বাংলাদেশ নেচনেলিষ্ট পাৰ্টি, বি এন পিৰ ভাৰপ্ৰাপ্ত অধ্যক্ষ তাৰিক ৰহমানে দলৰ অধ্যক্ষৰ দায়িত্ব গ্রহণ কৰিব। বি এন পিৰ সূত্ৰই প্ৰকাশ কৰা অনুসৰি দলৰ সংবিধান অনুযায়ী অধ্যক্ষ বেগম খালেদা জিয়াৰ মৃত্যুৰ পাছত তাৰিক ৰহমান স্বতঃস্ফূর্তভাৱে অধ্যক্ষ পদত অধিষ্ঠিত হ’ব। এই সন্দৰ্ভত দলৰ ফালৰ পৰা কোনো ধৰণৰ আনুষ্ঠানিক ঘোষণা কৰা নহয় বুলিও সূত্ৰটোৱে জানিবলৈ দিছে। অহা ১২ ফেব্ৰুৱাৰীত বাংলাদেশৰ ত্ৰয়োদশ জাতীয় সংসদৰ নিৰ্বাচন অনুষ্ঠিত হ’ব। ইয়াৰপূৰ্বে এটা প্ৰস্তাৱ যোগে প্ৰচাৰৰ খাতিৰতে তাৰিক ৰহমানক দলৰ অধ্যক্ষ হিচাপে দায়িত্ব দিয়া হ’ব। নির্বাচনী বিধি অনুসৰি প্ৰাৰ্থীসকলে বেনাৰ, পোষ্টাৰ, লিফলেট আদিত কেৱল দলৰ বৰ্তমানৰ মুৰববীৰ ফটোহে ব্যৱহাৰ কৰিব পাৰিব। বি এন পিৰ জ্যেষ্ঠ নেতা চালাহ উদ্দিন আহমেদে কয়, যে এই বিষয়ত দলে নির্বাচন আয়োগৰ মতামত বিচাৰিব। প্ৰাক্তন প্রধানমন্ত্ৰী তথা বি এন পিৰ অধ্যক্ষ বেগম খালেগা জিয়াৰ ৩০ ডিচেম্বৰত দীৰ্ঘদিনীয়া অসুস্থতাৰ পাছত মৃত্যু হৈছিল।
Assamese | January 3, 2026 6:30 PM | Akashvani | Akashvani News | BNP's Tarique Rahman
বাংলাদেশ নেচনেলিষ্ট পাৰ্টি, বি এন পিৰ ভাৰপ্ৰাপ্ত অধ্যক্ষ তাৰিক ৰহমানে দলৰ অধ্যক্ষৰ দায়িত্ব গ্রহণ কৰিব