নাগৰিকত্ব সংশোধনী আইনে কোনো ধৰ্মাৱলম্বী লোকৰ নাগৰিকৰ অধিকাৰ কাঢ়ি লৈ নাযায় বুলি কেন্দ্রীয় গৃহমন্ত্রী অমিত শ্বাহে আজি প্ৰকাশ কৰে। তেওঁ কয় যে, এই আইনে ভাৰতীয় নাগৰিকসকলৰ লগতে শৰণাৰ্থীসকলক সন্মান আৰু ন্যায় প্ৰদান কৰে। মন্ত্ৰীগৰাকীয়ে আজি আহমেদাবাদৰ এটা অনুষ্ঠানত নাগৰিকত্ব সংশোধনী আইনৰ অধীনত ১৮৮ গৰাকী হিন্দু লোকক নাগৰিকত্বৰ প্ৰমাণ পত্ৰ প্ৰদান কৰি এই কথা প্রকাশ কৰে। শ্ৰী শ্বাহে তোষামোদৰ ৰাজনীতি আৰু ভোটবেংকৰ বাবে পূৰ্বৰ কংগ্ৰেছ চৰকাৰে হিন্দু তথা আন সংখ্যালঘু লোকক অৱহেলা কৰা বুলি সমালোচনা কৰে। তেওঁ দেশজুৰি নাগৰিকত্ব সংশোধনী আইন বলৱৎ কৰাৰ বাবে মোদী চৰকাৰ প্ৰতিশ্ৰুতিবদ্ধ বুলি দৃঢ়তাৰে কয়। ইয়াৰ পূৰ্বে মন্ত্ৰীগৰাকীয়ে আহমেদাবাদত আহমেদাবাদ পৌৰ নিগমৰ এহেজাৰ কোটিৰো অধিক টকা ব্যয়সাপেক্ষে নিৰ্মাণ কৰিবলগীয়া উন্নয়নমূলক প্রকল্পসমূহো উদ্বোধন কৰে। শ্ৰীশ্বাহে সৱৰমতিত দলীয় কৰ্মীসকলক সাক্ষাৎ কৰাৰো কথা আছে ।
Assamese | August 18, 2024 8:38 PM | Amit Shah
নাগৰিকত্ব সংশোধনী আইনে কোনো ধৰ্মাৱলম্বী লোকৰ নাগৰিকৰ অধিকাৰ কাঢ়ি লৈ নাযায়ঃ গৃহমন্ত্রী অমিত শ্বাহ