November 4, 2025 3:23 PM

views 47

ভাৰতৰ ১০ হাজাৰ পালি ৰেবিছ প্ৰতিষেধক আৰু দুহেজাৰ পালি ইমনুগ্ল’বিন দ্বীপৰাষ্ট্ৰ টিম’ৰ লেছ-টেলৈ প্ৰেৰণ

ভাৰতে ১০ হাজাৰ পালি ৰেবিছ প্ৰতিষেধক আৰু দুহেজাৰ পালি ইমনুগ্ল’বিন দ্বীপৰাষ্ট্ৰ টিম'ৰ লেছ-টেলৈ প্ৰেৰণ কৰিছে। ইয়াৰ জৰিয়তে গোলকীয় দক্ষিণত বিশ্বাসী আৰু নিৰ্ভৰযোগ্য স্বাস্থ্য অংশীদাৰী দেশ হিচাপে ভাৰতে নিজৰ প্ৰতিশ্ৰুতিবদ্ধতাৰ কথা প্ৰতিফলিত কৰিছে। বিশ্ব স্বাস্থ্য সংস্থাৰ মতে টিম'ৰ লেছ- টেত ২০২৪ চনৰ মাৰ্চ মাহত প্ৰথমটো মানৱ দেহত ৰেবিছৰ ঘটনা পোহৰলৈ আহে। তাৰ পাছতে বিশ্ব স্বাস্থ্য সংস্থাটোৱে দেশখনলৈ ৬ হাজাৰ পালি ৰেবিছ প্ৰতিষেধক আৰু দুহেজাৰ পালি ইমনুগ্ল’বিন প্ৰেৰণ কৰে। ভাৰত আৰু ইণ্ডোনেছিয়া চৰকাৰৰ সহায়ত ব...

November 4, 2025 3:05 PM

views 71

মেৰা বুথ সবছে মজবুত কাৰ্যসূচীত প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদী

■ মেৰা বুথ সবছে মজবুত কাৰ্যসূচীৰ অধীনত বিজেপিৰ জ্যেষ্ঠ নেতা তথা প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি বিহাৰৰ মহিলাসকলৰ সৈতে মত-বিনিময় কৰিব। সামাজিক মাধ্যমৰ এটা বাৰ্তাত শ্রীমোদীয়ে এই কাৰ্যসূচীক লৈ তেওঁৰ উৎসাহ প্ৰকাশ কৰি কয়, যে বিহাৰৰ বিধানসভা নিৰ্বাচনত বিজেপি-এন ডি এ মিত্ৰজোঁটক জয়ী কৰাবলৈ মহিলাসকলে সৰ্বতোপ্ৰকাৰে অৰিহণা যোগাইছে। তেওঁলোকৰ সক্ৰিয় অংশগ্রহণে বিহাৰত গণতান্ত্ৰিক যাত্ৰা সৱলীকৰণত যথেষ্ট সহায় কৰা বুলিও শ্রীমোদীয়ে উল্লেখ কৰে।

November 4, 2025 11:57 AM

views 71

সমগ্ৰ দেশৰ ২৪টা কেন্দ্ৰত আকাশবাণী সংগীত সন্মিলনৰ ৬৭ সংখ্যক সংস্কৰণৰ অনুষ্ঠিত

প্ৰসাৰ ভাৰতীয়ে সাংস্কৃতিক মন্ত্ৰালয়ৰ সহযোগত সমগ্ৰ দেশৰ ২৪টা কেন্দ্ৰত আকাশবাণী সংগীত সন্মিলনৰ ৬৭ সংখ্যক সংস্কৰণৰ অনুষ্ঠিত কৰিছে। তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰালয়ে প্রকাশ কৰিছে যে ১৯৫৪ চনত আৰম্ভ কৰা আকাশবাণীৰ সংগীত সন্মিলন দেশৰ সাংস্কৃতিক পৰম্পৰাৰ প্ৰতীক। এই সন্মিলনে দেশৰ চহকী সংগীত ঐতিহ্যৰ সংৰক্ষণ, প্ৰসাৰ আৰু জনপ্ৰিয়কৰণত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰি আহিছে। প্ৰসাৰ ভাৰতীৰ মুখ্য কাৰ্যবাহী বিষয়া গৌৰৱ দ্বিবেদীয়ে কয়, যে কোৱিড-১৯ মহামাৰীৰ বাবে কিছু বছৰ এই সংগীত সন্মিলন বন্ধ ৰখাৰ পাছত এইবেলি নতুন ৰূপত...

November 4, 2025 11:02 AM

views 253

■ মুখ্যমন্ত্ৰীৰ জীৱন প্ৰেৰণা আঁচনিৰ শুভাৰম্ভ

■ স্নাতক ডিগ্ৰীধাৰী যুৱক-যুৱতীসকলক প্ৰতিযোগিতামূলক পৰীক্ষাৰ প্ৰস্তুতি চলোৱাৰ বাবে সহায় কৰাৰ লগতে স্বাৱলম্বী হোৱাৰ বাবে সহযোগিতা আগবঢ়াবলৈ কালি মুখ্যমন্ত্ৰীৰ জীৱন প্ৰেৰণা আঁচনিৰ শুভাৰম্ভ কৰা হয়। ৰাজ্য চৰকাৰৰ দক্ষতা, নিয়োগ আৰু উদ্যমিতা বিভাগৰ দ্বাৰা আয়োজিত এই অনুষ্ঠানত মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাই এই আঁচনিখন মুকলি কৰে। অনুষ্ঠানত দিয়া ভাষণত মুখ্যমন্ত্ৰীয়ে কয়, যে মধ্যবিত্ত পৰিয়ালৰ যুৱক-যুৱতীসকলে স্নাতক ডিগ্রী লাভ কৰাৰ পাছত বিভিন্ন মানসিক কাৰণত পিতৃ-মাতৃৰ পৰা ধন ল’বলৈ কুণ্ঠাবোধ কৰে। যু...

November 4, 2025 10:44 AM

views 66

■ চিৰাং জিলাৰ কাজলগাঁৱৰ ছেচন ন্যায়াধীশৰ আদালতৰ ২গৰাকী অভিযুক্তক পক্‌ছ’ আইনৰ অধীনত ২০ বছৰৰ সশ্ৰম কাৰাদণ্ড

◆ চিৰাং জিলাৰ কাজলগাঁৱৰ ছেচন ন্যায়াধীশৰ আদালতে কালি এগৰাকী নাবালিকাক ধৰ্ষণ আৰু সেই ঘৃণনীয় কাৰ্যৰ ভিডিঅ' প্ৰস্তুত কৰি সামাজিক মাধ্যমত ভাইৰেল কৰাৰ অপৰাধত দুগৰাকী অভিযুক্তক পক্‌ছ' আইনৰ অধীনত ২০ বছৰৰ সশ্ৰম কাৰাদণ্ডৰ ৰায়দান দিয়ে। ন্যায়াধীশ চি চতুর্বেদীৰ আদালতে কালি অভিযুক্ত ফিলিপ কাছোৱা আৰু চিমন বেচেৰাক এই ৰায় দিয়াৰ লগতে ২০ হাজাৰ টকাকৈ জৰিমণা বিহে। জৰিমণা আদায় নকৰিলে দুয়োগৰাকী অপৰাধীয়ে অতিৰিক্ত এবছৰকৈ কাৰাদণ্ডৰ শাস্তি ভূগিব লাগিব। উল্লেখযোগ্য যে যোৱা বছৰৰ ২ আগষ্টত চিৰাং জিলাৰ ভাৰত-ভূটান সীম...

November 4, 2025 10:41 AM

views 52

■ দমদমা মহাবিদ্যালয়ত কবিতা আবৃত্তিৰ কৰ্মশালা অনুষ্ঠিত

● দমদমা সাহিত্য সভাৰ ৰামধেনু উপ-সমিতিৰ উদ্যোগত দমদমা মহাবিদ্যালয়ত কালি কবিতা আবৃত্তিৰ কৰ্মশালা অনুষ্ঠিত হয়। কর্মশালাখনত সমল ব্যক্তি হিচাপে বিশিষ্ট আবৃত্তিকাৰ তথা আকাশবাণী গুৱাহাটীৰ অৱসৰপ্ৰাপ্ত ঘোষক অৱণী বৰা আৰু আকাশবাণী গুৱাহাটীৰ প্ৰচাৰণ কাৰ্যবাহী ইন্দ্রজিৎ দাস উপস্থিত থাকে। দমদমা মহাবিদ্যালয়ৰ অধ্যক্ষ ড° সুৰঞ্জন শর্মাই উদ্বোধন কৰা এই অনুষ্ঠানত কামৰূপ জিলা সাহিত্য সভা আৰু দমদমা সাহিত্য সভাৰ বিষয়ববীয়াসকল উপস্থিত থাকে। অনুষ্ঠানৰ শেষত প্ৰসিদ্ধ বাঁহীবাদক দীপক শৰ্মাৰ বিয়োগত গভীৰ শোক প্ৰকাশ কৰি ম...

November 4, 2025 2:54 PM

views 79

ভাৰত মণ্ডপমত অত্যাধুনিক বিজ্ঞান আৰু প্ৰযুক্তি উদ্ভাৱন সন্মিলন ESTIC-2025 মুকলি

■ প্ৰযুক্তিৰ ক্ষেত্ৰত বিকাশ ক্ৰমাৎ ঊর্ধগামী হোৱা ভাৰতত সম্প্ৰতি বিশ্বৰ ভিতৰতে সবাতোকৈ সফল ডিজিটেল ৰাজহুৱা আন্তঃগাঁথনি গঢ়ি তোলা হৈছে বুলি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে মন্তব্য কৰিছে। কালি নতুন দিল্লীৰ ভাৰত মণ্ডপমত অত্যাধুনিক বিজ্ঞান আৰু প্ৰযুক্তি উদ্ভাৱন সন্মিলন ESTIC-2025 মুকলি কৰি দিয়া ভাষণত তেওঁ লগতে কয়, যে কেন্দ্ৰীয় চৰকাৰে দেশত উদ্ভাৱনৰ ক্ষেত্ৰত অত্যাধুনিক ব্যৱস্থা বিকশাই তোলাৰ বাবে গৱেষণা ক্ষেত্ৰৰ সুচলতাত গুৰুত্ব আৰোপ কৰিছে। ভাৰত সম্প্ৰতি কেৱল প্ৰযুক্তিৰ গ্রাহক হৈ থকা নাই বৰং, প্রযুক্তি...

October 28, 2025 8:12 PM

views 40

আকাশবাণীত গুৱাহাটী কেন্দ্ৰত তোমাৰ নিবিড় মায়াৰে নাটকখনৰ কলাকুশলীসকলক সম্বর্ধনা

আকাশবাণী গুৱাহাটী কেন্দ্ৰই দৃষ্টিহীনসকলৰ বাবে পৰীক্ষামূলকভাৱে প্রযোজনা কৰা তোমাৰ নিবিড় মায়াৰে নামৰ নাটকখন প্ৰথম মঞ্চস্থ হোৱাৰ এবছৰ পূৰ্ণ হোৱা উপলক্ষে আজি নাটকখনৰ নাট্যকাৰ আৰু কলাকুশলীসকলক সম্বর্ধনা জনোৱা হয়। আজি বিয়লি কেন্দ্ৰটোৰ সভাকক্ষত আয়োজিত এটা অনুষ্ঠানত আকাশবাণী গুৱাহাটীৰ উপ-সঞ্চালক প্রধান ৰবীন চন্দ্র বড়োৱে নাটখনৰ অভিনেত্রী অপর্ণা দত্ত চৌধুৰী আৰু অভিনেতা সত্যজিৎ গগৈক স্মাৰক আৰু ফুলাম গামোচাৰে সম্বর্ধনা জনায়। নাটখনৰ নাট্যকাৰ ঋতুপর্ণ দাসে এই নাটখনৰ সৃষ্টিৰ আঁৰৰ কথা ব্যক্ত কৰে। অভিনেত্রী অপর্ণ...

October 28, 2025 11:25 AM

views 89

মন্থা ঘূৰ্ণীবতাহত ক্ষতিগ্রস্ত অঞ্চলসমূহত সহায় আগবঢ়াবলৈ দলীয় গোটসমূহক নির্দেশ জে পি নাড্ডাৰ

■ মন্থা ঘূৰ্ণীবতাহৰ ফলত ক্ষতিগ্রস্ত অঞ্চলসমূহত প্রয়োজনীয় সহায় আৰু সাহায্য আগবঢ়াবলৈ কেন্দ্ৰীয় মন্ত্ৰী তথা বিজেপিৰ সভাপতি জে পি নাড্ডাই দলীয় গোটসমূহক নির্দেশ দিছে। ক্ষতিগ্রস্ত অঞ্চলসমূহত স্থানীয় প্ৰশাসনৰ সৈতে সহযোগিতাৰে কাম কৰি সাহায্য-সামগ্ৰী আৰু স্বাস্থ্যসেৱা প্ৰদানৰ বাবে দলীয় কর্মকর্তাসকলক বিশেষ ভূমিকা গ্রহণ কৰিবলৈ শ্ৰীনাড্ডাই আহ্বান জনাইছে। তেওঁ লগতে ঘূর্ণীবতাহ প্ৰভাৱিত অঞ্চলসমূহৰ জনসাধাৰণক অত্যাৱশ্যকীয় সামগ্ৰীৰ যোগান ধৰাৰ লগতে তেওঁলোকৰ সুৰক্ষা আৰু উদ্ধাৰ অভিযান অব্যাহত ৰাখিবলৈ প্ৰতিট...

October 28, 2025 11:20 AM

views 61

বিকশিত ভাৰত কুইজ প্রতিযোগিতাত যুৱক-যুৱতীসকলক অংশগ্রহণ কৰিবলৈ প্রধানমন্ত্ৰীৰ আহ্বান

● প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে দেশৰ যুৱক-যুৱতীসকলক বিকশিত ভাৰত কুইজ প্রতিযোগিতাত অংশগ্রহণ কৰিবলৈ আহ্বান জনাইছে। সামাজিক মাধ্যমৰ এটা প'ষ্টত শ্রীমোদীয়ে কয়, যে ৰাষ্ট্ৰ গঠনৰ দিশত অৰিহণা আগবঢ়োৱাৰ ক্ষেত্ৰত দ্বিতীয় বিকশিত ভাৰত যুৱ নেতাসকলৰ আলোচনা এটা উত্তম সুযোগ। তেওঁ কয়, যে যুৱক-যুৱতীসকলৰ ধাৰণা আৰু অন্তর্দৃষ্টি, বিকশিত ভাৰত গঠনৰ পথ প্ৰশস্ত কৰিব পাৰে। জনসাধাৰণে অহা ৩১ অক্টোবৰ পৰ্যন্ত এই প্রতিযোগিতাত অংশগ্ৰহণৰ বাবে নাম পঞ্জীয়ন কৰিব পাৰিব। অহা ১০ৰ পৰা ১২ জানুৱাৰীলৈ বিকশিত ভাৰত কুইজ প্ৰতিযোগিতা অন...