ৰে’লমন্ত্ৰী অশ্বিনী বৈষ্ণৱে কৈছে, যে বুলেট ট্ৰেইন প্রকল্পই পর্যাপ্ত কর্মসংস্থানৰ সৃষ্টি কৰিব আৰু অতিৰিক্ত কেতবোৰ সুবিধা প্ৰদান কৰিব। তেওঁ কয়,যে সম্পূৰ্ণ হোৱাৰ পাছত এই প্ৰকল্পই মুম্বাই আৰু আহমেদাবাদৰ মাজত যাত্ৰাৰ সময় এঘণ্টা ৫৮ মিনিটলৈ হ্ৰাস কৰাৰ লগতে প্রধান প্রধান বাণিজ্যিক কেন্দ্ৰসমূহৰ মাজত অর্থনৈতিক যোগাযোগ শক্তিশালী কৰিব। মহাৰাষ্ট্ৰৰ পালঘৰ জিলাৰ ভাইৰা আৰু বৈছাৰ বুলেট ট্ৰেইন ষ্টেচনৰ মাজত অৱস্থিত প্রায় ডেৰ কিলোমিটাৰ দীঘল পার্বত্য সুৰংগৰ নিৰ্মাণ সম্পূৰ্ণ হোৱাৰ পৰিপ্ৰেক্ষিতত কালি ৰে’লমন্ত্ৰীগৰাকীয়ে এইদৰে কয়। কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে কয়, যে এই প্রকল্প সম্পূর্ণ হ’লে পথ পৰিবহনৰ তুলনাত প্রায় ৯৫ শতাংশ কার্বন নির্গমন হ্ৰাস পাব। মহাৰাষ্ট্ৰত ৭টা পাৰ্বত্য সুৰংগ নিৰ্মাণৰ কাম চলি আছে। এই সুৰংগ সমূহৰ মুঠ দৈৰ্ঘ্য হৈছে ৬ কিলোমিটাৰ৷
Assamese | January 3, 2026 6:13 PM | Akashvani | Akashvani News | Ashwini Vaishnaw | Central Railway
বুলেট ট্ৰেইন প্রকল্পই পর্যাপ্ত কর্মসংস্থানৰ সৃষ্টি কৰিব আৰু অতিৰিক্ত কেতবোৰ সুবিধা প্ৰদান কৰিবঃ ৰে’লমন্ত্ৰী