● প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে দেশৰ যুৱক-যুৱতীসকলক বিকশিত ভাৰত কুইজ প্রতিযোগিতাত অংশগ্রহণ কৰিবলৈ আহ্বান জনাইছে। সামাজিক মাধ্যমৰ এটা প’ষ্টত শ্রীমোদীয়ে কয়, যে ৰাষ্ট্ৰ গঠনৰ দিশত অৰিহণা আগবঢ়োৱাৰ ক্ষেত্ৰত দ্বিতীয় বিকশিত ভাৰত যুৱ নেতাসকলৰ আলোচনা এটা উত্তম সুযোগ।
তেওঁ কয়, যে যুৱক-যুৱতীসকলৰ ধাৰণা আৰু অন্তর্দৃষ্টি, বিকশিত ভাৰত গঠনৰ পথ প্ৰশস্ত কৰিব পাৰে। জনসাধাৰণে অহা ৩১ অক্টোবৰ পৰ্যন্ত এই প্রতিযোগিতাত অংশগ্ৰহণৰ বাবে নাম পঞ্জীয়ন কৰিব পাৰিব। অহা ১০ৰ পৰা ১২ জানুৱাৰীলৈ বিকশিত ভাৰত কুইজ প্ৰতিযোগিতা অনুষ্ঠিত হ’ব।
Assamese | October 28, 2025 11:20 AM | Akashvani | Akashvani News | narendra modi | PMO India | PMO Modi | Vikshit Bharat 2025
বিকশিত ভাৰত কুইজ প্রতিযোগিতাত যুৱক-যুৱতীসকলক অংশগ্রহণ কৰিবলৈ প্রধানমন্ত্ৰীৰ আহ্বান