বিজেপিৰ জ্যেষ্ঠ নেতা তথা কেন্দ্রীয় মন্ত্রী অমিত শ্বাহে আজি পুনৰ কয় যে, বিজেপিয়ে অনুসূচিত জাতি, অনুসূচিত জনজাতি আৰু অন্যান্য পিছপৰা শ্ৰেণীৰ সংৰক্ষণ সুৰক্ষিত তথা বৃদ্ধি কৰিব। তেওঁ আদিলাবাদৰ জনসাধাৰণক মোদীৰ গেৰাণ্টী আৰু কংগ্ৰেছৰ স্বজন-তোষণৰ ৰাজনীতিৰ মাজৰ যিকোনো এটাক বাচি ল’বলৈ আহ্বান জনায়। আদিলাবাদ লোকসভা সমষ্টিৰ ছিৰপুৰ কাগজনগৰত এটা নিৰ্বাচনী ৰেলীক সম্বোধন কৰি শ্ৰী শ্বাহে কয় যে, অনুসূচিত জাতি, অনুসূচিত জনজাতি আৰু অন্যান্য পিছপৰা শ্ৰেণীৰ অধিকাৰ সুৰক্ষিত কৰাৰ উদ্দেশ্যে কংগ্ৰেছ চৰকাৰে সম্প্ৰদায়ৰ ভিত্তিত প্ৰদান কৰা সংৰক্ষণ ব্যৱস্থাৰ অৱসান ঘটোৱা হ’ব। শ্ৰী শ্বাহে লগতে এই বুলিও অভিযোগ কৰে যে, কংগ্ৰেছ নেতাসকলে তেওঁলোকৰ ভোট বেংকক লৈ ভয় খাই আছে। বিগত ১০ বছৰত কেন্দ্ৰত এন ডি এ চৰকাৰৰ সাফল্যৰ বিষয়ে উল্লেখ কৰি শ্ৰী শ্বাহে কয় যে, বিগত ১০ বছৰত মোদী চৰকাৰে কঠোৰ সিদ্ধান্তৰ দ্বাৰা নক্সালবাদ আৰু সন্ত্ৰাসবাদ প্রায় নির্মূল কৰিছে। শ্ৰী শ্বাহে এই বুলিও অভিযোগ কৰে যে এই সময়ছোৱাত বি আৰ এছ এ বিভিন্ন দুর্নীতিত লিপ্ত হৈছে আৰু বৰ্তমান কংগ্ৰেছ চৰকাৰো দুৰ্নীতিত লিপ্ত হৈছে আৰু প্ৰতিদিনে কোটি কোটি টকা কংগ্ৰেছ পুঁজিলৈ প্ৰেৰণ কৰি আছে।
Assamese | May 5, 2024 8:31 PM | 3rd Phase Election | Amit Shah
বিজেপিয়ে অনুসূচিত জাতি, অনুসূচিত জনজাতি আৰু অন্যান্য পিছপৰা শ্ৰেণীৰ সংৰক্ষণ সুৰক্ষিত তথা বৃদ্ধি কৰিবঃ বিজেপিৰ জ্যেষ্ঠ নেতা তথা কেন্দ্রীয় মন্ত্রী অমিত শ্বাহ