা ২০ মাৰ্চলৈ সদনৰ স্থায়ী সমিতিসমূহৰ বৈঠকৰ বাবে বিধানসভাৰ কাম-কাজ স্থগিত থাকিব। ২১, ২৪ আৰু ২৫ মাৰ্চত পুনৰ সদনৰ কাৰ্যক্ৰমণিকা অনুষ্ঠিত হ'ব আৰু ২৫ মাৰ্চত অ...

March 2, 2025 12:09 PM

views 81

অসম বিধানসভাৰ বাজেট অধিৱেশনৰ কাৰ্যক্ৰমণিকা কাইলৈৰ পৰা দিছপুৰত অনুষ্ঠিত হ’ব

৯ দিনৰ বিৰতিৰ মূৰত অসম বিধানসভাৰ বাজেট অধিৱেশনৰ কাৰ্যক্ৰমণিকা কাইলৈৰ পৰা দিছপুৰত অনুষ্ঠিত হ'ব। কাইলৈৰ পৰা শুকুৰবাৰলৈ সদনৰ বৈঠকৰ সময়ছোৱাত কেইবাখনো বিধেয়ক উত্থাপন হোৱাৰ সম্ভাৱনা আছে। ১০ মাৰ্চত বিত্তমন্ত্রী অজন্তা নেওগে সদনত ২০২৫-২৬ বিত্তীয় বৰ্ষৰ বাবে ৰাজ্যখনৰ সাধাৰণ বাজেট উত্থাপন কৰিব। ১১ আৰু ১২ মাৰ্চত বাজেট সন্দৰ্ভত আলোচনা অনুষ্ঠিত হ'ব। ১৩ৰ পৰা ২০ মাৰ্চলৈ সদনৰ স্থায়ী সমিতিসমূহৰ বৈঠকৰ বাবে বিধানসভাৰ কাম-কাজ স্থগিত থাকিব। ২১, ২৪ আৰু ২৫ মাৰ্চত পুনৰ সদনৰ কার্যক্রমণিকা অনুষ্ঠিত হ'ব আৰু ২৫ মাৰ্চত অ...

February 19, 2025 7:50 PM

views 89

অসম বিধানসভাত শাসক-বিৰোধীৰ সভাস্থগিত প্ৰস্তাৱৰ দাবীত সদন তিনিবাৰলৈ স্থগিত

অসম বিধানসভাৰ বাজেট অধিৱেশন আজিৰে পৰা দিছপুৰৰ বিধানসভা ভৱনত অনুষ্ঠিত হৈছে। এদিনৰ বিৰতিৰ মূৰত আজি অনুষ্ঠিত দ্বিতীয় দিনাৰ কাৰ্যসূচীৰ আৰম্ভণিতে বিৰোধী পক্ষৰ কেইবাগৰাকীও সদস্যই কয়লা ছিণ্ডিকেট, অসম চুক্তিৰ ৬ নম্বৰ দফাৰ ৰূপায়ণ, ডিটেনছন শিবিৰ আদি বিভিন্ন প্রসংগ উত্থাপন কৰিবলৈ চেষ্টা কৰে। অধ্যক্ষ বিশ্বজিত দৈমাৰীয়ে সদস্যসকলৰ দাবীৰ প্ৰতি কৰ্ণপাত নকৰি প্রশ্নোত্তৰ কাল চলাই নিয়ে। প্রশ্নোত্তৰ কাল শেষ হোৱাৰ পাছত শূন্যকালত বিৰোধী সদস্যসকলে একেকেইটা বিষয়ক লৈ সভাস্থগিত প্ৰস্তাৱ উত্থাপনৰ বাবে দাবী জনায়। অধ্...

February 18, 2025 7:44 PM

views 72

এদিনৰ বিৰতিৰ মূৰত কাইলৈ দিশপুৰত অসম বিধানসভাৰ বাজেট অধিবেশন

এদিনৰ বিৰতিৰ মূৰত অসম বিধানসভাৰ বাজেট অধিবেশন কাইলৈৰ পৰা দিশপুৰত অনুষ্ঠিত হ'ব। কাইলৈ সদনত প্রশ্নোত্তৰ কালৰ পাছতেই ৰাজ্যপালৰ ভাষণৰ ওপৰত ধন্যবাদসূচক প্ৰস্তাৱ সন্দৰ্ভত আলোচনা অনুষ্ঠিত হ'ব। আমাৰ সংবাদদাতাই জনোৱা মতে, কালি কোকৰাঝাৰত অনুষ্ঠিত বাজেট অধিবেশনৰ প্ৰথম দিনাৰ বৈঠকত মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই দাখিল কৰা বিপ্লৱ কুমাৰ শৰ্মা আয়োগৰ প্ৰতিবেদনত প্রকাশিত কেতবোৰ প্ৰসংগ সন্দৰ্ভতো সদনত শূন্যকালত আলোচনা হোৱাৰ সম্ভাৱনা আছে। উল্লেখযোগ্য যে ২০১৩ আৰু ২০১৪ বৰ্ষৰ অসম লোকসেৱা আয়োগে নিৰ্বাচন কৰা অসামৰ...

February 17, 2025 6:43 PM

views 71

ৰাজ্যপাল লক্ষ্মণ প্রসাদ আচাৰ্যৰ ভাষণেৰে অসম বিধানসভাৰ বাজেট অধিৱেশনৰ প্ৰথম দিনাৰ কাৰ্যসূচী আৰম্ভ

কোকৰাঝাৰৰ বিটিচিৰ বিধায়িনী ভৱনত আজি ৰাজ্যপাল লক্ষ্মণ প্রসাদ আচাৰ্যৰ ভাষণেৰে অসম বিধানসভাৰ বাজেট অধিৱেশনৰ প্ৰথম দিনাৰ কাৰ্যসূচী আৰম্ভ হয়। ৰাজ্যপালগৰাকীয়ে তেওঁৰ ভাষণত ৰাজ্যৰ অৰ্থনৈতিক বিকাশ, কল্যাণমূলক আঁচনি তথা সম্প্রতি ৰাজ্যখনে বিভিন্ন ক্ষেত্ৰত লাভ কৰা সাফল্যৰ বিষয়ত আলোকপাত কৰে। শ্ৰীআচাৰ্যই কয়, যে বিগত দশকত অসমে ১২.৬ শতাংশ চক্রবৃদ্ধি বার্ষিক বিকাশৰ হাৰৰ জৰিয়তে অর্থনৈতিক বিকাশত উল্লেখনীয় অগ্রগতি লাভ কৰিছে। তেওঁ লগতে কয়, যে অসমে গুজৰাটৰ সমানে দেশৰ ছেমি কণ্ডাক্টৰ উদ্যোগত গুৰুত্বপূৰ্ণ ভূমিকা...

February 17, 2025 5:37 PM

views 49

কোকৰাঝাৰত অসম বিধানসভাৰ বাজেট অধিৱেশন আৰম্ভ

অসম বিধানসভাৰ বাজেট অধিৱেশন আজি আৰম্ভ হৈছে। অধিৱেশনৰ প্ৰথম দিনাৰ কাৰ্যসূচী আজি কোকৰাঝাৰত অনুষ্ঠিত হৈছে। বিটিচিৰ বিধায়িনী ভৱনত ক্ষন্তেক আগতে ৰাজ্যপাল লক্ষ্মণ প্রসাদ আচাৰ্যৰ ভাষণেৰে অধিৱেশনৰ কাৰ্যসূচী আৰম্ভ হয়। ৰাজ্যপাল গৰাকীয়ে তেওঁৰ ভাষণত কোকৰাঝাৰত এই কাৰ্যসূচী আৰম্ভণি কৰা ব্যৱস্থাক ভূয়সী প্ৰশংসা কৰে। এই অধিৱেশনৰ কালত হোৱা চৰ্চাসমূহে তথা অধিৱেশনত গৃহীত সিদ্ধান্তসমূহে নাগৰিকসকলৰ আশা-আকাংক্ষা পূৰণ কৰাত সহায়ক হোৱাৰ উপৰি অসমক এখন অধিক সফল ৰাজ্যত পৰিণত কৰাত বিশেষভাৱে অৰিহণা যোগাব বুলি আশা ব্যক্ত ...