বিজেপিৰ জ্যেষ্ঠ নেতা তথা কেন্দ্রীয় গৃহমন্ত্ৰী অমিত শ্বাহে কংগ্ৰেছ দলে পিছপৰা শ্ৰেণীসমূহৰ স্বাৰ্থ বিঘ্নিত কৰি ধৰ্মভিত্তিক সংৰক্ষণ ব্যৱস্থাৰ পোষকতা কৰা বুলি অভিযোগ উত্থাপন কৰিছে। আজি বিহাৰৰ উজিয়াৰপুৰ সংসদীয় সমষ্টিৰ অধীনৰ চৰইৰঞ্জনৰ নৰঘোষিত বিজেপি প্রার্থী নিত্যানন্দ ৰায়ৰ হৈ এখন নিৰ্বাচনী প্ৰচাৰ সভাত অংশগ্ৰহণ কৰি শ্ৰীশ্বাহে কয় যে, কর্ণাটকত কংগ্ৰেছে অন্যান্য পিছপৰা শ্ৰেণীৰ সংৰক্ষণ হ্ৰাস কৰি মুছলিম সম্প্রদায়ক ৫ শতাংশ সংৰক্ষণ প্ৰদান কৰিছে। একেদৰে অন্ধ্ৰপ্ৰদেশতো ধৰ্মৰ ভিত্তিত ৪ শতাংশ সংৰক্ষণ প্ৰদান কৰা হৈছে বুলি শ্ৰীশ্বাহে উল্লেখ কৰে। বিজেপি দল শাসনলৈ আহিলে ধৰ্ম ভিত্তিক সংৰক্ষণ আঁতৰোৱা হব বুলিও তেওঁ লগতে প্রকাশ কৰে। অনুসূচীত জাতি, অনুসূচীত জনজাতি আৰু অন্যান্য পিছপৰা শ্ৰেণীৰ বাবে থকা সংৰক্ষণ ব্যৱস্থাৰ হীনদেঢ়ি হোৱাটো বিজেপিয়ে কোনোপধ্যেই সহ্য নকৰে বুলি শ্রীশ্বাহে লগতে কয়। ইফালে, মিত্ৰজোঁটৰ তৰফৰ পৰা আৰ জে ডিৰ উজিয়াৰপুৰ আসনখনৰ বাবে প্ৰাক্তন মন্ত্ৰী আলোক কুমাৰ মেহতাক প্রার্থিত্ব প্ৰদান কৰা হৈছে। আৰ জে ডিৰ নেতা তথা প্রাক্তন উপ-মুখ্যমন্ত্রী তেজস্বী যাদৱেও আজি চাৰণ আৰু চিৱান সংসদীয় সমষ্টিত নিৰ্বাচনী প্ৰচাৰ চলায়।
Assamese | May 6, 2024 8:37 PM | Amit Shah
কংগ্ৰেছ দলে ধৰ্মভিত্তিক সংৰক্ষণ ব্যৱস্থাৰ পোষকতা কৰা বুলি অভিযোগ অমিত শ্বাহৰ