অসমৰ ছটা জনগোষ্ঠীক জনজাতিকৰণ প্ৰক্ৰিয়া বৰ্তমান কেন্দ্ৰীয় চৰকাৰৰ বিবেচনাধীন হৈ আছে। বিধানসভাত বিধায়ক ৰেকিবুদ্দিন আহমেদৰ এটা প্ৰশ্নৰ উত্তৰত ভৈয়াম জনজাতি পৰিক্ৰমা বিভাগৰ মন্ত্ৰী ডাঃ ৰণোজ পেগুৱে আজি এইদৰে কয়। তেওঁ কয়, যে কেন্দ্ৰীয় চৰকাৰে ৰাজ্যত বর্তমানে থকা জনজাতিসমূহে লাভ কৰা সা-সুবিধাসমূহ কৰ্তন নোহোৱাকৈ জনজাতিকৰণ কেনেকৈ কৰা হ‘ব সেই সন্দৰ্ভত ৰাজ্য চৰকাৰৰ দ্বাৰা গঠিত মন্ত্ৰী গোটৰ সমিতিৰ প্ৰতিবেদন বিচাৰিছে। এই সমিতিখনে এতিয়ালৈ প্ৰতিবেদন দাখিল কৰা নাই বুলি মন্ত্ৰীগৰাকীয়ে বিধানসভাত জানিবলৈ দিয়ে। তেওঁ লগতে কয়, যে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ অধ্যক্ষতাত গঠিত এই সমিতিখনে ৰাজ্যৰ বিভিন্ন জনগোষ্ঠীৰ সৈতে আলোচনাত মিলিত হৈছে। বিভিন্ন জনগোষ্ঠীৰ সৈতে হোৱা আলোচনাৰ অন্তত সন্মুখীন হোৱা অসুবিধাৰ বাবে সমিতিখনে এতিয়ালৈকে চূড়ান্ত প্ৰতিবেদন দাখিল কৰিব পৰা নাই বুলি তেওঁ কয়। বৰ্তমান চৰকাৰে মন্ত্ৰী ডাঃ ৰণোজ পেগুক আহ্বায়ক হিচাপে লৈ ছটা জনগোষ্ঠীৰ জনজাতিকৰণৰ বিষয়টো চোৱাচিতা কৰিবলৈ এই সমিতিখনকে পুনৰ গঠন কৰা হৈছে বুলি তেওঁ প্ৰকাশ কৰে।
Assamese | March 6, 2025 6:08 PM | Assam Assembly
অসমৰ ছটা জনগোষ্ঠীক জনজাতিকৰণ প্ৰক্ৰিয়া কেন্দ্ৰীয় চৰকাৰৰ বিবেচনাধীন হৈ আছে বুলি ডাঃ ৰণোজ পেগুৰ প্ৰকাশ