August 18, 2024 8:38 PM
55
নাগৰিকত্ব সংশোধনী আইনে কোনো ধৰ্মাৱলম্বী লোকৰ নাগৰিকৰ অধিকাৰ কাঢ়ি লৈ নাযায়ঃ গৃহমন্ত্রী অমিত শ্বাহ
নাগৰিকত্ব সংশোধনী আইনে কোনো ধৰ্মাৱলম্বী লোকৰ নাগৰিকৰ অধিকাৰ কাঢ়ি লৈ নাযায় বুলি কেন্দ্রীয় গৃহমন্ত্রী অমিত শ্বাহে আজি প্ৰকাশ কৰে। তেওঁ কয় যে, এই আইনে ভাৰতীয় নাগৰিকসকলৰ লগতে শৰণাৰ্থীসকলক সন্মান আৰু ন্যায় প্ৰদান কৰে। মন্ত্ৰীগৰাকীয়ে আজি আহমেদাবাদৰ এটা অনুষ্ঠানত নাগৰিকত্ব সংশোধনী আইনৰ অধীনত ১৮৮ গৰাকী হিন্দু লোকক নাগৰিকত্বৰ প্ৰমাণ পত্ৰ প্ৰদান কৰি এই কথা প্রকাশ কৰে। শ্ৰী শ্বাহে তোষামোদৰ ৰাজনীতি আৰু ভোটবেংকৰ বাবে পূৰ্বৰ কংগ্ৰেছ চৰকাৰে হিন্দু তথা আন সংখ্যালঘু লোকক অৱহেলা কৰা বুলি সমালোচনা কৰে। তেওঁ...