জম্মু কাশ্মীৰৰ নিৰাপত্তা পৰিস্থিতি পর্যালোচনাৰ বাবে আজি কেন্দ্রীয় গৃহ মন্ত্ৰী অমিত শ্বাহৰ সভাপতিত্বত নতুন দিল্লীত এখন উচ্চ পৰ্যায়ৰ বৈঠক অনুষ্ঠিত হয়। এই বৈঠকত গৃহমন্ত্ৰীগৰাকীয়ে জম্মু-কাশ্মীৰত শেহতীয়াকৈ সংঘটিত হোৱা সন্ত্ৰাসবাদী আক্ৰমণৰ পিছত নিৰাপত্তা পৰিস্থিতিৰ সবিশেষ বুজ লয়। পৰৱৰ্তী সময়ত এনে আক্ৰমণৰ ঘটনা প্ৰতিহত কৰিবলৈ কি ব্যৱস্থা গ্ৰহণ কৰা উচিত সেই সন্দৰ্ভতো বিতংভাৱে আলোচনা কৰা হয়। বৈঠকত ৰাষ্ট্ৰীয় নিৰাপত্তা উপদেষ্টা অজিত দোভাল, জম্মু কাশ্মীৰৰ ৰাজ্যপাল মনোজ সিনহা, কেন্দ্ৰীয় গৃহ সচিব অজয় ভাল্লাই অংশগ্ৰহণ কৰে। তদুপৰি কেন্দ্ৰীয় চোৰাংচোৱা বিভাগৰ সঞ্চালক, সেনা মুৰববী জেনেৰেল মনোজ পাণ্ডে আৰু জেনেৰেল উপেন্দ্ৰ দ্বিবেদী, চি এ পি এফৰ সঞ্চালক প্রধান, জম্মু কাশ্মীৰৰ মুখ্য সচিব আৰু আৰক্ষী সঞ্চালক প্রধানকে ধৰি জ্যেষ্ঠ সেনা বিষয়াসকল এই বৈঠকত উপস্থিত থাকে।
Assamese | June 16, 2024 2:11 PM | Amit Shah
কেন্দ্রীয় গৃহ মন্ত্ৰী অমিত শ্বাহৰ সভাপতিত্বত জম্মু কাশ্মীৰৰ নিৰাপত্তা পৰিস্থিতি পর্যালোচনা বৈঠক