July 20, 2024 5:30 PM

views 43

এদিনীয়া ভ্রমণসূচীৰে ৰাছীত উপস্থিত গৃহমন্ত্ৰী অমিত শ্বাহ

কেন্দ্ৰীয় গৃহমন্ত্ৰী তথা বিজেপিৰ জ্যেষ্ঠ নেতা অমিত শ্বাহ আজি বিয়লি এদিনীয়া ভ্রমণসূচীৰে ঝাৰখণ্ডৰ ৰাজধানী ৰাছীত উপস্থিত হয়। শ্ৰী শ্বাহে ৰাজ্যিক বিজেপিৰ কাৰ্যনিৰ্বাহক কমিটিৰ বৈঠকত অংশগ্ৰহণ কৰিব। তেওঁ লগতে দলৰ ৰাজ্যিক স্থায়ী গোটৰ বৈঠকত উপস্থিত থাকিব আৰু বিজেপি কৰ্মীসকলৰ সৈতে মত বিনিময় কৰিব। ঝাৰখণ্ড বিজেপিৰ মুৰব্বী বাবুলাল মাৰাণ্ডীয়ে জনোৱা অনুসৰি কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকীয়ে লোকসভা নিৰ্বাচনত ৰাজ্যত বিজেপি তথা এন ডি এৰ ফলাফল সন্দৰ্ভতো পর্যালোচনা কৰিব। ঝাৰখণ্ডত চলিত বছৰৰ শেষৰফালে বিধানসভা নির্বা...

July 14, 2024 8:28 PM

views 45

ইন্দোৰত মাতৃৰ নামত এজোপা গছ অভিযান মুকলি কেন্দ্রীয় গৃহমন্ত্রী অমিত শ্বাহৰ

কেন্দ্রীয় গৃহমন্ত্রী অমিত শ্বাহে আজি ইন্দোৰত মাতৃৰ নামত এজোপা গছ অভিযান আৰম্ভ কৰে। এই অভিযানৰ জৰিয়তে ইন্দোৰত একেদিনাই ১১ লাখ গছপুলি ৰোপণ কৰা হয়। এয়া হৈছে একেদিনাই একোটা অঞ্চলত গছপুলি ৰোপণৰ বিশ্ব অভিলেখ। এই অনুষ্ঠানত অংশগ্ৰহণ কৰি গৃহমন্ত্ৰী অমিত শ্বাহে কয় যে, ইন্দোৰ শেহতীয়াকৈ এখন সেউজ মহানগৰ হোৱাৰ সমান্তৰালকৈ এখন পৰিষ্কাৰ মহানগৰ হিচাপেও পৰিচিত হৈছে। তেওঁ লগতে কয় যে প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীয়ে উত্তৰ প্ৰজন্মক এটা ভাল পৰিৱেশ প্ৰদানৰ আহ্বান জনাইছে। সেয়ে সমগ্র দেশতে প্ৰদূষণৰ মাত্ৰা হ্ৰাস কৰ...

July 6, 2024 7:53 PM

views 46

চৰকাৰে অহা ৫ বছৰত দেশত প্ৰায় ২ লাখ গাঁও পঞ্চায়তত বহুমুখী প্রাথমিক কৃষি ঋণ ছ’চাইটি স্থাপন কৰিব

চৰকাৰে অনাগত পাঁচ বছৰৰ ভিতৰত দেশত প্ৰায় ২ লাখ গাঁও পঞ্চায়তত বহুমুখী প্রাথমিক কৃষি ঋণ ছ’চাইটি স্থাপন কৰিব। দুদিনীয়া ভ্রমণসূচীৰে গুজৰাটত উপস্থিত হৈ কেন্দ্ৰীয় গৃহ আৰু সমবায় মন্ত্ৰী অমিত শ্বাহে গুজৰাটৰ গান্ধী নগৰত ১০২ সংখ্যক আন্তঃৰাষ্ট্ৰীয় সমবায় দিৱসত ভাষণ প্ৰদান কৰি এই কথা প্ৰকাশ কৰে। সমবায়বোৰৰ মাজত আর্থিক সহযোগিতাৰ পোষকতা কৰি শ্ৰীশ্বাহে কয় যে কেৱল সমবায় বেংকসমূহৰ জৰিয়তে বিত্তীয় লেনদেন সূচল কৰি সমবায় বেংকসমূহৰ নেটৱৰ্ক সুদৃঢ় কৰাৰ বাবে দেশৰ জিলা আৰু ৰাজ্যিক পৰ্যায়ৰ সমবায়সমূহৰ মাজত অর্...

July 6, 2024 5:55 PM

views 33

ড০ শ্যামাপ্রসাদ মুখাৰ্জীৰ জয়ন্তীত প্রধানমন্ত্ৰী মোদী আৰু গৃহমন্ত্ৰী অমিত শ্বাহৰ শ্ৰদ্ধাৰে নেতাগৰাকীক সোঁৱৰণ

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু গৃহমন্ত্ৰী অমিত শ্বাহে ভাৰতীয় জনসংঘৰ প্ৰতিষ্ঠাপক ড০ শ্যামাপ্রসাদ মুখাৰ্জীৰ জয়ন্তীত আজি শ্ৰদ্ধাৰে নেতাগৰাকীক সোঁৱৰণ কৰিছে। সামাজিক মাধ্যমৰ এটা পোষ্টত প্ৰধানমন্ত্ৰীয়ে কয় যে, ৬০ শ্যামাপ্রসাদ মুখাৰ্জীয়ে তেওঁৰ বলিষ্ঠ ৰাষ্ট্ৰীয় চিন্তাৰে ভাৰতবাসীক গৌৰৱান্বিত কৰিছিল। তেওঁ লগতে কয় যে, মাতৃ ভূমিৰ প্ৰতি তেওঁৰ সমৰ্পণ আৰু আত্মত্যাগৰ কথাই সদায় দেশবাসীক অনুপ্ৰাণিত কৰি ৰাখিব। গৃহমন্ত্রী অমিত শ্বাহে কয় যে, যেতিয়াই দেশত একতা আৰু সমন্বয়ৰ আলোচনা কৰা হয় তেতিয়াই ড০ শ্যামাপ...

July 6, 2024 5:29 PM

views 39

আজি দুদিনীয়া ভ্ৰমণসূচীৰে গুজৰাটলৈ কেন্দ্ৰীয় মন্ত্ৰী অমিত শ্বাহ

কেন্দ্ৰীয় গৃহ আৰু সমবায় মন্ত্ৰী অমিত শ্বাহ আজি দুদিনীয়া ভ্ৰমণসূচীৰে গুজৰাটলৈ যাব। এই ভ্ৰমণ কালত শ্ৰী শ্বাহ আহমেদাবাদ আৰু গান্ধীনগৰত হ'বলগীয়া বিভিন্ন কাৰ্যসূচীত উপস্থিত থাকিব। গৃহমন্ত্ৰীগৰাকীয়ে গান্ধীনগৰৰ মহাত্মা মন্দিৰত ১০২ সংখ্যক আন্তর্জাতিক সমবায় দিৱস উপলক্ষে আয়োজিত চাহাড় চে সমৃদ্ধি শীর্ষক অনুষ্ঠানত অংশগ্ৰহণ কৰিব। তাৰ পাছত তেওঁ বানছকান্তাৰ চাংৰা গাঁৱৰ মহিলা দুগ্ধ উৎপাদকসকলক ৰূপে ক্রেডিট কার্ড বিতৰণ কৰিব আৰু সমবায় পাইলট প্রকল্প পৰিদৰ্শন কৰিব। শ্ৰী শ্বাহে গোধৰা পঞ্চমহলৰ মাহুলিয়া গাঁৱৰ ...

June 23, 2024 8:08 PM

views 46

দেশৰ বান পৰিস্থিতিৰ জোৰা মৰাৰ প্ৰস্তুতিৰ সন্দৰ্ভত কেন্দ্ৰীয় গৃহ আৰু সমবায় মন্ত্রী অমিত শ্বাহৰ উচ্চ পৰ্যায়ৰ বৈঠক

কেন্দ্ৰীয় গৃহ আৰু সমবায় মন্ত্রী অমিত শ্বাহে আজি নতুন দিল্লীত দেশৰ বান পৰিস্থিতিৰ জোৰা মৰাৰ প্ৰস্তুতিৰ সন্দৰ্ভত এখন উচ্চ পৰ্যায়ৰ বৈঠকত মিলিত হয়। কেন্দ্রীয় মন্ত্ৰীগৰাকীয়ে দেশত বান পৰিস্থিতিৰ মোকাবিলা কৰাৰ বাবে এটা উমৈহতীয়া আৰু সুদূৰ প্ৰসাৰী নীতি যুগুত কৰাৰ বাবে দীৰ্ঘ দিনৰে পৰা গ্ৰহণ কৰা পদক্ষেপৰ পৰ্যালোচনা কৰে। এই বৈঠকত শ্ৰীশ্বাহে ছিকিম আৰু মণিপুৰত অলপতে হোৱা বান পৰিস্থিতিৰ সবিশেষ অধ্যয়ন কৰি সংশ্লিষ্ট বিভাগক গৃহ মন্ত্ৰ্যালয়ৰ হাতত এখন প্রতিবেদন দাখিল কৰিবলৈ নিৰ্দেশ দিছে। তেওঁ কয় যে, উত্তৰ...

June 17, 2024 12:15 PM

views 51

স্থল সেনাৰ মুৰববী জেনেৰেল মনোজ পাণ্ডেৰ নতুন দিল্লীত কেন্দ্রীয় গৃহমন্ত্রী অমিত শ্বাহক সাক্ষাৎ

স্থল সেনাৰ মুৰববী জেনেৰেল মনোজ পাণ্ডেই কালি নতুন দিল্লীত কেন্দ্রীয় গৃহমন্ত্রী অমিত শ্বাহক সাক্ষাৎ কৰে। অমৰনাথ তীর্থযাত্ৰীসকলৰ বাবে প্ৰয়োজনীয় প্ৰস্তুতি আৰু জম্মু-কাশ্মীৰৰ নিৰাপত্তা পৰিস্থিতিক পর্যালোচনা কৰাৰ বাবে শ্ৰীশ্বাহে আহ্বান কৰা দুখন বৈঠকত অংশগ্ৰহণ কৰাৰ পাছত জেনেৰেল পাণ্ডেই মন্ত্ৰীগৰাকীক সাক্ষাৎ কৰে। অহা ৩০ জুনত জেনেৰেল পাণ্ডেই অৱসৰ গ্ৰহণ কৰিব ।

June 16, 2024 2:11 PM

views 57

কেন্দ্রীয় গৃহ মন্ত্ৰী অমিত শ্বাহৰ সভাপতিত্বত জম্মু কাশ্মীৰৰ নিৰাপত্তা পৰিস্থিতি পর্যালোচনা বৈঠক

জম্মু কাশ্মীৰৰ নিৰাপত্তা পৰিস্থিতি পর্যালোচনাৰ বাবে আজি কেন্দ্রীয় গৃহ মন্ত্ৰী অমিত শ্বাহৰ সভাপতিত্বত নতুন দিল্লীত এখন উচ্চ পৰ্যায়ৰ বৈঠক অনুষ্ঠিত হয়। এই বৈঠকত গৃহমন্ত্ৰীগৰাকীয়ে জম্মু-কাশ্মীৰত শেহতীয়াকৈ সংঘটিত হোৱা সন্ত্ৰাসবাদী আক্ৰমণৰ পিছত নিৰাপত্তা পৰিস্থিতিৰ সবিশেষ বুজ লয়। পৰৱৰ্তী সময়ত এনে আক্ৰমণৰ ঘটনা প্ৰতিহত কৰিবলৈ কি ব্যৱস্থা গ্ৰহণ কৰা উচিত সেই সন্দৰ্ভতো বিতংভাৱে আলোচনা কৰা হয়। বৈঠকত ৰাষ্ট্ৰীয় নিৰাপত্তা উপদেষ্টা অজিত দোভাল, জম্মু কাশ্মীৰৰ ৰাজ্যপাল মনোজ সিনহা, কেন্দ্ৰীয় গৃহ সচিব অজয...

June 12, 2024 1:34 PM

views 44

সমবায় মন্ত্ৰী হিচাপে দায়িত্বভাৰ গ্ৰহণ অমিত শ্বাহৰ

বিজেপিৰ জ্যেষ্ঠ নেতা অমিত শ্বাহে কালি নতুন দিল্লীৰ অটল অক্ষয় উৰ্জা ভৱনত সমবায় মন্ত্ৰী হিচাপে দায়িত্বভাৰ গ্ৰহণ কৰে। সামাজিক মাধ্যমৰ এটা পোষ্টযোগে তেঁও কয় যে প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ সমবায়ৰ পৰা সমৃদ্ধি দৃষ্টিভংগী আগত ৰাখি সমবায় মন্ত্ৰালয়ে দেশৰ অৰ্থনীতিক শক্তিশালী কৰাৰ লগতে কৃষকসকলক উপকৃত কৰি গ্ৰাম্য অৰ্থনীতি টনকিয়াল কৰাৰ বাবে কাম কৰি যাব। সহযোগিতাৰ ধাৰণাক সবল কৰি তোলাৰ সমান্তৰালকৈ এই খণ্ডৰ সৈতে জড়িত কোটি কোটি লোকক নতুন সুযোগ দি তেওঁলোকৰ জীৱনলৈ ইতিবাচক পৰিৱৰ্তন আনিবলৈ চৰকাৰ প্ৰতিশ্ৰুতি...

May 31, 2024 6:41 PM

views 73

পৰিয়ালৰ সদস্যসকলৰ সৈতে তিৰুমালা মন্দিৰ দৰ্শন গৃহমন্ত্রী অমিত শ্বাহৰ

কেন্দ্রীয় গৃহমন্ত্রী অমিত শ্বাহে আজি পৰিয়ালৰ সদস্যসকলৰ সৈতে তিৰুমালা মন্দিৰ দৰ্শন কৰে। তিৰুমালা তিৰুপতি দেৱস্থানমৰ কাৰ্যবাহী বিষয়া ধৰ্ম ৰেড্ডী, মুখ্য পুৰোহিত তথা আন বিষয়াসকলে তেওঁলোকক আদৰণি জনায়। শ্রী শ্বাহে মন্দিৰ দৰ্শন কৰি ভগৱান শ্ৰী ৱেংকটেশ্বৰৰ আশীৰ্বাদ লয়।