অহা ১ জুলাইৰ পৰা দেশত বলৱৎ হ’বলগীয়া নতুন ফৌজদাৰী আইন সন্দৰ্ভত আজি প্ৰেছ ইনফৰমেচন ব্যুৰ’ৰ উদ্যোগত উলুবাৰীত থকা অসম আৰক্ষীৰ মুখ্য কাৰ্যালয়ত এখন সংবাদমাধ্যমৰ কৰ্মশালা অনুষ্ঠিত হয়। এই অনুষ্ঠানত পি আই বি উত্তৰ-পূৰ্বাঞ্চল মণ্ডলৰ সঞ্চালক প্রধান কে সতীশ নাম্বুদিৰিপাড়, অসম আৰক্ষীৰ অপৰাধ অনুসন্ধান শাখাৰ অতিৰিক্ত সঞ্চালক প্রধান মুন্না প্রসাদ গুপ্তাকে ধৰি কেইবাগৰাকীও ব্যক্তি উপস্থিত থাকে। অনুষ্ঠানত ভাষণ দি অতিৰিক্ত সঞ্চালক প্রধান শ্রীগুপ্তাই কয় যে, নতুন তিনিখন আইন ক্ৰমে ভাৰতীয় ন্যায় সংহিতা, ভাৰতীয় নাগৰিক সুৰক্ষা সংহিতা আৰু ভাৰতীয় সাক্ষ্য অধিনিয়মৰ জৰিয়তে নাগৰিকক ন্যায় দিয়াৰ প্ৰচেষ্টা হাতত লোৱা হৈছে। নতুন আইনত মহিলা আৰু শিশুৰ বিৰুদ্ধে অপৰাধৰ বাবে বিশেষ অধ্যায় সন্নিবিষ্ট কৰা হৈছে। এই ক্ষেত্ৰত দুমাহৰ ভিতৰত তদন্ত কৰি অভিযোগনামা দাখিল কৰাৰ ব্যৱস্থা ৰখাৰ লগতে শূন্য সহনশীল নীতিৰে গণধৰ্ষণৰ দৰে ঘটনাত জড়িত অভিযুক্তক মৃত্যু দণ্ডৰ বিধান ৰখা হৈছে। নতুন আইনত ইলেকট্রনিক মাধ্যমেৰে এজাহাৰ দাখিলৰ ব্যৱস্থা, যিকোনো থানাতেই ভুক্তভোগীয়ে এজাহাৰ দাখিল কৰিব পৰা ব্যৱস্থা, ফৰেনচিক বিজ্ঞান আৰু প্ৰযুক্তিৰ জড়িয়তে তদন্ত কৰা, অডিঅ’-ভিডিঅ’ মাধ্যমেৰে স্বীকাৰোক্তি গ্ৰহণ কৰা আদি কেতবোৰ নতুন ব্যৱস্থা সন্নিবিষ্ট কৰা হৈছে।
Assamese | June 25, 2024 8:45 PM | Air news Guwahati | Akashvani | news Media | PIB
প্ৰেছ ইনফৰমেচন ব্যুৰ’ৰ উদ্যোগত উলুবাৰীত অসম আৰক্ষীৰ মুখ্য কাৰ্যালয়ত সংবাদমাধ্যমৰ কৰ্মশালা