November 6, 2025 11:40 AM

views 62

ভাৰতীয় নৌসেনাই কোচিৰ নৌসেনা ঘাটিত ইক্ষক জাহাজ সেৱাৰ আনুষ্ঠানিক শুভাৰম্ভ কৰিব

● ভাৰতীয় নৌসেনাই কোচিৰ নৌসেনা ঘাটিত আজি ইক্ষক জাহাজ সেৱাৰ আনুষ্ঠানিক শুভাৰম্ভ কৰিব। নৌসেনাৰ মুৰব্বী এডমিৰেল দীনেশ কে ত্রিপাঠীৰ উপস্থিতিত এই বিশেষ কাৰ্যসূচী অনুষ্ঠিত হ'ব। প্ৰতিৰক্ষা মন্ত্ৰালয়ে অৱগত কৰিছে যে দক্ষিণ নৌসেনা কমাণ্ডত অন্তর্ভুক্ত হ'বলগীয়া এই বিশেষ শ্ৰেণীৰ জাহাজখনে ভাৰতীয় নৌসেনা বাহিনীৰ হাইড্ৰ'গ্ৰাফিক জৰীপ ক্ষমতা বৃদ্ধি কৰিব। মন্ত্রালয়ে লগতে জনাইছে যে, ইক্ষক জাহাজ নিৰ্মাণৰ ক্ষেত্ৰত ভাৰতৰ ক্ৰমবৰ্ধমান আত্মনিৰ্ভৰশীলতাৰ এক উজ্জ্বল নিদর্শন। ‘ইক্ষক’ অর্থাৎ গাইড বা নির্দেশক নামটোৱে জাহাজখ...

November 6, 2025 11:37 AM

views 40

আমূল আৰু IFFCOক বিশ্বৰ সমবায় সংস্থাৰ তালিকাত প্ৰথম আৰু দ্বিতীয় স্থান লাভ কৰাৰ বাবে প্ৰধানমন্ত্ৰী মোদীৰ শুভেচ্ছা

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে দেশৰ আগশাৰীৰ সমবায় সংস্থা আমূল আৰু IFFCOক বিশ্বৰ সমবায় সংস্থাৰ তালিকাত প্ৰথম আৰু দ্বিতীয় স্থান লাভ কৰাৰ বাবে শুভেচ্ছা জ্ঞাপন কৰিছে। সামাজিক মাধ্যমত দিয়া এটা বাৰ্তাত শ্রীমোদীয়ে কয়, যে দেশৰ সমবায় খণ্ড যথেষ্ট গতিশীল আৰু এই খণ্ডই মানুহৰ জীৱন ধাৰণাৰ মান সলনি কৰাত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰি আহিছে। অনাগত সময়ত সমবায় খণ্ডটোক আৰু অধিক উৎসাহিত কৰাৰ বাবে চৰকাৰে বহু পদক্ষেপ গ্ৰহণ কৰিছে বুলি তেওঁ লগতে জানিবলৈ দিয়ে।

November 6, 2025 11:14 AM

views 76

বায়ুসেনাৰ সামৰিক প্ৰদৰ্শনৰ অনুশীলনৰ বাবে ৯ নৱেম্বৰলৈ গুৱাহাটী-উত্তৰ গুৱাহাটীৰ মাজৰ ফেৰীসেৱা বন্ধ

● ব্ৰহ্মপুত্ৰৰ পাৰত বায়ুসেনাৰ সামৰিক প্ৰদৰ্শনৰ অনুশীলনৰ পৰিপ্ৰেক্ষিতত আজিৰে পৰা ৯ নৱেম্বৰলৈ গুৱাহাটী- উত্তৰ গুৱাহাটীৰ মাজৰ ফেৰীসেৱা বন্ধ ৰখা হ'ব। এই অনুশীলনত সুবিধা হোৱাকৈ আৰু গুৱাহাটী গে’টৱে মুকলি অনুষ্ঠানৰ বাবে আভ্যন্তৰীণ জল পৰিবহণ বিভাগে ফেৰীসেৱা বন্ধ ৰখাৰ সিদ্ধান্ত লৈছে। বিকল্প হিচাপে উত্তৰ গুৱাহাটীৰ পৰা গুৱাহাটীলৈ আজিৰেপৰা অসম ৰাজ্যিক পৰিবহণ নিগমৰ বাছ চলাচল কৰিব। ইপিনে, মাছখোৱাৰ লাচিত ঘাটত হ'বলগীয়া ভাৰতীয় বায়ু সেনা দিৱসৰ ফ্লাই পাষ্টৰ বাবে ৮ আৰু ৯ নৱেম্বৰত গুৱাহাটীত যান-বাহন চলাচলৰ ক্ষেত...

November 6, 2025 11:10 AM

views 93

ৰাজ্যজুৰি পৱিত্ৰ ৰাস মহোৎসৱ উদযাপন

● ৰাস মহোৎসৱ উপলক্ষে ৰাজ্যজুৰি পৱিত্ৰ পৰিবেশে বিৰাজ কৰিছে। শৰৎ কালৰ পূৰ্ণিমা তিথিৰ পৰা আয়োজিত এই মহোৎসৱৰ অংশ হিচাপে শ্ৰীকৃষ্ণৰ লীলা শিল্পীৰ দ্বাৰা পৰিবেশনৰ লগতে মৃণ্ময় মূৰ্তিৰ জৰিয়তে আটকধুনীয়াকৈ উপস্থাপন কৰা হৈছে। ৰাজ্যপাল লক্ষ্মণ প্রসাদ আচাৰ্যই কালি কামৰূপ জিলাৰ ঐতিহ্যমণ্ডিত পলাশবাৰী ৰাস মহোৎসৱ উদ্বোধন কৰে। ১৫ দিনীয়া কাৰ্যসূচীৰে ৭৯ সংখ্যক পলাশবাৰী ৰাস মহোৎসৱৰ আয়োজন কৰা হৈছে। বিগত বৰ্ষৰ দৰে এইবাৰো পলাশবাৰী ৰাস মহোৎসৱত শিশু কৃষ্ণ প্রতিযোগিতা আৰু ভূপেন্দ্ৰ সংগীতৰ লগতে দক্ষিণ কামৰূপীয়া লোকগী...

November 6, 2025 11:07 AM

views 101

বিহাৰ বিধানসভাৰ প্ৰথম পৰ্যায়ৰ ভোটগ্রহণ আজি পুৱা ৭ বজাৰ পৰা আৰম্ভ

■ বিহাৰ বিধানসভাৰ প্ৰথম পৰ্যায়ৰ ভোটগ্রহণ আজি পুৱা ৭ বজাত আৰম্ভ হৈছে। এই পৰ্যায়ত আজি ৰাজ্যখনৰ ১৮ খন জিলাৰ ১২১টা সমষ্টিৰ বাবে ভোটগ্রহণ অনুষ্ঠিত হৈছে। পাটনা, ৱৈশালী, নালন্দা, ভোজপুৰ, মুংগেৰ, চৰণ, শিৱান, বেগুচৰাই, লক্ষীচৰাই, গোপালগঞ্জ, মুজফ্‌ফ্ফৰপুৰ, দাৰভাংগা, মাধেপুৰ, চৰ্দশাৰ সমষ্টিসমূহৰ বাবে ভোটগ্রহণ কৰা হৈছে। ভোটগ্রহণ সন্ধিয়া ৬ বজাত সামৰণি পৰিব। অৱশ্যে নিৰাপত্তাজনিত কাৰণত কেইবাটাও বিধানসভা সমষ্টিৰ ২৬টা ভোটগ্রহণ কেন্দ্ৰত বিয়লি ৫ বজাত ভোটগ্ৰহণৰ সামৰণি পৰিব। নির্বাচন মুক্ত, নিকা আৰু শান্তিপূর্ণভ...

November 6, 2025 10:58 AM

views 62

অসম বিধানসভাৰ আইন প্ৰণয়ন সম্পৰ্কীয় সমিতিৰ দলৰ হাফলং আৰু কাষৰীয়া অঞ্চলসমূহত উন্নয়নমূলক কাম-কাজৰ পৰ্যালোচনা

● অসম বিধানসভাৰ আইন প্ৰণয়ন সম্পৰ্কীয় সমিতিৰ এটা দলে কালি ডিমা হাচাও জিলাৰ হাফলং আৰু কাষৰীয়া অঞ্চলসমূহত উন্নয়নমূলক কাম-কাজৰ পৰ্যালোচনা কৰে। সমিতিৰ অধ্যক্ষ চাবুৱাৰ বিধায়ক পোণাকণ বৰুৱাৰ নেতৃত্বৰ দলটোৱে অঞ্চলটোত তৃণমূল পৰ্যায়ৰ পৰা ৰূপায়িত উন্নয়নমূলক কাম-কাজসমূহৰ বুজ লয়। এই দলটোত খুমটাই সমষ্টিৰ বিধায়ক মৃণাল শ‍ইকীয়া, কাটলিচেৰাৰ বিধায়ক চুজামুদ্দিন লস্কৰৰ উপৰি কেইবাগৰাকীও শীর্ষ চৰকাৰী বিষয়া উপস্থিত থাকে। দলটোৱে আন্তঃগাঁথনিমূলক কাম-কাজ পৰিদৰ্শন কৰাৰ লগতে স্থানীয় লোকৰ সৈতে বিভিন্ন বিষয়া সন্...

November 6, 2025 10:56 AM

views 119

মানুহে মানুহৰ বাবে গীতটো সমগ্ৰ বিশ্বৰ মানৱতাৰ গীত হিচাপে স্বীকৃতি প্ৰদানৰ বাবে ৰাষ্ট্ৰসংঘক অনুৰোধৰ বাবে ৰাজ্য চৰকাৰৰ সিদ্ধান্ত

■ বিশ্ব বৰেণ্য শিল্পী ড° ভূপেন হাজৰিকাৰ মানুহে মানুহৰ বাবে গীতটো সমগ্ৰ বিশ্বৰ মানৱতাৰ গীত হিচাপে স্বীকৃতি প্ৰদানৰ বাবে ৰাষ্ট্ৰসংঘক অনুৰোধ জনাবলৈ ৰাজ্য চৰকাৰে সিদ্ধান্ত গ্ৰহণ কৰিছে। কালি সুধাকণ্ঠৰ চতুৰ্দশ মৃত্যুবার্ষিকীত অসম চৰকাৰৰ সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ উদ্যোগত জালুকবাৰীৰ ড° ভূপেন হাজৰিকা সমন্বয় তীৰ্থত আয়োজিত শ্রদ্ধাঞ্জলি অনুষ্ঠানত অংশ লৈ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই এই বিষয়ে প্রকাশ কৰে। অনুষ্ঠানত মানৱ শৃংখলৰ জৰিয়তে মানুহে মানুহৰ বাবে শীর্ষক চিৰ সেউজ গীতটি পৰিৱেশন কৰা হয়। মুখ্যমন...

November 6, 2025 10:52 AM

views 75

কেন্দ্ৰীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণ কাইলৈ দুদিনীয়া ভ্ৰমণসূচীৰে অসমলৈ আহিব

● কেন্দ্ৰীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণ কাইলৈ দুদিনীয়া ভ্ৰমণসূচীৰে অসমলৈ আহিব। এই ভ্ৰমণকালত তেওঁ গুৱাহাটীত এটা গুৰুত্বপূৰ্ণ প্ৰকল্প উদ্বোধন কৰাৰ লগতে এখন নতুন ৰাজ্যিক বিশ্ববিদ্যালয়ৰ আধাৰশিলা স্থাপন কৰিব শ্ৰীমতী সীতাৰমণে প্রথমে উজান বজাৰত ব্ৰহ্মপুত্ৰ ৰিভাৰ ফ্ৰণ্টৰ সতী ৰাধিকা শান্তি উদ্যান আৰু গেটৱে অৱ গুৱাহাটীৰ অত্যাধুনিক ফেৰী টার্মিনেল আৰু জেটি উদ্বোধন কৰিব। অনুষ্ঠানত মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা, জনস্বাস্থ্য কাৰিকৰী বিভাগৰ মন্ত্ৰী জয়ন্ত মল্লবৰুৱা আৰু পৰিবহণ মন্ত্ৰী চৰণ বড়ো উপস্থিত থ...

November 6, 2025 10:49 AM

views 79

প্রবীণ সাংবাদিক হাইদৰ হুছেইনলৈ ২০২৫ বৰ্ষৰ চ্যুকাফা বঁটা

● প্রবীণ সাংবাদিক হাইদৰ হুছেইনলৈ ২০২৫ বৰ্ষৰ চ্যুকাফা বঁটা আগবঢ়োৱা হৈছে। অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে আগবঢ়োৱা এই বঁটা অহা ২ ডিচেম্বৰত চৰাইদেউ জিলাৰ সোণাৰীত হ'বলগীয়া চ্যুকাফা মহোৎসৱত আনুষ্ঠানিকভাৱে প্ৰদান কৰা হ'ব। উল্লেখযোগ্য যে প্ৰতিবছৰে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে অসমৰ আর্থসামাজিক, সাহিত্য তথা সাংস্কৃতিক ক্ষেত্ৰত উল্লেখনীয় অৱদান আগবঢ়াই অহা একোগৰাকী বিশিষ্ট ব্যক্তিক এই বঁটা প্ৰদান কৰি আহিছে।

November 6, 2025 10:46 AM

views 86

বতৰৰ বতৰা-

● স্থানীয় বতৰৰ আগলি বতৰা অনুসৰি অহা ২৪ ঘণ্টাত গুৱাহাটী আৰু ইয়াৰ উপকণ্ঠ অঞ্চলত বতৰ আংশিকভাৱে ডাৱৰীয়া হৈ থকাৰ লগতে দুই-এজাক পাতলীয়া বৰষুণ হোৱাৰ সম্ভাৱনা আছে। আজি গুৱাহাটীৰ তাপমাত্রা সর্বোচ্চ ৩১ ডিগ্ৰী ছেলছিয়াছ আৰু সৰ্বনিম্ন ২২ ডিগ্ৰী ছেলছিয়াছ হ'ব পাৰে বুলি বৰঝাৰৰ আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই আগজাননী দিছে। এই সময়ছোৱাত ত্ৰিপুৰা, মণিপুৰ আৰু মিজোৰামত ঠাই বিশেষে মজলীয়া বৰষুণ হোৱাৰ লগতে অৰুণাচল প্রদেশ, অসম, মেঘালয়, আৰু নাগালেণ্ডৰ অঞ্চলবিশেষে পাতলীয়াৰ পৰা মজলীয়া বৰষুণ হ'ব পাৰে বুলি বতৰ বিজ্ঞান...