July 2, 2024 7:50 PM

views 45

বানৰ বাবে যাতায়াত ব্যাহত হৈ থকা থকা গুৱাহাটী-শ্বিলং-শিলচৰ সংযোগী ৰাষ্ট্ৰীয় ঘাইপথেৰে পুনৰ যাতায়াত আৰম্ভ

বানৰ বাবে যাতায়াত ব্যাহত হৈ থকা থকা গুৱাহাটী-শ্বিলং-শিলচৰ সংযোগী ৰাষ্ট্ৰীয় ঘাইপথেৰে পুনৰ যাতায়াত আৰম্ভ হৈছে। যোৱা নিশাৰে পৰা পথটোৰে যাতায়াত আৰম্ভ কৰা হৈছে। উল্লেখযোগ্য যে ধাৰাসাৰ বৰষুণৰ ফলত মেঘালয়ৰ লুমছমত হোৱা ভূমিস্খলনৰ ফলত পাহাৰৰ পৰা নামি অহা বোকা মাটিয়ে ৰাষ্ট্ৰীয় ঘাইপথটোৰ কেইবা মিটাৰ অংশ খহাই পেলোৱাৰ ফলত পথটোৰে যাতায়াত সম্পূর্ণ বন্ধ হৈ পৰিছিল। ইয়াৰ ফলত পথৰ দুয়োকাষে ভালেসংখ্যক বাহন আবদ্ধ হৈ পৰিছিল। ইয়াৰ ফলস্বৰূপে বৰাক উপ্যতকাৰ লগতে চুবুৰীয়া মণিপুৰ, মিজোৰাম, ত্ৰিপুৰা আৰু ৰাজ্য তথা দ...

July 2, 2024 7:47 PM

views 70

দেশৰ জনসাধাৰণক ন্যায় প্ৰদানৰ লগতে নাগৰিকৰ সুৰক্ষা নিশ্চিত কৰাৰ উদ্দেশ্যে সোমবাৰৰ পৰা দেশত ৩ খন নতুন আইন বলবৎ

দেশৰ জনসাধাৰণক ন্যায় প্ৰদানৰ লগতে নাগৰিকৰ সুৰক্ষা নিশ্চিত কৰাৰ উদ্দেশ্যে কালিৰে পৰা দেশত তিনিখন নতুন আইন বলবৎ হৈছে। ভাৰতীয় ন্যায় সংহিতা, ভাৰতীয় নাগৰিক সুৰক্ষা সংহিতা আৰু ভাৰতীয় সাক্ষ্য অধিনিয়ম শীর্ষক এই আইন কেইখনে ন্যায় প্ৰদান আৰু সাক্ষ্য গ্রহণ প্ৰক্ৰিয়াত কেতবোৰ নতুনত্বৰ সঞ্চাৰ কৰি সমগ্ৰ প্ৰক্ৰিয়াটো পূৰ্বতকৈ সূচল কৰি তুলিব বুলি আশা কৰা হৈছে। নতুন আইন অনুসৰি আৰক্ষীয়ে এতিয়া কোনোধৰণৰ স্পষ্টিকৰণ অবিহনে ২৪ ঘণ্টাৰ বাবে সন্দেহজনক অভিযুক্তক আটক কৰিব পাৰে। আনহাতে পলাতক অৱস্থাত থকা অপৰাধীৰ বিৰু...

July 2, 2024 6:57 PM

views 55

১৫ জুলাইলৈকে ভাৰত-থাইলেণ্ড যৌথ সামৰিক অনুশীলনৰ ‘মৈত্ৰী কাৰ্যসূচীৰ বাবে ভাৰতীয় সামৰিক বাহিনীৰ জোৱানৰ এটা দল থাইলেণ্ডলৈ ৰাওনা

থাইলেণ্ডৰ টাক্ প্ৰদেশৰ ফ'ৰ্ট বাচিৰাপ্ৰকানত চলিত মাহৰ পহিলা তাৰিখৰ পৰা অহা ১৫ জুলাইলৈ অনুষ্ঠিত হোৱা ভাৰত-থাইলেণ্ড যৌথ সামৰিক অনুশীলনৰ ত্ৰয়োদশ সংস্কৰণ ‘মৈত্ৰী কাৰ্যসূচীৰ বাবে ভাৰতীয় সামৰিক বাহিনীৰ জোৱানৰ এটা দল দেশখনলৈ কালি ৰাওনা হৈছে। প্ৰতিৰক্ষা মন্ত্ৰ্যালয়ে জনোৱা মতে ৭৬ জন জোৱানক লৈ ভাৰতীয় সেনা বাহিনীৰ বেটেলিয়নৰ লাডাখ স্কাউটৰ আৰু অন্যান্য অস্ত্ৰ-শস্ত্ৰ সেৱাৰ লোকে প্রতিনিধিত্ব কৰিছে। থাইলেণ্ড সেনাবাহিনীৰ ৭৬ জনীয়া জোৱানৰ দলটোত মূলতঃ প্রথম বেটেলিয়ন, চতুৰ্থ ডিভিজনৰ ১৪ গৰাকী ইনফেণ্টি ৰেজিমেণ্ট...

June 28, 2024 6:48 PM

views 52

শিৱসাগৰত খাদ্য আৰু অসামৰিক যোগান, পঞ্চায়ত আৰু অসম ৰাজ্যিক জীৱিকা অভিযানৰ কাম-কাজৰ পৰ্যালোচনা মন্ত্ৰী ৰঞ্জিত কুমাৰ দাসৰ

পঞ্চায়ত আৰু গ্ৰামোন্নয়ন মন্ত্ৰী ৰঞ্জিত কুমাৰ দাসে আজি শিৱসাগৰত খাদ্য আৰু অসামৰিক যোগান, পঞ্চায়ত আৰু অসম ৰাজ্যিক জীৱিকা অভিযানৰ কাম-কাজৰ পৰ্যালোচনা কৰে। শিৱসাগৰ জিলা আয়ুক্ত কাৰ্যালয়ৰ চ্যুকাফা ভৱনত অনুষ্ঠিত পৰ্যালোচনা সভাত অংশগ্ৰহণ কৰাৰ পাছত মন্ত্ৰী দাসে সংবাদ মাধ্যমৰ সৈতে হোৱা কথা-বতৰাত অসমত প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ অধীনত নিৰ্ধাৰিত ২০ লাখ ঘৰৰ ভিতৰত ১৮ লাখ ৬০ হাজাৰৰ নিৰ্মাণ সম্পূৰ্ণ হৈছে বুলি উল্লেখ কৰে। ইয়াৰ উপৰি তেওঁ বজাৰসমূহৰ মহলদাৰ ব্যৱস্থা সম্পূৰ্ণ ৰূপে বাতিল কৰা হ'ব বুলি জানিবলৈ দিয়ে...

June 28, 2024 6:31 PM

views 43

মাজুলী জিলা শিশু সুৰক্ষা গোটৰ উদ্যোগত সজাগতা সভা

মাজুলী জিলা শিশু সুৰক্ষা গোটৰ উদ্যোগত আৰু বৰগুৰি যোৰবিল ৰূপজ্যোতি উচ্চ মাধ্যমিক বিদ্যালয় আৰু জেংৰাই বালিচাপৰি ৰংগমঞ্চৰ কৰ্মকৰ্তাৰ সহযোগত শিশু সুৰক্ষাৰ সন্দৰ্ভত কালি দুখনকৈ সজাগতা সভা অনুষ্ঠিত হয়। সভাত মাজুলী জিলাৰ সহকাৰী আয়ুক্ত তথা জিলা শিশু সুৰক্ষা বিষয়া আৰু কেইবাগৰাকীও সমাজকর্মী উপস্থিত থাকে।

June 28, 2024 12:39 PM

views 39

তেজপুৰত ড্ৰাগছৰ অপব্যৱহাৰ আৰু অবৈধ সৰবৰাহ বিৰোধী আন্তৰ্জাতিক দিৱস পালন

তেজপুৰত ড্ৰাগছৰ অপব্যৱহাৰ আৰু অবৈধ সৰবৰাহ বিৰোধী আন্তৰ্জাতিক দিৱস পালন কৰা হয়। এই উপলক্ষে তেজপুৰৰ লোকপ্ৰিয় গোপীনাথ বৰদলৈ আঞ্চলিক মানসিক স্বাস্থ্য প্ৰতিষ্ঠানত ৰাষ্ট্ৰীয় পৰ্যায়ৰ দুদিনীয়া কাৰ্যসূচী অনুষ্ঠিত কৰা হৈছে। এই বছৰৰ এই দিৱসৰ বিষয়বস্তু হৈছে প্ৰমাণ স্পষ্টঃ প্ৰতিৰোধৰ বাবে হাত আগবঢ়াওক। আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ আলোচনাচক্ৰত দেশৰ আগশাৰীৰ কেইবাগৰাকীও মনোৰোগ বিশেষজ্ঞ উপস্থিত থাকে।

June 28, 2024 12:11 PM

views 72

১ জুলাইত গুৱাহাটীৰ মাছখোৱাৰ প্ৰাগজ্যোতি সাংস্কৃতিক প্ৰকল্পত আকাশবাণী গুৱাহাটীৰ প্ৰতিষ্ঠা দিৱসৰ অনুষ্ঠান

আকাশবাণী গুৱাহাটীৰ ৭৭ সংখ্যক প্ৰতিষ্ঠা দিৱস আৰু আঞ্চলিক বাতৰি বিভাগৰ ৬৮সংখ্যক প্ৰতিষ্ঠা দিৱসৰ সৈতে সংগতি ৰাখি উচ্চতৰ মাধ্যমিকৰ পৰা স্নাতকোত্তৰ শাখাৰ ছাত্ৰ-ছাত্ৰীসকলৰ বাবে এখন বাতৰি পৰিবেশন প্রতিযোগিতাৰ আয়োজন কৰা হৈছে। আগ্রহীসকলে আকাশবাণীত প্ৰচাৰৰ উপযোগী বাতৰিৰ এটা ১ মিনিটৰ অডিঅ' বাণীবদ্ধ কৰি নিজৰ নাম, ঠিকনা, শিক্ষাগত অৰ্হতা আৰু শিক্ষানুষ্ঠানৰ নামসহ ৯৭১৬৬-৮০৯৬৯ আৰু ৯৬১৯৬-৮৬৬৫৯ নম্বৰলৈ WHATSAPP যোগে প্ৰেৰণ কৰিব পাৰিব। আজি সন্ধিয়া ৭ বজা পর্যন্ত অডিঅ' প্ৰেৰণ কৰিব পাৰিব। নির্বাচিত তিনিগৰাকী প্ৰতিযো...

June 28, 2024 12:07 PM

views 40

দেওবাৰে দিনৰ ১১ বজাত আকাশবাণীৰ ‘মন কী বাত’ অনুষ্ঠান

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে অহা দেওবাৰে দিনৰ ১১ বজাত আকাশবাণীৰ মন কী বাত অনুষ্ঠানৰ যোগেদি দেশ-বিদেশৰ জনসাধাৰণৰ সৈতে মনৰ ভাব ব্যক্ত কৰিব। এয়া হ'ব অনুষ্ঠানটিৰ ১১১ সংখ্যক আৰু শ্রীমোদী একেৰাহে তৃতীয়বাৰৰ বাবে প্রধানমন্ত্ৰী হিচাপে কাৰ্যভাৰ গ্ৰহণ কৰাৰ পাছত প্ৰথমটো খণ্ড। আকাশবাণী-দূৰদৰ্শনৰ সমগ্ৰ নেটৱৰ্কৰ লগতে আকাশবাণীৰ ৱেৱছাইট আৰু নিউজ অন এয়াৰ মোবাইল এপযোগে এই অনুষ্ঠান প্ৰচাৰ কৰা হ'ব। আকাশবাণী, দূৰদৰ্শন নিউজৰ উপৰি প্ৰধানমন্ত্ৰী কাৰ্যালয় আৰু তথ্য-সম্প্ৰচাৰ মন্ত্ৰালয়ৰ ইউটিউব চেনেলযোগেও এই অনুষ্ঠান...

June 27, 2024 6:51 PM

views 41

আকাশবাণী গুৱাহাটী আৰু আঞ্চলিক বাতৰি বিভাগৰ প্রতিষ্ঠা দিৱসৰ সংগতি ৰাখি বাতৰি পৰিবেশনৰ প্রতিযোগিতাৰ আয়োজন

আকাশবাণী গুৱাহাটীৰ ৭৭ সংখ্যক প্ৰতিষ্ঠা দিৱস আৰু আঞ্চলিক বাতৰি বিভাগৰ ৬৮ সংখ্যক প্রতিষ্ঠা দিৱসৰ সৈতে সংগতি ৰাখি উচ্চতৰ মাধ্যমিকৰ পৰা স্নাতকোত্তৰ শাখাৰ ছাত্ৰ-ছাত্ৰীসকলৰ বাবে এখন বাতৰি পৰিবেশন প্রতিযোগিতাৰ আয়োজন কৰা হৈছে। আগ্রহীসকলে আকাশবাণীত প্ৰচাৰৰ উপযোগী বাতৰিৰ এটা ১ মিনিটৰ অডিঅ’ বাণীবদ্ধ কৰি নিজৰ নাম, ঠিকনা, শিক্ষাগত অৰ্হতা আৰু শিক্ষানুষ্ঠানৰ নামসহ ৯৭১৬৬- ৮০৯৬৯ আৰু ৯৬১৯৬-৮৬৬৫৯ নম্বৰলৈ WHATSAPP যোগে প্ৰেৰণ কৰিব পাৰিব। কাইলৈ সন্ধিয়া ৭ বজা পর্যন্ত অডিঅ' প্ৰেৰণ কৰিব পাৰিব। নির্বাচিত তিনিগৰাকী প্ৰ...

June 25, 2024 8:45 PM

views 40

প্ৰেছ ইনফৰমেচন ব্যুৰ’ৰ উদ্যোগত উলুবাৰীত অসম আৰক্ষীৰ মুখ্য কাৰ্যালয়ত সংবাদমাধ্যমৰ কৰ্মশালা

অহা ১ জুলাইৰ পৰা দেশত বলৱৎ হ'বলগীয়া নতুন ফৌজদাৰী আইন সন্দৰ্ভত আজি প্ৰেছ ইনফৰমেচন ব্যুৰ’ৰ উদ্যোগত উলুবাৰীত থকা অসম আৰক্ষীৰ মুখ্য কাৰ্যালয়ত এখন সংবাদমাধ্যমৰ কৰ্মশালা অনুষ্ঠিত হয়। এই অনুষ্ঠানত পি আই বি উত্তৰ-পূৰ্বাঞ্চল মণ্ডলৰ সঞ্চালক প্রধান কে সতীশ নাম্বুদিৰিপাড়, অসম আৰক্ষীৰ অপৰাধ অনুসন্ধান শাখাৰ অতিৰিক্ত সঞ্চালক প্রধান মুন্না প্রসাদ গুপ্তাকে ধৰি কেইবাগৰাকীও ব্যক্তি উপস্থিত থাকে। অনুষ্ঠানত ভাষণ দি অতিৰিক্ত সঞ্চালক প্রধান শ্রীগুপ্তাই কয় যে, নতুন তিনিখন আইন ক্ৰমে ভাৰতীয় ন্যায় সংহিতা, ভাৰতীয় ন...