December 29, 2025 4:46 PM

views 40

দক্ষিণ শালামাৰা মানকাচৰ জিলাৰ হাটশিঙিমাৰীত ২৭ ডিচেম্বৰৰ পৰা ৫৯ সংখ্যক আন্তঃ জিলা জুনিয়ৰ ভলীবল চেম্পিয়নশ্বিপ অনুষ্ঠিত

● দক্ষিণ শালামাৰা মানকাচৰ জিলাৰ হাটশিঙিমাৰীত ২৭ ডিচেম্বৰৰ পৰা ৫৯ সংখ্যক আন্তঃ জিলা জুনিয়ৰ ভলীবল চেম্পিয়নশ্বিপ অনুষ্ঠিত হৈছে। প্ৰতিযোগিতাত ল'ৰাৰ শাখাত ২৪ টা দলে আৰু ছোৱালীৰ শাখাত ১৫ টা দলে ভাগ লৈছে। কালি কোৱাৰ্টাৰ ফাইনেলৰ সামৰণিত ছোৱালীৰ শাখাত ডিব্ৰুগড়, মৰিগাঁও, ধেমাজি আৰু শিৱসাগৰে ছেমি ফাইনেলত প্ৰৱেশ কৰিছে। ল'ৰাৰ শাখাত বিজনী, তেজপুৰ, চিৰাং, শালবাৰী, নলবাৰী, গহপুৰ, গুৱাহাটী আৰু দক্ষিণ কামৰূপে কোৱাৰ্টাৰ ফাইনেলত প্ৰৱেশ কৰিছে।

December 29, 2025 4:39 PM

views 82

দেশত পানকাৰ্ড আৰু আধাৰকাৰ্ড সংযোগৰ বাবে অন্তিম সময়সীমা অহা ৩১ ডিচেম্বৰ ধাৰ্য

দেশত পানকাৰ্ড আৰু আধাৰকাৰ্ড সংযোগৰ বাবে অন্তিম সময়সীমা অহা ৩১ ডিচেম্বৰ ধাৰ্য কৰা হৈছে। নাগৰিকে কৰ আদায় দিয়াৰ সময়ত ব্যক্তিৰ আধাৰ আৰু পানকাৰ্ড সংলগ্ন কৰাটো বাধ্যতামূলক কৰা হৈছে। ২০২৪ চনৰ ১ অক্টোবৰতে আধাৰকাৰ্ড আৰু পানকাৰ্ড সংলগ্ন কৰাৰ এটা নিৰ্দেশ জাৰি কৰা হৈছিল আৰু পাছত এই সময়সীমা ২০২৫ চনৰ ৩ এপ্ৰিললৈ পুনৰ বৃদ্ধি কৰা হৈছিল। ৩১ ডিচেম্বৰৰ পূৰ্বে আধাৰকাৰ্ড আৰু পানকার্ড সংলগ্ন নকৰিলে এহেজাৰ টকাকৈ জৰিমণা ভৰিব লাগিব, অন্যথা পানকার্ডসমূহ নিশ্চিক্ৰীয় কৰি দিয়া হ'ব বুলি নিৰ্দেশনাত উল্লেখ কৰা হৈছে। এই স...

December 29, 2025 4:34 PM

views 51

চি বি এছ ইয়ে চি-টেটৰ একবিংশ সংস্কৰণৰ বাবে অনলাইন আবেদন সম্পূৰ্ণ কৰিব

● কেন্দ্রীয় মাধ্যমিক শিক্ষা পৰিষদ-চি বি এছ ইয়ে ফেব্ৰুৱাৰীত হ'বলগীয়া কেন্দ্রীয় শিক্ষক যোগ্যতা নিৰূপণকাৰী পৰীক্ষা চি-টেটৰ একবিংশ সংস্কৰণৰ বাবে অনলাইন আবেদন সম্পূৰ্ণ কৰিব নোৱাৰা প্ৰাৰ্থীসকলক সকাহ প্ৰদান কৰাৰ বাবে সিদ্ধান্ত গ্ৰহণ কৰিছে। চি বি এছ ইয়ে জাৰি কৰা অধিসূচনা অনুসৰি এই পৰীক্ষাৰ বাবে যোৱা ২৭ নৱেম্বৰৰ পৰা ১৮ ডিচেম্বৰলৈ অনলাইন আবেদনৰ প্ৰক্ৰিয়া মুকলি আছিল যদিও সময়সীমা উকলি যোৱাৰ পাছত পৰিষদে প'ৰ্টেলৰ বিসংগতিৰ বাবে আবেদন সম্পূৰ্ণ কৰিব নোৱাৰা বুলি একাংশ শিক্ষাৰ্থীৰ পৰা অভিযোগ লাভ কৰিছিল। পৰি...

December 29, 2025 6:12 PM

views 59

ইষ্টমাচ অব তেহৱান টেপেকৰ আন্তঃমহাসাগৰীয় কৰিড’ৰত যাত্ৰীবাহী ৰে’লগাড়ী দুৰ্ঘটনাগ্ৰস্ত হোৱাৰ ফলত ১৩গৰাকী লোকৰ মৃত্যু

● মেক্সিকোৰ ছেলিনা ক্রুজ কোৱাটজাকোৱালকোচ পথৰ ইষ্টমাচ অব তেহৱান টেপেকৰ আন্তঃমহাসাগৰীয় কৰিড'ৰত এখন যাত্ৰীবাহী ৰেলগাড়ী দুৰ্ঘটনাগ্ৰস্ত হোৱাৰ ফলত ১৩গৰাকী লোকৰ মৃত্যু হোৱাৰ লগতে ৯৮গৰাকী আহত হয়। ৰেল বিভাগৰ সূত্ৰই প্ৰকাশ কৰা মতে ৰেলগাড়ীখনত ২৫০গৰাকী যাত্ৰী আছিল। মেক্সিকোৰ নৌসেনা বিভাগে উদ্ধাৰ অভিযানৰ বাবে ৩৬০গৰাকী জোৱান, এম্বুলেন্স, ড্রোণকে ধৰি সকলো ব্যৱস্থা গ্ৰহণ কৰিছে। ৰাষ্ট্ৰপতি ক্লৌডিয়া শ্বেইনবমে সংশ্লিষ্ট বিষয়াসকলক আহত লোকসকলক প্রয়োজন সাপেক্ষে চিকিৎসা সাহায্য প্ৰদানৰ ব্যৱস্থা কৰিবলৈ নিৰ্দেশ দ...

December 29, 2025 4:25 PM

views 55

স্বনামধন্য কবি, শিশু সাহিত্যিক, ঔপন্যাসিক নৱকান্ত বৰুৱাৰ ওপজা দিন

স্বনামধন্য কবি, শিশু সাহিত্যিক, ঔপন্যাসিক নৱকান্ত বৰুৱাৰ ওপজা দিনটো আজি কবিতাৰ দিন হিচাপে পালন কৰা হৈছে। এখুদ ককাইদেউ হিচাপে পৰিচিত বিশিষ্ট কবি, সাহিত্যিক, শিক্ষাবিদ নৱকান্ত বৰুৱাৰ ৯৯ সংখ্যক জন্মবার্ষিকীত আজি ৰাজ্যবাসীয়ে তেওঁক শ্ৰদ্ধাৰে সুঁৱৰিছে। অসমীয়া আধুনিক কবিতাৰ নৱজাগৰণৰ বাহকৰূপে সন্মানিত বৰুৱাৰ কবিতাসমূহৰ ভাৱ আৰু ভাষাই সাম্প্রতিক সময়তো জনমানসক আলোড়িত কৰে। আধুনিক অসমীয়া কবিতাক অনন্য মাত্ৰা প্ৰদান কৰি যোৱা কবিগৰাকীৰ কবিতাসমূহত জীৱনৰ অনুপম সৌন্দৰ্য, মৃত্যু ৰহস্য আৰু প্ৰেমৰ অনন্য ৰূপ প্ৰত...

December 29, 2025 12:18 PM

views 60

ফিডে বিশ্ব ৰেপিড চেম্পিয়নশ্বিপত ভাৰতৰ অৰ্জুন এৰীগাইছি আৰু কনেৰু হাম্পিৰ ব্ৰঞ্জৰ পদক

দোহাত অনুষ্ঠিত ফিডে বিশ্ব ৰেপিড চেম্পিয়নশ্বিপৰ পুৰুষ আৰু মহিলাৰ শাখাত ভাৰতৰ অৰ্জুন এৰীগাইছি আৰু কনেৰু হাম্পিয়ে ব্ৰঞ্জৰ পদক লাভ কৰিছে। প্ৰতিযোগিতাত মেগনাছ কাৰ্লছেন আৰু আলেকজেন্দ্ৰা গ'ৰয়াছকিনাই খিতাপ জয় কৰে। কনেৰু হাম্পিয়ে ২০১৯ আৰু ২০২৪ চনৰ এই প্ৰতিযোগিতাত সোণৰ পদক অৰ্জন কৰিছিল।

December 29, 2025 12:00 PM

views 61

বতৰৰ বতৰা-

স্থানীয় বতৰৰ আগলি বতৰা অনুসৰি অহা ২৪ ঘণ্টাত গুৱাহাটী আৰু ইয়াৰ উপকণ্ঠ অঞ্চলত পুৱাৰ ভাগত ঘন কুঁৱলী পৰাৰ আৰু পাছলৈ বতৰ সামান্য ফৰকাল হোৱাৰ সম্ভাৱনা আছে। আজি গুৱাহাটীৰ তাপমাত্রা সর্বোচ্চ ২২ ডিগ্রী ছেলছিয়াছ আৰু সৰ্বনিম্ন ১৪ ডিগ্ৰী ছেলছিয়াছ হ'ব পাৰে বুলি বৰঝাৰৰ আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই আগজাননী দিছে। এই সময়ছোৱাত অৰুণাচল প্রদেশ, অসম, নাগালেণ্ড, মণিপুৰ, মিজোৰাম, মেঘালয় আৰু ত্ৰিপুৰাৰ বতৰ শুকান হৈ থকাৰ আৰু অসম, মেঘালয়, অৰুণাচল প্ৰদেশ, মিজোৰাম, মণিপুৰ, ত্ৰিপুৰাৰ ঠাই বিশেষে পাতলীয়াৰ পৰা মজলীয়া ক...

December 29, 2025 11:54 AM

views 53

বিশ্বনাথৰ বাঘমাৰীত জিলা প্রশাসনৰ দখলীকৃত ভি জি আৰ ভূমিত উচ্ছেদ

বিশ্বনাথ জিলাৰ বাঘমাৰীত কালি জিলা প্রশাসনে দখলীকৃত ভি জি আৰ ভূমিত উচ্ছেদ অভিযান চলায়। জিলা প্ৰশাসনে যোৱা আগষ্টত অঞ্চলটোৰ ভূমি দখল কৰি থকা ৭৩২ টা পৰিয়াললৈ জাননী জাৰি কৰিছিল, কিন্তু ইয়াৰে ৬৮ টা পৰিয়ালে উচ্চ ন্যায়ালয়ৰ কাষ চপাৰ বাবে উচ্ছেদ অভিযান স্থগিত ৰাখিবলগীয়া হৈছিল। প্রশাসনে কালি ন্যায়ালয়ৰ বিবেচনাধীন ৬৮ টা পৰিয়ালৰ বাসগৃহৰ বাহিৰে বাকী ৬৬৪ টা পৰিয়ালৰ বাসগৃহত শান্তিপূর্ণভাৱে উচ্ছেদ চলায়।

December 29, 2025 11:52 AM

views 53

গোগামুখত অসম নাট্য সন্মিলনৰ স্বৰ্ণপীঠ মণ্ডলৰ নাট সমাৰোহৰ দ্বিবাৰ্ষিক অধিবেশন, পূৰ্ণাংগ নাট প্ৰতিযোগিতা

ধেমাজী জিলাৰ গোগামুখত অসম নাট্য সন্মিলনৰ স্বৰ্ণপীঠ মণ্ডলৰ নাট সমাৰোহৰ দ্বিবাৰ্ষিক অধিবেশন আৰু পূৰ্ণাংগ নাট প্ৰতিযোগিতা অনুষ্ঠিত হৈছে। কালি দ্বিতীয় দিনাৰ কাৰ্যসূচীৰ মুকলি সভাত ৰাজ্য চৰকাৰৰ শিক্ষা, ভৈয়াম জনজাতি আৰু পিছপৰা শ্ৰেণী কল্যান বিভাগৰ মন্ত্ৰী ডাঃ ৰণোজ পেগু উপস্থিত থাকি নাট্যপ্রেমী ৰাইজৰ সৈতে ৰাইজৰ সৈতে মত বিনিময় কৰে।

December 29, 2025 11:49 AM

views 53

ড০ নগেন শ‍ইকীয়ালৈ প্ৰাগ নিউজ আৰু দৈনিক জনমভূমি কাকতৰ বৰেণ্য অসমীয়া বঁটা

■ বিশিষ্ট সাহিত্যিক, মিতভাষৰ স্ৰষ্টা, অসম সাহিত্য সভাৰ প্ৰাক্তন সভাপতি ড০ নগেন শ‍ইকীয়াক অসমৰ সংবাদ গোষ্ঠী প্ৰাগ নিউজ আৰু দৈনিক জনমভূমি কাকতে বৰেণ্য অসমীয়া বঁটা প্ৰদান কৰিব। সাহিত্যিকগৰাকীৰ ডিব্ৰুগড় জিলাৰ ফুকন নগৰত অৱস্থিত বাসগৃহ আশ্ৰয়ত কাইলৈ এই বঁটা প্ৰদান কৰা হ'ব। বঁটা প্ৰদান অনুষ্ঠানত ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ উপাচাৰ্য্য ড০ জিতেন হাজৰিকা, প্ৰাক্তন উপাচাৰ্য্য ড০ কন্দৰ্প কুমাৰ ডেকা, অসম চিকিৎসা মহাবিদ্যালয়ৰ অধ্যক্ষ ডাঃ সঞ্জীৱ কাকতি, প্ৰাগ নিউজৰ মুখ্য পৰিচালন সঞ্চালক সঞ্জীৱ নাৰায়ণ আৰু দৈনিক...