বিশ্বৰ ভিন ভিন প্ৰান্তৰ লগতে অসমতো কৰ্কট ৰোগৰ প্ৰাদুৰ্ভাৱ দিনক দিনে বৃদ্ধি পোৱাৰ প্ৰতি লক্ষ্য ৰাখি ৰাজ্য চৰকাৰৰ স্বাস্থ্য বিভাগৰ অধীনৰ অসম কেঞ্চাৰ কেয়াৰ ফাউণ্ডেচন, ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযান আৰু টাটা ট্ৰাষ্টৰ সহযোগত এই ৰোগ নিয়ন্ত্ৰণ আৰু প্ৰতিৰোধৰ বাবে অহৰহ প্ৰচেষ্টা চলোৱা হৈছে। বিধানসভাত আজি এইকথা প্ৰকাশ কৰি স্বাস্থ্য আৰু পৰিয়াল কল্যাণ বিভাগৰ মন্ত্ৰী অশোক সিংহলে কয়, যে ৰাজ্যখনত আজি পর্যন্ত ২ হাজাৰ ৬২১ গৰাকী কৰ্কট ৰোগী চিনাক্ত কৰা হৈছে। মন্ত্ৰীগৰাকীয়ে তামোল পাণ, ধঁপাত, অত্যাধিক মদ্যপান, অত্যধিক মছলাযুক্ত খাদ্যৰ সেৱনকে ধৰি কৰ্কট ৰোগ হ’ব পৰা বিভিন্ন কাৰকৰ কথা উল্লেখ কৰি কয়, যে এই ৰোগ প্ৰতিৰোধৰ বাবে ৰাজ্যৰ প্ৰতিখন জিলাতে জনসাধাৰণক সচেতন কৰাৰ উদ্দেশ্যে প্ৰচাৰ আৰু প্ৰসাৰৰ কাৰ্যসূচী ৰূপায়ণ কৰা হৈছে। তেওঁ কয়, যে ৩০ বছৰৰ ঊৰ্ধৰ ব্যক্তিসকলৰ বাবে তিনিটা সাধাৰণ কৰ্কট ৰোগৰ স্বাস্থ্য পৰীক্ষাৰ ব্যৱস্থা আছে। তদুপৰি মহিলাসকলক স্তন পৰীক্ষাৰ সঠিক পদ্ধতিসমূহ শিকোৱাৰ লগতে নিয়মীয়াকৈ পৰামৰ্শ আগবঢ়োৱা আৰু আয়ুষ্মান আৰোগ্য মন্দিৰত আগতীয়াকৈ এই ৰোগ চিনাক্তকৰণৰ বাবে স্বাস্থ্য পৰীক্ষা কৰোৱাৰো সুবিধা আছে বুলি শ্রীসিংহলে জানিবলৈ দিয়ে।
Assamese | March 21, 2025 7:44 PM | Assam Assembly
ৰাজ্যত কৰ্কট ৰোগ নিয়ন্ত্ৰণ আৰু প্ৰতিৰোধৰ বাবে অহৰহ প্ৰচেষ্টা চলোৱা হৈছে বুলি অসম বিধানসভাত অশোক সিংহলৰ প্ৰকাশ