January 22, 2025 6:45 PM

views 58

১৭ ফেব্ৰুৱাৰীৰ পৰা অসম বিধানসভাৰ মাহজোৰা বাজেট অধিৱেশন

অসম বিধানসভাৰ মাহজোৰা বাজেট অধিৱেশন ১৭ ফেব্ৰুৱাৰীত আৰম্ভ হ'ব। এইবাৰৰ বাজেট অধিৱেশনত মুঠ ১৪টা কর্মদিন থাকিব। ৰাজ্যপাল লক্ষ্মণ প্রসাদ আচার্যৰ ভাষণেৰে অধিৱেশনৰ প্ৰথম দিনৰ কাৰ্যসূচী কোকৰাঝাৰত অনুষ্ঠিত হ'ব। ১৮ ফেব্ৰুৱাৰীত সদনৰ কাম-কাজ নাথাকিব। ১৯ ফেব্ৰুৱাৰীৰ পৰা বাজেট অধিৱেশনৰ পৰৱৰ্তী কাৰ্যসূচী দিছপুৰৰ অসম বিধানসভা ভৱনত অনুষ্ঠিত হ'ব। ১৯ ফেব্ৰুৱাৰীত ৰাজ্যপালৰ ভাষণৰ ওপৰত ধন্যবাদসূচক প্ৰস্তাৱ উত্থাপন কৰা হ'ব। ১০ মাৰ্চত বিত্ত মন্ত্রী অজন্তা নেওগে ৰাজ্যখনৰ ২০২৫-২৬ বিত্তীয় বৰ্ষৰ বাজেট উত্থাপন কৰিব। ১১ আৰু...

December 18, 2024 10:09 AM

views 51

এদিনৰ বাবে কোকৰাঝাৰত অনুষ্ঠিত হ’ব অসম বিধানসভাৰ বাজেট অধিবেশন

অসম বিধানসভাৰ বাজেট অধিবেশন এইবাৰ এদিনৰ বাবে কোকৰাঝাৰত অনুষ্ঠিত হ'ব। বি টি চিৰ বিধানসভা ভৱনত বাজেট অধিবেশনৰ প্ৰথম দিনৰ কাৰ্যসূচী ৰূপায়ণ কৰা হ'ব। অহা ফেব্ৰুৱাৰীত এদিনৰ বাবে হ'বলগীয়া এই বাজেট অধিবেশন ৰাজ্যপালৰ ভাষণেৰে আৰম্ভ হ'ব। বাজেট অধিবেশনৰ বাকী দিনকেইটাৰ কাৰ্যসূচী অসম বিধানসভাৰ নতুন ভৱনত অনুষ্ঠিত হ'ব।

November 29, 2024 7:14 PM

views 48

উপ-নির্বাচনত জয়ী হোৱা ৫ গৰাকী বিধায়কৰ বিধানসভাৰ সদস্যৰূপে শপতগ্ৰহণ

সদ্য সমাপ্ত বিধানসভাৰ উপ-নির্বাচনত জয়ী হোৱা পাঁচগৰাকী বিধায়কে আজি বিধানসভাৰ সদস্যৰূপে শপতগ্ৰহণ কৰে। আজি বিয়লি দিছপুৰৰ নতুন বিধানসভা ভৱনত আয়োজিত এটা অনাড়ম্বৰ অনুষ্ঠানত বিধানসভা অধ্যক্ষ বিশ্বজিৎ দৈমাৰীয়ে বিধায়ক কেইগৰাকীক গোপনীয়তাৰ শপতবাক্য পাঠ কৰোৱায়। প্ৰথমে বিহালী সমষ্টিৰ পৰা নিৰ্বাচিত বিজেপি বিধায়ক দিগন্ত ঘাটোৱালে শপতগ্ৰহণ কৰে। ইয়াৰ পাছত চামগুৰিৰ পৰা নিৰ্বাচিত বিজেপি বিধায়ক দিপুৰঞ্জন শর্মা, ছিদলীৰ পৰা নিৰ্বাচিত বি পি এফৰ বিধায়ক নিৰ্মল কুমাৰ ব্ৰহ্ম, বঙাইগাঁৱৰ পৰা নিৰ্বাচিত অসম গণ পৰি...

November 29, 2024 6:10 PM

views 57

উপ-নির্বাচনত জয়ী হোৱা ৫ গৰাকী বিধায়কৰ বিধানসভাৰ নতুন ভৱনত আয়োজিত বিশেষ কাৰ্যসূচীত শপত গ্ৰহণ

ৰাজ্যত অলপতে অনুষ্ঠিত বিধানসভাৰ উপ-নির্বাচনত জয়ী হোৱা পাঁচগৰাকী বিধায়কে আজি বিধানসভাৰ নতুন ভৱনত আয়োজিত বিশেষ কাৰ্যসূচীত শপত গ্ৰহণ কৰে। বিধানসভাৰ অধ্যক্ষ বিশ্বজিৎ দৈমাৰীয়ে বঙাইগাঁৱৰ দিপ্তীময়ী চৌধুৰী, বিহালীৰ দিগন্ত ঘাটোৱাল, ধলাইৰ নিহাৰৰঞ্জন দাস, ছিদলীৰ নিৰ্মল কুমাৰ ব্ৰহ্ম আৰু চামগুৰি সমষ্টিৰ পৰা জয়ী হোৱা দিল্লুৰঞ্জন শৰ্মাক শপত বাক্য পাঠ কৰোৱায়। শপতগ্ৰহণ অনুষ্ঠানত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা উপস্থিত থাকে।

August 31, 2024 8:02 PM

views 72

অসম বিধানসভাৰ এইবাৰৰ শৰৎকালীন অধিবেশন কেইবাটাও দিশৰ পৰা গুৰুত্বপূৰ্ণ বুলি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই প্ৰকাশ কৰিছে

♦ অসম বিধানসভাৰ এইবাৰৰ শৰৎকালীন অধিবেশন কেইবাটাও দিশৰ পৰা গুৰুত্বপূৰ্ণ বুলি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই প্ৰকাশ কৰিছে। মুখ্যমন্ত্ৰীয়ে কয় যে, এইবাৰৰ অধিবেশনত গৃহীত বিধেয়কসমূহ ৰাজ্যবাসীৰ কল্যাণৰ দিশত অত্যন্ত গুৰুত্বপূৰ্ণ বুলি বিবেচিত হ'ব। এইবাৰৰ অধিবেশনত গৃহীত প্ৰতিখন বিধেয়কৰ সুকীয়া মৰ্যাদা থকাৰ লগতে ৰাজ্যবাসীৰ সুৰক্ষা নিশ্চিত কৰাৰ বাবে এই বিধেয়কসমূহ উত্থাপন কৰা হৈছে বুলি তেওঁ উল্লেখ কৰে। বিশেষকৈ মহিলা সৱলীকৰণ, থলুৱা কৃষ্টি, সংস্কৃতিৰ সুৰক্ষা আৰু আদিবাসী জনসাধাৰণৰ কল্যাণৰ দিশত এই বিধেয়ক...

August 30, 2024 8:35 PM

views 59

অসম বিধানসভাত আজি কেইবাখনো বিধেয়ক উত্থাপন

অসম বিধানসভাৰ শৰৎকালীন অধিবেশনৰ আজি পঞ্চমদিনা কেইবাখনো বিধেয়ক উত্থাপন কৰা হয়। ইয়াৰ ভিতৰত মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মাই দি আছাম ৰাইট টু পাব্লিক ছাৰ্ভিছেছ এমেণ্ডমেণ্ট বিল-২০২৪, পৰিবহন মন্ত্ৰী কেশৱ মহন্তই দি আছাম মটৰ ভেহিক'ল টেক্সেছন এমেণ্ডমেণ্ট বিল-২০২৪, ৰাজহ মন্ত্ৰী যোগেন মহনে দি আছাম ফিক্সেছন অৱ ছিলিং অন লেণ্ড হন্ডিংছ এমেণ্ডমেণ্ট বিল-২০২৪, দি আছাম এগ্রিকালছাৰেল লেণ্ড (ৰেগুলেছন অৱ ৰি ক্লাছিফিকেছন এণ্ড ট্রান্সফাৰ ফৰ নন এগ্রিকালছাৰেল পাৰপাছ) এমেণ্ডমেণ্ট বিল-২০২৪ উত্থাপন কৰে। আজি বিধানসভাত জুম...

August 27, 2024 6:55 PM

views 48

হত্যা, ধর্ষণ আদিক সামাজিক অপৰাধ বুলি অভিহিত মুখ্যমন্ত্ৰীৰ

মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মাই হত্যা, ধর্ষণ আদিক সামাজিক অপৰাধ বুলি অভিহিত কৰিছে। অসম বিধান সভাৰ শৰৎকালীন অধিৱেশনৰ আজি দ্বিতীয় দিনা নাৰী নিৰ্যাতন, আলফাৰ দ্বাৰা বোমা স্থাপন আৰু ৰাজ্যৰ আইন-শৃংখলা পৰিস্থিতি ব্যর্থ হোৱা বুলি অভিযোগ তুলি বিৰোধী পক্ষৰ কেইবাগৰাকীও বিধায়কে উত্থাপন কৰা সভা স্থগিত প্ৰস্তাৱত হস্তক্ষেপ কৰি মুখ্যমন্ত্ৰীগৰাকীয়ে এইদৰে প্ৰকাশ কৰে। মুখ্যমন্ত্ৰীগৰাকীয়ে কাইলৈ ৰাজ্যৰ জনগাঁথনি পৰিৱৰ্তনৰ তথ্য দিব বুলিও ঘোষণা কৰে। কংগ্ৰেছ, এ আই ইউ ডি এফ, চি পি এম আৰু বিধায়ক অখিল গগৈয়ে সুকীয়া ...

August 22, 2024 8:00 PM

views 46

অসম বিধানসভাৰ শৰৎকালীন অধিবেশনৰ আজি প্ৰথম দিনা অখিল গগৈ, আমিনুল ইছলাম (জ্যেষ্ঠ) আৰু দেৱব্ৰত শ‍ইকীয়াৰ সভা স্থগিত প্ৰস্তাৱ উত্থাপন

অসম বিধানসভাৰ শৰৎকালীন অধিবেশনৰ আজি প্ৰথম দিনা ৰাইজৰ দলৰ বিধায়ক অখিল গগৈ, এ আই ইউ ডি এফৰ বিধায়ক আমিনুল ইছলাম (জ্যেষ্ঠ) আৰু কংগ্ৰেছৰ দেৱব্ৰত শ‍ইকীয়াই সভা স্থগিত প্ৰস্তাৱ উত্থাপন কৰে। অখিল গগৈয়ে শিৱসাগৰত এগৰাকী যুৱতীক অপদস্থ কৰা, আমিনুল ইছলামে ভূমি ক্রয়- বিক্ৰয়ৰ ক্ষেত্ৰত মুখ্যমন্ত্ৰীয়ে কৰা বক্তব্য আৰু দেৱব্ৰত শ‍ইকীয়াই স্মার্ট বৈদ্যুতিক মিটাৰ সন্দৰ্ভত সভাস্থগিত প্ৰস্তাৱ তোলে যদিও অধ্যক্ষ বিশ্বজিৎ দৈমাৰীয়ে এই তিনিওটা প্রস্তাৱ নাকচ কৰে। ইয়াকে লৈ কংগ্ৰেছ আৰু এ আই ইউ ডি এফৰ বিধায়কসকলে প্লেকা...

August 22, 2024 7:21 PM

views 53

অসম বিধানসভাৰ শৰৎকালীন অধিবেশন আজিৰ প্ৰথম দিনৰ কাৰ্যসূচী অনুষ্ঠিত

বিৰোধীৰ দুবাৰকৈ সদন ত্যাগ, সদন স্থগিত প্ৰস্তাৱ উত্থাপনৰ মাজেৰে অসম বিধানসভাৰ শৰৎকালীন অধিবেশন আজিৰ প্ৰথম দিনৰ কাৰ্যসূচী অনুষ্ঠিত হয়। ইয়াৰ মাজতে আদিবাসী আৰু চাহ জনগোষ্ঠীৰ সৰ্বাংগীন সংস্থাপনৰ ক্ষেত্ৰত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কেতবোৰ গুৰুত্বপূৰ্ণ ঘোষণা কৰে। প্রশ্নোত্তৰ কালেৰে আৰম্ভ হোৱা অধিবেশনত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই চৰকাৰে সকলো ধৰণৰ চাকৰিত এতিয়াৰেপৰা চাহ জনগোষ্ঠীৰ বাবে ৩ শতাংশ সংৰক্ষণৰ ব্যৱস্থা কৰাৰ বিষয়ে ঘোষণা কৰে। চাহ-বাগিচা অঞ্চলৰ বাট-পথৰ উন্নয়নৰ বাবে ৯০০ কোটি টকা ধাৰ্য ...

July 19, 2024 8:20 PM

views 44

২২ আগষ্টৰ পৰা অসম বিধানসভাৰ শৰৎকালীন অধিবেশন

অসম বিধানসভাৰ শৰৎকালীন অধিবেশন অহা ২২ আগষ্টৰ পৰা অনুষ্ঠিত হ'ব। ৰাজ্যপাল গুলাব চান্দ কাটাৰিয়াই কালি এখন অধিসূচনাযোগে শৰৎকালীন অধিবেশন ২২ আগষ্টৰ পৰা হ'ব বুলি প্ৰকাশ কৰে। সেইদিনা পুৱা চাৰে ৯ বজাৰ পৰা অধিবেশনৰ কাম-কাজ আৰম্ভ হ'ব।