ভাৰতে ১০ হাজাৰ পালি ৰেবিছ প্ৰতিষেধক আৰু দুহেজাৰ পালি ইমনুগ্ল’বিন দ্বীপৰাষ্ট্ৰ টিম’ৰ লেছ-টেলৈ প্ৰেৰণ কৰিছে। ইয়াৰ জৰিয়তে গোলকীয় দক্ষিণত বিশ্বাসী আৰু নিৰ্ভৰযোগ্য স্বাস্থ্য অংশীদাৰী দেশ হিচাপে ভাৰতে নিজৰ প্ৰতিশ্ৰুতিবদ্ধতাৰ কথা প্ৰতিফলিত কৰিছে। বিশ্ব স্বাস্থ্য সংস্থাৰ মতে টিম’ৰ লেছ- টেত ২০২৪ চনৰ মাৰ্চ মাহত প্ৰথমটো মানৱ দেহত ৰেবিছৰ ঘটনা পোহৰলৈ আহে। তাৰ পাছতে বিশ্ব স্বাস্থ্য সংস্থাটোৱে দেশখনলৈ ৬ হাজাৰ পালি ৰেবিছ প্ৰতিষেধক আৰু দুহেজাৰ পালি ইমনুগ্ল’বিন প্ৰেৰণ কৰে। ভাৰত আৰু ইণ্ডোনেছিয়া চৰকাৰৰ সহায়ত বিশ্ব স্বাস্থ্য সংস্থাটোৱে ১২ হাজাৰ পালি প্ৰতিষেধক আৰু দুহেজাৰ পালি আৰ আই জি দেশখনলৈ প্ৰেৰণ কৰিছে।
Assamese | November 4, 2025 3:23 PM | Akashvani | Akashvani News
ভাৰতৰ ১০ হাজাৰ পালি ৰেবিছ প্ৰতিষেধক আৰু দুহেজাৰ পালি ইমনুগ্ল’বিন দ্বীপৰাষ্ট্ৰ টিম’ৰ লেছ-টেলৈ প্ৰেৰণ