January 3, 2026 6:30 PM

views 33

বাংলাদেশ নেচনেলিষ্ট পাৰ্টি, বি এন পিৰ ভাৰপ্ৰাপ্ত অধ্যক্ষ তাৰিক ৰহমানে দলৰ অধ্যক্ষৰ দায়িত্ব গ্রহণ কৰিব

বাংলাদেশ নেচনেলিষ্ট পাৰ্টি, বি এন পিৰ ভাৰপ্ৰাপ্ত অধ্যক্ষ তাৰিক ৰহমানে দলৰ অধ্যক্ষৰ দায়িত্ব গ্রহণ কৰিব। বি এন পিৰ সূত্ৰই প্ৰকাশ কৰা অনুসৰি দলৰ সংবিধান অনুযায়ী অধ্যক্ষ বেগম খালেদা জিয়াৰ মৃত্যুৰ পাছত তাৰিক ৰহমান স্বতঃস্ফূর্তভাৱে অধ্যক্ষ পদত অধিষ্ঠিত হ'ব। এই সন্দৰ্ভত দলৰ ফালৰ পৰা কোনো ধৰণৰ আনুষ্ঠানিক ঘোষণা কৰা নহয় বুলিও সূত্ৰটোৱে জানিবলৈ দিছে। অহা ১২ ফেব্ৰুৱাৰীত বাংলাদেশৰ ত্ৰয়োদশ জাতীয় সংসদৰ নিৰ্বাচন অনুষ্ঠিত হ'ব। ইয়াৰপূৰ্বে এটা প্ৰস্তাৱ যোগে প্ৰচাৰৰ খাতিৰতে তাৰিক ৰহমানক দলৰ অধ্যক্ষ হিচাপে দা...

January 3, 2026 6:28 PM

views 37

কডিয়াক্কৰাইৰ পৰা তামিলনাডুৰ মায়ালাদুথুৰাইৰ ৯ জন মাছমৰীয়াক গ্ৰেপ্তাৰ শ্ৰীলংকাৰ নৌ সেনাবাহিনীৰ

শ্ৰীলংকাৰ নৌ সেনাবাহিনীয়ে আজি কডিয়াক্কৰাইৰ পৰা তামিলনাডুৰ মায়ালাদুথুৰাইৰ ৯ জন মাছমৰীয়াৰ গ্ৰেপ্তাৰ কৰে। মাছমৰীয়া কেইজনে কালি নাৱেৰে সাগৰত মাছ ধৰিবলৈ গৈছিল আৰু সাগৰৰ সমীপৰ কড়িয়াক্কৰাইত নিশাটো কটাইছিল। শ্রীলংকা নৌ সেনাবাহিনীয়ে আন্তঃৰাষ্ট্ৰীয় জলসীমা অতিক্ৰম কৰি দেশখনত প্ৰৱেশ কৰা বাবে আজি মাছমৰীয়া কেইজনক তাৰ পৰা গ্ৰেপ্তাৰ কৰে আৰু দুখন নাও জব্দ কৰে।

January 3, 2026 6:23 PM

views 60

১৭ জানুৱাৰীত গুৱাহাটীত প্ৰায় ১০হাজাৰ শিল্পীয়ে প্ৰধানমন্ত্ৰী মোদীৰ উপস্থিতিত বাগৰুম্বা প্ৰদৰ্শন কৰিব

বিহু আৰু ঝুমুৰৰ পাছত অহা ১৭ জানুৱাৰীত গুৱাহাটীত প্ৰায় ১০হাজাৰ শিল্পীয়ে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ উপস্থিতিত বাগৰুম্বা প্ৰদৰ্শন কৰিব। অসমৰ অন্যতম প্রধান জনগোষ্ঠী বড়োসকলৰ লোকনৃত্য বাগৰুম্বাক বিশ্বৰ প্ৰেক্ষাপটলৈ নিয়াৰ লক্ষ্যৰে অসম চৰকাৰে গুৱাহাটী সৰুসজাই ষ্টেডিয়ামত এই অভিলাষী আয়োজন কৰিছে। অসমৰ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই আজি লোকসেৱা ভৱনত জিলা আয়ুক্তসকলৰ সৈতে ভিডিঅ' কনফাৰেন্সত অংশগ্ৰহণ কৰি বাগৰুম্বাৰ অনুশীলনৰ বুজ লয়। নির্বাচন আয়োগে পশ্চিমবংগৰ চূড়ান্ত ভোটাৰ তালিকাত তিনিটা আদিম জনজ...

January 3, 2026 6:21 PM

views 36

ভেল’ৰ’ৰ স্বৰ্ণ মন্দিৰৰ মুখ্য পুৰোহিত শক্তি আম্মাৰ ৫০ বছৰীয়া জন্মদিন উপলক্ষে উপ ৰাষ্ট্ৰপতি চি পি ৰাধাকৃষ্ণণৰ মন্দিৰ দৰ্শন

ভেল'ৰ'ৰ স্বৰ্ণ মন্দিৰৰ মুখ্য পুৰোহিত শক্তি আম্মাৰ ৫০ বছৰীয়া জন্মদিন উপলক্ষে উপ ৰাষ্ট্ৰপতি চি পি ৰাধাকৃষ্ণণে আজি মন্দিৰটো দৰ্শন কৰে। তাত সমবেত লোকসকলক উদ্দেশ্যি উপ ৰাষ্ট্ৰপতিগৰাকীয়ে কয়, যে এই বিশেষ স্বৰ্ণ মন্দিৰ হৈছে দেশৰ দুটা স্বৰ্ণ মন্দিৰৰ অন্যতম। এই মন্দিৰৰ চৌহদ কেৱল উপাসনাস্থলীয়ে নহয়, বৰং মানৱ সেৱাৰ স্থান বুলিও শ্ৰীৰাধাকৃষ্ণণে উল্লেখ কৰে। সমাজৰ উপকাৰৰ অৰ্থে মন্দিৰ প্ৰশাসনে গ্ৰহণ কৰা কল্যাণমূলক আঁচনিসমূহক তেওঁ প্ৰশংসা কৰে। এই অনুষ্ঠানত কেন্দ্ৰীয় তথ্য আৰু সম্প্ৰচাৰ ৰাজ্যিক মন্ত্ৰী ড০ এল ম...

January 3, 2026 6:15 PM

views 39

ছত্তিশগড়ৰ বাস্তাৰ সংমণ্ডলত আজি সুৰক্ষা বাহিনীৰ সৈতে হোৱা দুটা সুকীয়া সংঘৰ্ষত ১৪ জন মাওবাদী নিহত

ছত্তিশগড়ৰ বাস্তাৰ সংমণ্ডলত আজি সুৰক্ষা বাহিনীৰ সৈতে হোৱা দুটা সুকীয়া সংঘৰ্ষত ১৪ জন মাওবাদী নিহত হয়। সুকমা জিলাৰ কণ্টা এলেকাত হোৱা এটা সংঘৰ্ষত ১২ জন মাওবাদী নিহত হয়। একেদৰে বিজাপুৰ জিলাৰ বাছাগুড়া এলেকাত হোৱা আন এটা সংঘৰ্ষত দুজন মাওবাদী নিহত হয়। সুৰক্ষা বাহিনীয়ে সংঘৰ্ষস্থলীৰ পৰা নিহত মাওবাদী কেইজনৰ মৃতদেহ উদ্ধাৰ কৰিছে। সুৰক্ষা বাহিনীয়ে এটা এ কে 47 ৰাইফল, এটা এছেলাৰ ৰাইফলসহ বুজন পৰিমাণৰ অস্ত্ৰ-শস্ত্ৰও উদ্ধাৰ কৰিছে।

January 3, 2026 6:13 PM

views 46

বুলেট ট্ৰেইন প্রকল্পই পর্যাপ্ত কর্মসংস্থানৰ সৃষ্টি কৰিব আৰু অতিৰিক্ত কেতবোৰ সুবিধা প্ৰদান কৰিবঃ ৰে’লমন্ত্ৰী

ৰে'লমন্ত্ৰী অশ্বিনী বৈষ্ণৱে কৈছে, যে বুলেট ট্ৰেইন প্রকল্পই পর্যাপ্ত কর্মসংস্থানৰ সৃষ্টি কৰিব আৰু অতিৰিক্ত কেতবোৰ সুবিধা প্ৰদান কৰিব। তেওঁ কয়,যে সম্পূৰ্ণ হোৱাৰ পাছত এই প্ৰকল্পই মুম্বাই আৰু আহমেদাবাদৰ মাজত যাত্ৰাৰ সময় এঘণ্টা ৫৮ মিনিটলৈ হ্ৰাস কৰাৰ লগতে প্রধান প্রধান বাণিজ্যিক কেন্দ্ৰসমূহৰ মাজত অর্থনৈতিক যোগাযোগ শক্তিশালী কৰিব। মহাৰাষ্ট্ৰৰ পালঘৰ জিলাৰ ভাইৰা আৰু বৈছাৰ বুলেট ট্ৰেইন ষ্টেচনৰ মাজত অৱস্থিত প্রায় ডেৰ কিলোমিটাৰ দীঘল পার্বত্য সুৰংগৰ নিৰ্মাণ সম্পূৰ্ণ হোৱাৰ পৰিপ্ৰেক্ষিতত কালি ৰে'লমন্ত্ৰীগৰা...

January 3, 2026 6:12 PM

views 56

দিল্লীৰ ৰায় পিথোৰা সাংস্কৃতিক চৌহদত পবিত্র পিপৰহৱা অৱশেষৰ প্ৰদৰ্শনী উদ্বোধন প্রধানমন্ত্ৰী মোদীৰ

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি নতুন দিল্লীৰ ৰায় পিথোৰা সাংস্কৃতিক চৌহদত পবিত্র পিপৰহৱা অৱশেষৰ প্ৰদৰ্শনী উদ্বোধন কৰে। পিপৰহৱা অৱশেষ শাক্য বংশৰ প্ৰতিষ্ঠাতা গৌতম বুদ্ধৰ সৈতে জড়িত বুলি বিশ্বাস প্রচলিত হৈ আহিছে। প্ৰধানমন্ত্ৰীয়ে লগতে প্ৰদৰ্শনীৰ বিভিন্ন শাখা পৰিদৰ্শন কৰে। প্ৰধানমন্ত্ৰীয়ে প্ৰদৰ্শনীৰ এখন কেটল'গ উন্মোচন কৰে। এই উপলক্ষে শ্রীমোদীয়ে কয়, যে দীর্ঘ প্রতীক্ষাৰ অন্তত দেশৰ ঐতিহ্য ঘূৰি আহিছে আৰু ইয়াৰ পৱিত্ৰ গৰিমাত্ত ঘূৰি আহিছে। তেওঁ কয়, যে আজিৰে পৰা দেশৰ জনসাধাৰণে গৌতম বুদ্ধৰ এই পৱিত্ৰ ...

December 29, 2025 6:07 PM

views 44

জি ৰামজি আইনে ৰাজ্যসমূহক ১৭ হাজাৰ কোটি টকা আবণ্টন দিছে

বিকশিত ভাৰত গ্ৰামীণ জীৱিকা আৰু নিয়োগ নিশ্চিত যোজনা অর্থাৎ জি ৰামজি আইনে ৰাজ্যসমূহক ১৭ হাজাৰ কোটি টকা আবণ্টন দিছে। এই আইন ২০ বছৰ পুৰণি মহাত্মা গান্ধী ৰাষ্ট্ৰীয় গ্রামীণ নিয়োগ নিশ্চয়তা আইন- এমজিএনৰেগা, ২০০৫-ৰ সলনি কাৰ্যকৰী কৰা হৈছে। ভাৰতীয় ষ্টেট বেংক- এছ বি আইৰ এটা গৱেষণা প্ৰতিবেদন অনুসৰি এই আইন কার্যকৰী হোৱাৰ ফলত ৰাজ্যসমূহত পুঁজিৰ বিতৰণ অধিক উন্নত হ'ব। এই প্রতিবেদনত প্ৰকাশ পোৱা মতে এমজিএনৰেগাৰ সংশোধন আৰু নৱীকৰণৰ জৰিয়তে বিকশিত ভাৰত জি ৰামজিয়ে উন্নয়নৰ যাত্ৰাৰ ৰূপান্তৰমূলক ব্যৱস্থা আৰু কৌশলসম...

December 29, 2025 4:57 PM

views 56

বটদ্ৰৱা সাংস্কৃতিক প্রকল্প উদ্বোধন গৃহমন্ত্রী অমিত শ্বাহ

দিনজোৰা ভ্ৰমণসূচীৰে আজি অসমলৈ অহা কেন্দ্রীয় গৃহমন্ত্রী অমিত শ্বাহ আজি কিছুসময়ৰ পূৰ্বে বটদ্ৰৱা সাংস্কৃতিক প্রকল্প উদ্বোধন কৰে। বটদ্ৰৱা প্রকল্পস্থলীত উপস্থিত হোৱাৰ পাছতে গৃহমন্ত্ৰীগৰাকীয়ে আয়তীসকলক দিহা নাম পৰিৱেশনেৰে আদৰণি জনায়। গৃহমন্ত্ৰীগৰাকীক মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শর্মাই পৱিত্ৰ গুৰু আসনৰ প্ৰতিকৃতি, মুখা শিল্পৰ চানেকি আৰু পাটৰ গামোচাৰে আদৰণি জনায়। শ্ৰী শ্বাহে বটদ্ৰৱাত কেইবাটাও প্রকল্প উদ্বোধন কৰাৰ লগতে ভালেমান কার্যসূচীত অংশ লৈছে। কেন্দ্রীয় গৃহমন্ত্ৰীগৰাকীয়ে বটদ্ৰৱাত ৰাজ্য চৰকাৰে ...

December 29, 2025 4:53 PM

views 47

পুডুচেৰীক এখন গৌৰৱময় মহানগৰ বুলি অভিহিত উপ-ৰাষ্ট্ৰপতি চি পি ৰাধাকৃষ্ণণৰ

উপ-ৰাষ্ট্ৰপতি চি পি ৰাধাকৃষ্ণণে পুডুচেৰীক এখন গৌৰৱময় মহানগৰ বুলি অভিহিত কৰি কয় যে এই চহৰখনে কেইবা শতিকা আগৰ পৰাই বিশ্ববাসীৰ আগত কেৱল প্ৰাচীন সভ্যতাৰ পৰিচয় দিয়াই নহয়, প্ৰেম আৰু সামগ্রিকতাৰ মূল্যবোধকো প্রতিফলিত কৰি আহিছে। উপ-ৰাষ্ট্ৰপতি হিচাপে কাৰ্যভাৰ গ্ৰহণ কৰাৰ পাছত আজি প্ৰথমবাৰৰ বাবে কেন্দ্রীয় শাসিত অঞ্চলটো ভ্ৰমণলৈ যোৱা ৰাধাকৃষ্ণণে পুডুচেৰীত উপস্থিত হৈ এইদৰে মত প্ৰকাশ কৰে। পুডুচেৰীয়ে ইয়াৰ সাংস্কৃতিক শ্রেষ্ঠত্বক দীর্ঘকাল ধৰি সযত্নে সংৰক্ষণ কৰিছে বুলি উল্লেখ কৰি তেওঁ লগতে, চহৰখনে সুব্রমণিয...