December 29, 2025 11:41 AM

views 58

ক্ৰীড়া, বিজ্ঞান পৰীক্ষা আদি বিভিন্ন ক্ষেত্ৰত বিশ্বৰ বুকুত শক্তিশালী চাপ ৰাখিবলৈ ভাৰত সমৰ্থ হৈছে

ভাৰতে চলিত বৰ্ষত ৰাষ্ট্ৰীয় সুৰক্ষাৰ পৰা আৰম্ভ কৰি ক্ৰীড়া, বিজ্ঞান পৰীক্ষা আদি বিভিন্ন ক্ষেত্ৰত বিশ্বৰ বুকুত শক্তিশালী চাপ ৰাখিবলৈ সমৰ্থ হৈছে। আকাশবাণীযোগে প্ৰচাৰিত ১২৯ সংখ্যক মন কী বাত অনুষ্ঠানত প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কালি এই মন্তব্য কৰে। প্ৰধানমন্ত্ৰীগৰাকীয়ে ২০২৫ বৰ্ষটোত আলোকপাত কৰি কয়, যে এই বছৰটোৱে প্ৰতিজন ভাৰতীয়কে গৌৰৱ কৰিব পৰাকৈ ভালেমান স্মৃতি দি গৈছে। অপাৰেচন সিন্দূৰ প্ৰতিগৰাকী ভাৰতীয়ৰ বাবে গৌৰৱৰ ক্ষণ বুলি প্ৰধানমন্ত্ৰীয়ে মত পোষণ কৰে। তেওঁ বন্দে মাতৰমৰ ১৫০ বছৰ উদযাপনত দেশবাস...

December 29, 2025 11:37 AM

views 73

অসম গ্রন্থ মেলাত আজি অসমীয়া উপন্যাসত সমাজ বাস্তৱতা : সাম্প্রতিক কথন শীর্ষক আলোচনা অনুষ্ঠিত হ’ব

● অসম প্ৰকাশন পৰিষদৰ উদ্যোগত আৰু সদৌ অসম পুথি প্ৰকাশক আৰু বিক্রেতা সংস্থাৰ সহযোগত গুৱাহাটীৰ খানাপাৰা পশু চিকিৎসা মহাবিদ্যালয়ৰ খেলপথাৰত অনুষ্ঠিত গ্রন্থ মেলাৰ আজি ষষ্ঠদিন। গ্রন্থমেলাত আজি অসমীয়া উপন্যাসত সমাজ বাস্তৱতা : সাম্প্রতিক কথন শীর্ষক এখন আলোচনা সত্র অনুষ্ঠিত হ'ব। আলোচনা সত্ৰখন উদ্বোধন কৰিব বিশিষ্ট সাহিত্যিক ফণীন্দ্ৰ কুমাৰ দেৱচৌধুৰী আৰু সঞ্চালনা কৰিব অনুৰাধা শৰ্মা পূজাৰীয়ে। আলোচনা সত্ৰখনত বিশিষ্ট সাহিত্যিক জয়ন্ত মাধৱ বৰা, গুৱাহাটী বিশ্ববিদ্যালয়ৰ অসমীয়া বিভাগৰ অধ্যাপক ড০ বিমল মজুমদাৰ আ...

December 29, 2025 11:32 AM

views 50

কাৰ্বি আংলং আৰু পশ্চিম কাৰ্বি আংলং জিলাত ম’বাইল ইণ্টাৰনেট সেৱা পুনৰ বাহাল

কাৰ্বি আংলং আৰু পশ্চিম কাৰ্বি আংলং জিলাত আইন-শৃংখলা পৰিস্থিতি কিছু উন্নত হোৱাৰ প্ৰতি লক্ষ্য ৰাখি জিলা দুখনত কালিৰেপৰা ম'বাইল ইণ্টাৰনেট সেৱা পুনৰ বাহাল কৰা হৈছে। চৰকাৰী সূত্ৰই প্ৰকাশ কৰা অনুসৰি পাৰ্বত্য জিলা দুখনত নিৰাপত্তা ব্যৱস্থা কটকটীয়া কৰি তোলাৰ লগতে ক্ষতিগ্রস্ত অঞ্চলসমূহত অতিৰিক্ত সুৰক্ষা বাহিনী নিয়োগ কৰা হৈছে। উল্লেখযোগ্য যে বিগত সপ্তাহত পশ্চিম কাৰ্বি আংলং জিলাৰ বিভিন্ন অংশত হোৱা হিংসাত্মক ঘটনাত দুজন লোকৰ মৃত্যু হোৱাৰ লগতে ১৭০ জনতকৈ অধিক লোক আহত হয়। আহতসকলৰ অধিকাংশই সুৰক্ষা বাহিনীৰ লোক ...

December 29, 2025 12:12 PM

views 51

ইংলেণ্ডৰ প্ৰাক্তন ক্ৰিকেটাৰ হিউ মৰিছৰ ৬২ বছৰ বয়সত দেহাৱসান

ইংলেণ্ডৰ প্ৰাক্তন ক্ৰিকেটাৰ হিউ মৰিছৰ কালি ৬২ বছৰ বয়সত দেহাৱসান ঘটে। ২০২২ চনৰ পৰা তেওঁ কৰ্কট ৰোগত আক্ৰান্ত হৈ আছিল। ইংলেণ্ডৰ প্ৰসিদ্ধ ক্ৰিকেটাৰগৰাকীয়ে ১৯৯১ চনত তিনিখনকৈ টেষ্ট ক্রিকেটত জয়লাভ কৰিছিল আৰু দক্ষিণ আফ্রিকা, ৱেষ্ট ইণ্ডিজ আৰু শ্ৰীলংকা ভ্ৰমণত ইংলেণ্ড এ-দলক নেতৃত্ব দিছিল। তেওঁ লগতে ইংলেণ্ড আৰু ৱেলছ ক্ৰিকেট পৰিষদৰ মুখ্য কাৰ্যবাহী হিচাপে সেৱা আগবঢ়াইছিল। ভাৰতৰ প্ৰাক্তন ক্ৰিকেটাৰ ৰবী শাস্ত্ৰীয়ে মৰিছৰ মৃত্যুত শোকপ্রকাশ কৰি পৰিয়াললৈ সমবেদনা জ্ঞাপন কৰিছে।

December 29, 2025 12:08 PM

views 52

ৰাজ্যসমূহক ভাৰতক গোলকীয় সেৱা কেন্দ্ৰ হিচাপে গঢ়ি তোলাৰ বাবে প্ৰধানমন্ত্ৰী মোদীৰ আহ্বান

■ প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ৰাজ্যসমূহক নিৰ্মাণ আৰু সুগম ব্যৱসায়িক বৃদ্ধি তথা ভাৰতক গোলকীয় সেৱা কেন্দ্ৰ হিচাপে গঢ়ি তোলাৰ বাবে আহ্বান জনাইছে। নতুন দিল্লীত অনুষ্ঠিত মুখ্যসচিবসকলৰ পঞ্চম ৰাষ্ট্ৰীয় সন্মিলনত অধ্যক্ষতা কৰি প্ৰধানমন্ত্ৰীগৰাকীয়ে এইদৰে কয়। শ্রীমোদীয়ে উল্লেখ কৰে যে ভাৰতে অতি শীঘ্ৰে ৰাষ্ট্ৰীয় নিৰ্মাণ অভিযান আৰম্ভ কৰিব আৰু প্ৰতিখন ৰাজ্যই ইয়াক অগ্ৰাধিকাৰ দিয়াৰ উপৰি বিশ্বৰ বিভিন্ন কোম্পানীসমূহক আকর্ষণ কৰাৰ বাবে আন্তঃগাঁথনি গঢ়ি তুলিব লাগিব। তিনিদিনীয়াকৈ অনুষ্ঠিত এই সন্মিলনত বিকশ...

December 29, 2025 12:03 PM

views 48

ডিব্ৰুগড়ৰ ইণ্ডিয়া ক্লাবত সদৌ অসম ন্যায়িক কৰ্মচাৰী সন্থাৰ ৩২সংখ্যক বাৰ্ষিক সাধাৰণ সভা

● ৱান নেশ্যন, ৱান পে'ৰ লিখিত আবেদনৰ ভিত্তিত বেতন প্রদান কৰিলে ভাৰতৰ আন আন ৰাজ্যৰ লগতে অসমৰো সকলো ন্যায়িক কৰ্মচাৰীয়ে একেটা নিৰিখতে বেতন লাভ কৰিব আৰু অৰ্থনৈতিকভাৱে লাভান্বিত হ'ব। ডিব্ৰুগড় জিলাৰ ন্যায়িক কৰ্মচাৰী সন্থাৰ উদ্যোগত অনুষ্ঠিত সদৌ অসম ন্যায়িক কৰ্মচাৰী সন্থাৰ ৩২সংখ্যক বাৰ্ষিক সাধাৰণ সভাত অখিল ভাৰত ন্যায়িক কৰ্মচাৰী সংঘৰ সম্পাদক আৰু উত্তৰ পূব ন্যায়িক কৰ্মচাৰী মহাসংঘৰ সভাপতি তথা সদৌ অসম ন্যায়িক কৰ্মচাৰী সন্থাৰ প্ৰাক্তন সাধাৰণ সম্পাদক অনন্ত প্রসাদে এইদৰে উল্লেখ কৰে। ডিব্ৰুগড়ৰ ইণ্ডিয়া ...

December 29, 2025 11:27 AM

views 66

গুৱাহাটী আৰু বটদ্ৰৱাত কেইবাটাও প্রকল্প উদ্বোধন গৃহমন্ত্রী অমিত শ্বাহৰ

● কেন্দ্রীয় গৃহমন্ত্রী অমিত শ্বাহে আজি গুৱাহাটী আৰু বটদ্ৰৱাত কেইবাটাও প্রকল্প উদ্বোধন কৰাৰ লগতে ভালেমান কার্যসূচীত অংশ ল'ব। কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকী কালি গুৱাহাটীলৈ অহাৰ কথা আছিল যদিও ঘন কুঁৱলীৰ বাবে তেওঁৰ বিমান যাত্রা বাতিল হোৱাত অসম ভ্রমণ এদিন পিছুৱাই দিবলগীয়া হয়। আজি পুৱা গুৱাহাটীত উপস্থিত হৈ শ্ৰীশ্বাহে শ্বহীদ স্মাৰক ক্ষেত্ৰ পৰিদৰ্শন কৰি অসম আন্দোলনৰ বীৰ শ্বহীদসকলৰ প্ৰতি শ্রদ্ধা জনাব। কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকীয়ে ইয়াৰ পাছত নগাঁও জিলাৰ বটদ্ৰৱাত ৰাজ্য চৰকাৰে নতুনকৈ নিৰ্মাণ কৰি উলিওৱা ঐতি...

December 27, 2025 9:00 PM

views 45

সদৌ অসম মইনা পাৰিজাতৰ অষ্টাদশ দ্বিবার্ষিক শিশু সমাৰোহ আৰু মহাজত জয়ন্তীৰ সামৰণি অনুষ্ঠানৰ আজি দ্বিতীয় দিন

সদৌ অসম মইনা পাৰিজাতৰ অষ্টাদশ দ্বিবার্ষিক শিশু সমাৰোহ আৰু মহাজত জয়ন্তীৰ সামৰণি অনুষ্ঠানৰ আজি দ্বিতীয় দিন। গোলাঘাট জিলাৰ মৰঙিৰ পোৰাবাংলাৰ জুবিন গাৰ্গ সমন্বয় ক্ষেত্ৰত অনুষ্ঠিত এই সমাৰোহত ২২ খন জিলাৰ প্ৰায় ৫ হাজাৰ শিশুৱে অংশগ্ৰহণ কৰিছে। আজি পুৱা ৭৫ খন পতাকা উত্তোলন, কুচকাৱাজ আদি কাৰ্যসূচী অনুষ্ঠিত হয়। অনুষ্ঠানত মন্ত্ৰী অতুল বৰা আৰু কেশৱ মহন্তই অংশগ্ৰহণ কৰে। আজি দ্বিতীয় দিনৰ কাৰ্যসূচী অনুসৰি বিভিন্ন প্রদর্শনী, সাহিত্য প্রতিযোগিতা, তর্ক প্রতিযোগিতা আদি অনুষ্ঠিত হয়।

December 27, 2025 8:56 PM

views 112

অসম সাহিত্য সভাৰ ১০৯ সংখ্যক প্ৰতিষ্ঠা দিৱস উপলক্ষে ৰাজ্যৰ বিভিন্ন জিলাত জিলা আৰু শাখা সাহিত্য সভাসমূহৰ উদ্যোগত কাৰ্যসূচী

আজি অসম সাহিত্য সভাৰ ১০৯ সংখ্যক প্ৰতিষ্ঠা দিৱস উপলক্ষে ৰাজ্যৰ বিভিন্ন জিলাত থকা জিলা আৰু শাখা সাহিত্য সভাসমূহৰ উদ্যোগত কাৰ্যসূচী লোৱা হয়। ১৯১৭ চনৰ ২৬ ডিচেম্বৰত শিৱসাগৰত সভাৰ প্ৰথমখন অধিৱেশন অনুষ্ঠিত হৈছিল। এই উপলক্ষে আজি শিৱসাগৰত বিশেষ কাৰ্যসূচী ৰূপায়ণ কৰা হয়। ডিব্ৰুগড় জিলাতো আজি অসম সাহিত্য সভাৰ উদ্যোগত সভাৰ ১০৯ সংখ্যক প্ৰতিষ্ঠা দিৱস পালন কৰা হয়। এই অনুষ্ঠানত নিজ নিজ কর্মক্ষেত্ৰত সাফল্য অৰ্জন কৰা ডিব্ৰুগড় সাহিত্য সভাৰ ৪ গৰাকী কাৰ্যনিৰ্বাহক বিষয়ববীয়াক সম্বর্ধনা জ্ঞাপন কৰা হয়। অনুষ্ঠানতে...

December 27, 2025 8:50 PM

views 54

শংকৰদেৱ কলাক্ষেত্ৰৰ শ্ৰীমন্ত শংকৰদেৱ আন্তর্জাতিক প্ৰেক্ষাগৃহত অনুষ্ঠিত ৰাজ্যিক বিজেপিৰ কাৰ্যনিৰ্বাহক সভাৰ আজি সামৰণি

গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰৰ শ্ৰীমন্ত শংকৰদেৱ আন্তর্জাতিক প্ৰেক্ষাগৃহত অনুষ্ঠিত ৰাজ্যিক বিজেপিৰ কাৰ্যনিৰ্বাহক সভাৰ আজি সামৰণি পৰে। মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই আজি দলীয় কর্মীসকলক উদ্দেশ্যি দিয়া ভাষণত কংগ্ৰেছ দলৰ দুৰ্বলতা আৰু তোষামোদৰ ৰাজনীতিক তীব্র সমালোচনা কৰে। বিজেপি নেতৃত্বাধীন চৰকাৰে এতিয়ালৈকে ৰাজ্যত এক লাখ ৪৫ হাজাৰতকৈও অধিক বিঘা ভূমি দখলমুক্ত কৰিছে বুলি তেওঁ উল্লেখ কৰে। ৰাজ্যৰ উন্নয়নৰ প্ৰসংগত মুখ্যমন্ত্ৰীগৰাকীয়ে কয়, যে কাজিৰঙাৰ ওপৰেৰে ৩২ কিলোমিটাৰ দৈৰ্ঘ্যৰ উৰণ সেতু নি...