April 28, 2024 8:53 PM
85
কাইলৈ নিৰ্বাচনী প্ৰচাৰৰ বাবে অসমলৈ বিজেপিৰ জ্যেষ্ঠ নেতা তথা কেন্দ্রীয় গৃহ মন্ত্ৰী অমিত শ্বাহ
বিজেপিৰ জ্যেষ্ঠ নেতা তথা কেন্দ্রীয় গৃহ মন্ত্ৰী অমিত শ্বাহ কাইলৈ নিৰ্বাচনী প্ৰচাৰৰ বাবে অসমলৈ আহিব। নেতাগৰাকীয়ে গুৱাহাটী লোকসভা সমষ্টিৰ বিজেপিৰ প্ৰাৰ্থী বিজুলী কলিতা মেধিৰ হৈ প্ৰচাৰ চলাব। এই অনুসৰি শ্ৰী শ্বাহে গুৱাহাটী চাইকেল ফেক্টৰীৰ পৰা লাল গণেশলৈ এটা ৰোড শ্ব'ত অংশগ্ৰহণ কৰিব । কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকীৰ প্ৰস্তাৱিত অসম ভ্রমণসূচীৰ পৰিপ্ৰেক্ষিতত কামৰূপ মহানগৰ জিলা প্ৰশাসনে কেতবোৰ নিৰ্দিষ্ট পথক লৈ নিৰ্দেশনা জাৰি কৰিছে। এই অনুসৰি এই পথসমূহ ড্রোন নিষিদ্ধ, আটচবাজী আৰু উৰণ নিষিদ্ধ এলেকা হিচাপে ঘোষণা...