কেন্দ্রীয় গৃহমন্ত্রী অমিত শ্বাহে স্থানীয় নিকায়ৰ নিৰ্বাচনত বিজেপিক ঐতিহাসিক বিজয়ৰ আশীৰ্বাদ দিয়াৰ বাবে ত্ৰিপুৰাৰ জনসাধাৰণৰ প্ৰতি কৃতজ্ঞতা জ্ঞাপন কৰিছে। সামাজিক মাধ্যমৰ এটা বাৰ্তাত শ্ৰী শ্বাহে কয় যে, এই জয় ত্ৰিপুৰাৰ জনসাধাৰণৰ জয়। তেওঁ ত্ৰিপুৰাৰ মুখ্যমন্ত্ৰী ডº মানিক সাহা, ৰাজ্যিক বিজেপিৰ সভাপতি ৰাজীৱ ভট্টাচাৰ্যী আৰু দলীয় কৰ্মীসকলক বিজেপিৰ চৰকাৰৰ উন্নয়নপন্থী পদক্ষেপসমূহ ৰাইজৰ মাজলৈ লৈ যোৱাৰ অক্লান্ত প্ৰচেষ্টাৰ বাবে অভিনন্দন জনায়।
Assamese | August 14, 2024 6:57 PM | Amit Shah
ত্ৰিপুৰাৰ জনসাধাৰণৰ কৃতজ্ঞতা জ্ঞাপন অমিত শ্বাহৰ