July 6, 2024 7:53 PM
50
চৰকাৰে অহা ৫ বছৰত দেশত প্ৰায় ২ লাখ গাঁও পঞ্চায়তত বহুমুখী প্রাথমিক কৃষি ঋণ ছ’চাইটি স্থাপন কৰিব
চৰকাৰে অনাগত পাঁচ বছৰৰ ভিতৰত দেশত প্ৰায় ২ লাখ গাঁও পঞ্চায়তত বহুমুখী প্রাথমিক কৃষি ঋণ ছ’চাইটি স্থাপন কৰিব। দুদিনীয়া ভ্রমণসূচীৰে গুজৰাটত উপস্থিত হৈ কেন্দ্ৰীয় গৃহ আৰু সমবায় মন্ত্ৰী অমিত শ্বাহে গুজৰাটৰ গান্ধী নগৰত ১০২ সংখ্যক আন্তঃৰাষ্ট্ৰীয় সমবায় দিৱসত ভাষণ প্ৰদান কৰি এই কথা প্ৰকাশ কৰে। সমবায়বোৰৰ মাজত আর্থিক সহযোগিতাৰ পোষকতা কৰি শ্ৰীশ্বাহে কয় যে কেৱল সমবায় বেংকসমূহৰ জৰিয়তে বিত্তীয় লেনদেন সূচল কৰি সমবায় বেংকসমূহৰ নেটৱৰ্ক সুদৃঢ় কৰাৰ বাবে দেশৰ জিলা আৰু ৰাজ্যিক পৰ্যায়ৰ সমবায়সমূহৰ মাজত অর্...