লোকসভা নিৰ্বাচনৰ চতুৰ্থ পৰ্যায়ৰ প্ৰচাৰ অভিযানত অংশ লৈ কেন্দ্রীয় গৃহমন্ত্রী তথা বিজেপি নেতা অমিত শ্বাহে উত্তৰ প্ৰদেশৰ কৌশ্বাম্বিৰ পৰা বিজেপি প্রার্থী বিনোদ সুনকাৰৰ সমৰ্থনত নিৰ্বাচনী সভাত ভাষণ দিয়ে। শ্ৰীশ্বাহে পাক অধিকৃত কাশ্মীৰ অচিৰেই পুনৰ অধিগ্ৰহণ কৰা হ’ব বুলি দাবী কৰে। উল্লেখযোগ্য যে কালি অসমৰ মুখ্যমন্ত্ৰী তথা জ্যেষ্ঠ বিজেপি নেতা ড০ হিমন্ত বিশ্ব শৰ্মাইও বিহাৰৰ বেগুচৰাইত নিৰ্বাচনী প্ৰচাৰ সভাত এই দাবী কৰিছিল। ইফালে, ৰাজ্যৰ পঞ্চায়ত আৰু গ্ৰামোন্নয়ন মন্ত্ৰী ৰঞ্জিত কুমাৰ দাসেও নির্বাচনী প্ৰচাৰত অংশগ্ৰহণ কৰিবলৈ পশ্চিমবংগৰ কলকাতাত উপস্থিত হৈছে। বিজেপিৰ নেতাগৰাকীয়ে আজি দলটোৰ কলকাতাৰ কাৰ্যালয়ত দলীয় নেতা-কৰ্মীসকলৰ সৈতে নির্বাচনী আলাপ-আলোচনাত অংশগ্ৰহণ কৰে।
Assamese | May 12, 2024 6:54 PM | Amit Shah
পাক অধিকৃত কাশ্মীৰ অচিৰেই পুনৰ অধিগ্ৰহণ কৰাৰ দাবী বিজেপি নেতা অমিত শ্বাহৰ